ফেব্ৰুৱাৰী মাহত দেখা যাব শক্তিশালী চতুৰ্গ্ৰহী ৰাজযোগ, এই ৩ ৰাশিয়ে দেখিব সৌভাগ্যৰ পথ

এই বিশেষ সময়ছোৱা অত্যন্ত শুভ আৰু ফলদায়ক হিচাপে জ্ঞান কৰা হয়। এই যোগৰ প্ৰভাৱত ভিন্ন ৰাশিৰ জাতকসকলে সুখ, ঐশ্বৰ্য আৰু মান-সন্মান লাভ কৰে। এই চতুৰ্গ্ৰহী ৰাজযোগৰ ফলত ৩টা ৰাশিৰ লোকে বিশেষ সুফল লাভ কৰিব। জানো আহক এইবিষয়ে।

ফেব্ৰুৱাৰী মাহত দেখা যাব শক্তিশালী চতুৰ্গ্ৰহী ৰাজযোগ, এই ৩ ৰাশিয়ে দেখিব সৌভাগ্যৰ পথ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

09 Jan 2026 | 03:21 PM

নতুন বছৰ ২০২৬ৰ এটা সপ্তাহ ইতিমধ্যে পাৰ হৈ গৈছে যদিও এই বছৰটোক লৈ সকলোৰে মাজত উৎসাহ-উদ্দীপনা অব্যাহত আছে। একেদৰে অব্যাহত আছে বছৰটোৰ আগন্তুক সময়ছোৱা কিদৰে পাৰ হ’ব, তাৰ এক সম্ভাৱ্য আগজাননী জানি লোৱাৰ হেঁপাহ। জ্যোতিষীসকলে এই ২০২৬ চনটোক লৈ বহু আগজাননী কৰিছে। এনে ভৱিষ্যদ্বাণী মতে চলিত এই জানুৱাৰী মাহটো গ্ৰহ-নক্ষত্ৰৰ গতি তথা অৱস্থানৰ বাবে বিশেষ ৰূপে দেখা গৈছে। ঠিক তেনেদৰে আগন্তুক ফেব্ৰুৱাৰী মাহটোও অতি গুৰুত্বপূৰ্ণ হ’ব বুলি আগজাননী কৰিছে জ্যোতিষীসকলে।

জ্যোতিষ মতে ফেব্ৰুৱাৰী মাহত কেইবাটাও ডাঙৰ গ্ৰহৰ অৱস্থানৰ পৰিৱৰ্তন হ’ব, ফলত কেইবাটাও বিৰল সংযোগ সৃষ্টি হ’ব। এই শুভ সংযোগসমূহৰ ভিতৰত অন্যতম হৈছে চতুৰ্গ্ৰহী ৰাজযোগ। জ্যোতিষ বিশেষজ্ঞসকলৰ মতে, ফেব্ৰুৱাৰী মাহত সূৰ্য, বুধ, মঙল আৰু শুক্ৰ— এই চাৰিটা গ্ৰহ একেলগে কুম্ভ ৰাশিত অৱস্থান কৰিব।

বৈদিক জ্যোতিষত চাৰিটা গ্ৰহৰ এই মিলনক ‘চতুৰ্গ্ৰহী ৰাজযোগ’ বুলি কোৱা হয়, এই বিশেষ সময়ছোৱা অত্যন্ত শুভ আৰু ফলদায়ক হিচাপে জ্ঞান কৰা হয়। এই যোগৰ প্ৰভাৱত ভিন্ন ৰাশিৰ জাতকসকলে সুখ, ঐশ্বৰ্য আৰু মান-সন্মান লাভ কৰে। এই চতুৰ্গ্ৰহী ৰাজযোগৰ ফলত ৩টা ৰাশিৰ লোকে বিশেষ সুফল লাভ কৰিব। জানো আহক এইবিষয়ে-

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকসকলৰ বাবে এই ৰাজযোগে কেৰিয়াৰত এক ডাঙৰ উত্থান আনিব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতি, নতুন দায়িত্ব লাভ বা বি বিচৰা ধৰণে বদলি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন চুক্তি আৰু অংশীদাৰিত্বৰ পৰা লাভান্বিত হ’ব। এই সময়ছোৱাত আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি পাব, যাৰ ফলত সমাজত আপোনাৰ মান-সন্মান বাঢ়িব।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই যোগ ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত অতি শুভ প্ৰমাণিত হ’ব। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিনিয়োগৰ পৰা ভাল লাভৰ মুখ দেখিব। পৰিয়ালত সুখ-শান্তি বিৰাজ কৰিব। নতুন ঘৰ বা বাহন ক্ৰয়ৰ বাবে কৰা পৰিকল্পনা সফল হ’ব পাৰে।

কুম্ভ ৰাশি

কুম্ভ ৰাশিতেই এই চতুৰ্গ্ৰহী ৰাজযোগ সৃষ্টি হ’ব বাবে এই ৰাশিৰ জাতকসকলে কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ আৰু আদালতৰ গোচৰত সফলতা পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ আঁচনিসমূহে স্বীকৃতি পাব। আৰ্থিক অৱস্থা উন্নত হ’ব। ব্যৱসায়ীসকলে কোনো ডাঙৰ অৰ্ডাৰ পাব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আপোনাৰ পক্ষত যাব।

গৰম পানীৰ সৈতে মিহলাই খাওক ঘিউ, লাভ কৰিব এনে যাদুকৰী উপকাৰিতা
নিতে পুৱা গ্ৰহণ কৰক এনে পানীয়, আপোনাৰ কিডনী হৈ থাকিব সমস্যামুক্ত
তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ