ধন, স্বাস্থ্য, চাকৰি! ২০২৬ চনত ‘অংগৰক যোগ’এ সমস্যা আনিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ…
গ্ৰহই যেনেকৈ শুভ সংযোগ গঠন কৰে ঠিক তেনেকৈ অশুভ সংযোগো গঠন কৰে। ২০২৬ চনত এক অশুভ সংযোগ গঠন হ'বলৈ গৈ আছে। যি কিছুমান ৰাশিৰ বাবে বেয়া। এই সময়চোৱাত ধন, স্বাস্থ্য আদি সকলো দিশত সাৱধান হোৱা ভাল।

অংগৰক যোগ
জ্যোতিষত অশুভ গ্ৰহ সংযোগক বিশেষ গুৰুত্ব দিয়া হয়। কিয়নো ইয়াৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে। ২০২৬ চনত “অংগৰক যোগ” (Angarak YOG)নামৰ এক অশুভ সংযোগ গঠন হ’ব। গ্ৰহ সেনাপতি মংগল আৰু ৰাহুৰ সংমিশ্ৰণত গঠিত এই যোগে কিছুমান ৰাশিৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ ৩ টা ৰাশিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।
অংগৰক যোগ কি?
জ্যোতিষ অনুসৰি,মংগল গ্ৰহই যেতিয়া ছাঁয়াগ্ৰহ ৰাহুৰ সৈতে মিলি যায় তেতিয়া ইয়াক “অংগৰক যোগ” বুলি কোৱা হয়। মংগলক শক্তি, সাহস, ক্ৰোধ, দুৰ্ঘটনাৰ কাৰণ বুলি কোৱা হয়, ইফালে ৰাহুৱে মায়া, প্ৰতাৰণা, হঠাৎ ঘটা ঘটনা আৰু অনিশ্চয়তাক প্ৰতিনিধিত্ব কৰে। গতিকে মংগল আৰু ৰাহুৰ সংযোগে কিছুমান ৰাশিৰ জীৱনত সমস্যা আনিব পাৰে।
কেতিয়া এই যোগ
২০২৬ চনত ‘অংগৰক যোগ’ৰ মূল আৰু দীঘলীয়া সময়ছোৱা সক্ৰিয় হ’ব যেতিয়া মংগল আৰু ৰাহু কুম্ভ ৰাশিত একেলগে থাকিব। ৰাহু গোটেই বছৰটো কুম্ভ ৰাশিত থাকিব। কিন্তু মংগলে মাজে মাজে অন্য ৰাশিত প্ৰৱেশ কৰিব। যেতিয়া মংগল আৰু ৰাহু একলগ হ’ব তেতিয়া অংগৰক যোগ সক্ৰিয় হৈ উঠিব।
কি ৩ ৰাশিৰ বাবে বেয়া
কৰ্কট ৰাশিঃ এই সময়চোৱাত স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে আৰু মানসিক অশান্তি হ’ব পাৰে। হঠাতে আঘাত পাত পাৰে, তেজৰ লগত জড়িত সমস্যা, গুপ্ত ৰোগৰ সমস্যা হ’ব পাৰে। বাহন চলাওতে সাৱধনা হ’ব। ইয়াৰোপৰি ভয় তথা উদ্বেগ বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সৈতে বিবাদ হ’ব পাৰে।
কন্যা ৰাশিঃ এই ৰাশিৰ বাবে আৰ্থিক আৰু কৰ্মক্ষেত্ৰত ক্ষতি হ’ব পাৰে। বিনিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা দৰকাৰ। অপ্ৰয়োজনীয় খৰচ বাঢ়িব। ধনৰ সমস্যা আহিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। আপোনাৰ ভাবমূৰ্তি নষ্ট হ’ব পাৰে। শত্ৰুই সমস্যা আনিব পাৰে।
কুম্ভ ৰাশিঃ যিহেতু এই যোগ কুম্ভ ৰাশিত গঢ় লৈ উঠিছে (গোটেই বছৰ কুম্ভ ৰাশিত ৰাহু আৰু মংগল গ্ৰহৰ পৰিৱৰ্তন), গতিকে এই ৰাশিৰ স্থানীয় লোকসকলে সৰ্বাধিক সমস্যা পাব পাৰে। সংগীৰ সৈতে মতানৈক্য হ’ব পাৰে। সম্পৰ্ক ভঙাৰ সম্ভাৱনা আছে। খঙৰ ফলত ডাঙৰ সমস্যা আহিব পাৰে।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ এই তাৰিখত জন্ম লাভ কৰাসকল অত্যন্ত ভাগ্যশালী! সহজে হয় উন্নতি, জানক সকলো…