Aghori baba: কি খাই, কেনেকৈ থাকে! জানক অঘোৰী বাবাৰ বিষয়ে বহু নজনা কথা…

Aghori baba: বৰ্তমান প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ ২০২৫। ত্ৰিবেণী সংগমত স্নান কৰিবলৈ লাখ লাখ ভক্তই ভিৰ কৰিছে। এই মহাকুম্ভৰ অন্যতম আকৰ্ষণ হ'ল অঘোৰী বাবা আৰু নাগা বাবা।

Aghori baba: কি খাই, কেনেকৈ থাকে! জানক অঘোৰী বাবাৰ বিষয়ে বহু নজনা কথা...

অঘোৰী বাবা

Published: 

14 Jan 2025 16:26 PM

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৰ্তমান সময়ত চলি আছে মহাকুম্ভ ২০২৫। মহাকুম্ভৰ প্ৰথম দিনটোত (১৩ জানুৱাৰী) ৬০ লাখৰো অধিক ভক্তই ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰে। আজি স্নানৰ দ্বিতীয় দিন। এই দিনটোতো লাখ লাখ ভক্তই স্নান কৰিবলৈ মহাকুম্ভত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ কেইবাখনো দেশৰ লাখ লাখ ভক্তই মহাকুম্ভ মেলাত অংশ গ্ৰহণ কৰিছে। মহাকুম্ভৰ অন্যতম আকৰ্ষণ হ’ল অঘোৰী বাবা আৰু নাগা বাবা। অঘোৰী বাব সন্দৰ্ভত বহুতৰ মনত বহু প্ৰশ্ন উত্থাপন হয়।

সঁচাকৈ অঘোৰী বাবাই মানুহৰ মাংস খাই নেকি? কিয় নৰ মুণ্ডা তেওঁলোকে ডিঙিত ৰাখে? এওঁলোকৰ অন্তিম সৎকাৰ কেনেকৈ হয়?  এই লেখাটোত অঘোৰী বাবাৰ এনে বহু নজনা কথা উল্লেখ কৰা হ’ল।

মৃত্যুৰ পাছত কি হয়

অঘোৰী বাবা সন্দৰ্ভত কোৱা যায় যে, তেওঁলোকে ধৰ্ম ৰক্ষাৰ বাবে সকলোতকৈ আগত থাকে। ইয়াৰোপৰি অঘোৰী বাবাৰ মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ জ্বলোৱা নহয়, বা কবৰ দিয়া নহয়। অঘোৰী বাবাৰ মৃত্যু হ’লে মৃতদেহটো চৌকড়ী কৰি ওলোটাকৈ বন্ধা হয়। অৰ্থাৎ মূৰটো তলৰ পিনে আৰু ভৰি কেইখন ওপৰৰ পিনে থাকে। পাছত মৃতদেহটোত পোকে ধৰালৈ ৪০ দিন অপেক্ষা কৰা হয়।

তাৰ পাছত মৃতদেহটো তাৰ পৰা উলিওৱা হয়। মৃতদেহটোৰ আধা অংশ গংগা নদীত বিসৰ্জন দিয়া হয়। ইয়াৰোপৰি মূৰৰ অংশ অন্য অঘোৰী বাবাসকলে সাধনাৰ বাবে ব্যৱহাৰ কৰে। কিছুমান অঘোৰীয়ে সাধনাৰ পাছত মূৰৰ অংশ নিজৰ লগত ৰাখে অথবা গংগাত বিসৰ্জন দিয়ে। মান্যতা অনুসৰি, এনে কৰিলে অঘোৰী বাবাৰ সকলো পাপ খণ্ডন হয়।

গৰু মাংস নাখায়

মান্যতা অনুসৰি, অঘোৰী বাবাসকলে মানুহৰ মাংস খাই কিন্তু গৰুৰ মাংস নাখায়। ইয়াৰ বাহিৰে বাকী সকলো খায়। অঘোৰী বাবাসকলে মানুহৰ মল-মূত্ৰৰ পৰা মৰা মানুহ, জন্তুৰ মাংসলৈ সকলো খায়। আঘোৰ পন্থাত শ্মশানস্থলী সাধনাৰ বিশেষ গুৰুত্ব আছে, সেয়েহে তেওঁলোকে শ্মশানস্থলীত থকাটো পছন্দ কৰে।দাহস্থলীত সাধনা কৰিলে অতি সোনকালে ফল পোৱা যায় বুলি কোৱা হয়।

ৰঙা চকু

অঘোৰী বাবাসকলক বহু জেদী বুলি কোৱা হয়। যদি তেওঁলোকে কিবা কৰিম বুলি ভাৱে সেই কথাত অটল হৈ থাকে। অঘোৰী বাবাসকলে নিজৰ খং শান্ত কৰিবলৈ যিকোনো কামেই কৰিব পাৰে। বেছিভাগ অঘোৰী বাবাৰ চকু ৰঙা। তেওঁলোকৰ চকুলৈ চালে এনে লাগে যে তেওঁলোকে খঙত আছে, কিন্তু তেওঁলোকৰ মন অতি ভাল, শান্ত প্ৰকৃতিৰ। অঘোৰী বাবাই সাধাৰণ মানুহৰ লগত বেছি যোগাযোগ নাৰাখে। তেওঁলোকৰ সৈতে শিষ্যসকল থাকে। অঘোৰী বাবাসকলে ভগৱান শিৱক পূজা কৰে আৰু শিৱৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে।

 

অন্য খবৰ পঢ়কঃ মহিলা নাগা সন্ন্যাসীয়ে কাপোৰ পৰিধান কৰিব পাৰেনে? জানক কিছু নজনা কথা…

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা