শুক্ৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? কষ্ট পাব পাৰে এইসকলে! চাওক আজিৰ ৰাশিফল…

Today's horoscope: হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ বিশেষ মহত্ব আছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা থাকে। আজিৰ দিনটোত কিছুমানৰ বাবে কিছু ভাল যোগ আছে।

শুক্ৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? কষ্ট পাব পাৰে এইসকলে! চাওক আজিৰ ৰাশিফল…

আজিৰ দিনটোৰ ৰাশিফল

Published: 

09 May 2025 05:09 AM

ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু গোটেই দিনটো সংঘটিত হোৱা শুভ আৰু অশুভ ঘটনাৰ বিষয়ে এক ভৱিষ্যতবাণী প্ৰদান কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কাৰ ভাগ্যত কি আছে।

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। সন্তানে পৰীক্ষাত সফলতা লাভ কৰিব। ভাই-ভগ্নীৰ মাজৰ সম্পৰ্ক উন্নত হ’ব। সংগীয়ে যদি কোনো সমস্যাত ভুগি আছে তেন্তে সেয়া দূৰ হ’ব। কৰ্মক্ষেত্ৰত কোনো নতুন চেষ্টা কৰিব। কোনো আপোনজনে আপোনাক বিশ্বাসঘাটকতা কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশি: আজি আপোনাৰ ব্যৱসায়িক কামত কিছু ডাঙৰ পৰিৱৰ্তন কৰিব পাৰিব। সহকৰ্মীয়ে আপোনাক কামত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। যাৰ বাবে আপুনি সময়ৰ পূৰ্বেই আপোনাৰ কিছু কাম সম্পূৰ্ণ কৰিব। আপোনাৰ ভাই-ভনীৰ লগত ভালদৰে মিলিব পাৰিব। আপোনাৰ পত্নীয়ে আপোনাক সমৰ্থন কৰিব। একে সময়তে একাধিক কামৰ দায়িত্ব ল’লে আপোনাৰ সমস্যা বাঢ়িব পাৰে। নতুন ঘৰ আৰু সম্পত্তি ক্ৰয় কৰিব পাৰে, যিটো আপোনাৰ বাবে ভাল হ’ব।

মিথুন ৰাশি: আজিৰ দিনটোত আপুনি ভালদৰে চিন্তা কৰি কামবোৰ কৰিব লাগিব। পৰিয়ালত নতুন অতিথি আহিব পাৰে। ঘৰলৈ কিছুমান নতুন ইলেক্ট্ৰনিক বস্তু আহিব পাৰে। প্ৰয়োজনীয়তা চাই খৰচ কৰিলে আপোনাৰ বাবে ভাল। আপোনাৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। কিছুমান বিশেষ মানুহ লগ পাব। যিয়ে আপোনাৰ ব্যৱসায়ত সহায় কৰিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। চৰকাৰী কোনো কামত টকা ব্যয় কৰিব পাৰে। সম্পত্তিক লৈ বিবাদ হ’ব পাৰে। কাজিয়াৰ পৰা আঁতৰি থাকক। পুৰণি বন্ধুক বহু দিনৰ পাছত লগ পাব। চাকৰি কৰা সকলৰ বাবে দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপুনি কোনো ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। দায়িত্বক লৈ অধিক পৰিশ্ৰম কৰিব লাগিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। কোনো কাম অসম্পূৰ্ণ হ’ব পাৰে। যাৰ বাবে আপোনাৰ চিন্তা বৃদ্ধি পাব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। কামৰ ক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাত কৃপনালী নকৰিব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকা সকলৰ বাবে দিনটো ভাল। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। পাবলগীয়া ধন ঘূৰাই পাব পাৰে। সংগীৰ কথাত গুৰুত্ব দিব। আইনী দিশত সাৱধান হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। যদি কোনো আইনী বিষয়ত চেষ্টা চলাই আছিল তেন্তে সফলতা লাভ কৰিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। নতুন কোনো কামত চেষ্টা কৰিব। ধন সম্পৰ্কীয় দিশত গুৰুত্ব দিব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশি: চিন্তাশীলভাৱে কামবোৰ কৰাৰ দিন হ’ব। খৰখেদা কৰাৰ বাবে ভুল হ’ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ সন্দৰ্ভত অসাৱধানতা প্ৰকাশ নকৰিব। পত্নীয়ে নতুন চাকৰি পালে আপুনি সুখী হ’ব। ঘৰ, অট্টালিকা আদি ৰং কৰাৰ পৰিকল্পনা কৰিব পাৰে। কাৰোবাৰ লগত কাজিয়া হ’ব পাৰে। মাকক লৈ যাব পাৰি মাতৃৰ ফালৰ মানুহক লগ কৰিবলৈ।

ধনু ৰাশি: ধন-সম্পত্তি বৃদ্ধি আৰু সমৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। আৰ্থিক লাভ পোৱাৰ পিছত আপুনি অত্যন্ত সুখী হ’ব। আপোনাৰ পত্নীয়ে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। যদি কাজিয়া বা কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে আপুনি মনে মনে থকা উচিত। আপুনি এটা ঘৰ, ফ্লেট আদি কিনাৰ পৰিকল্পনা কৰিব পাৰে। সন্তানক কিবা দায়িত্ব দিয়ে তেন্তে তেওঁলোকে নিশ্চয় সেই দায়িত্ব পালন কৰিব।

মকৰ ৰাশি: ইতিবাচক ফলাফল কঢ়িয়াই আনিবলৈ গৈ আছে। আনৰ বিষয়ত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ কৰা উচিত নহয়। কোনো আইনী বিষয়ত আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। আপোনাৰ যিকোনো ইচ্ছা পূৰণ হ’ব। যিকোনো ব্যৱসায়িক চুক্তি চূড়ান্ত হোৱাৰ আগতেই পলম হ’ব পাৰে । কৰ্মক্ষেত্ৰত আপোনাৰ কোনোবা সহকৰ্মীয়ে আপোনাক প্ৰতাৰণা কৰিব পাৰে।

কুম্ভ ৰাশিঃ গৰ্ভৱতী মহিলা সমুহ ঘুৰা-ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ। দূৰণিবটীয়া যাত্ৰা ৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হ’ব পাৰে। কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ’ব পাৰিব। আনৰ লগত কথা পাতিলে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। প্ৰেমত মধ্যমীয়া।

মীন ৰাশিঃ জীৱন সংগীৰ স্বাস্থ্যৰ ওপৰত ভাল ভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে, তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱাৰ বাবে বহুত সময় পাব, কিন্তু আপোনাৰ স্বাস্থ্য আজি বেয়া হ’ব পাৰে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension