ভাল খবৰ, শ্ৰেষ্ঠ টেষ্ট বলাৰৰ স্থান দখল যশপ্ৰীত বুমৰাহৰ | Jasprit Bumrah Makes History as No.1 Indian Test Bowler in ICC Rankings Assam news - Assam Tv9

বছৰৰ প্ৰথম দিনটোতে ইতিহাস সৃষ্টি , শ্ৰেষ্ঠ টেষ্ট বলাৰৰ স্থান দখল কৰিলে বুমৰাহে…

Updated On: 

01 Jan 2025 14:47 PM

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৫ বৰ্ষৰ প্ৰথম ৰেংকিং তালিকা প্ৰকাশ কৰিছে। এই ৰেংকিঙত ইতিহাস ৰচনা কৰিছে যশপ্ৰীত বুমৰাহে। শেহতীয়াকৈ বুমৰাহে মেলবৰ্ণ টেষ্টত ৯টা উইকেট দখল কৰে। এই শক্তিশালী প্ৰদৰ্শনে তেওঁক ৰেংকিং আপডেটত ১ নম্বৰ টেষ্ট বলাৰ হিচাপে পৰিগণিত কৰিছে ।

1 / 5বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে টিম ইণ্ডিয়াৰ পেচাৰ যশপ্ৰীত বুমৰাহে। এই শৃংখলাত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ বাহিৰেও তেওঁ কিছুদিন ধৰি আই চি চি টেষ্ট ৰেংকিঙত ১ নম্বৰ বলাৰৰ স্থান দখল কৰি আহিছে ।

বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত আচৰিত ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে টিম ইণ্ডিয়াৰ পেচাৰ যশপ্ৰীত বুমৰাহে। এই শৃংখলাত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ বাহিৰেও তেওঁ কিছুদিন ধৰি আই চি চি টেষ্ট ৰেংকিঙত ১ নম্বৰ বলাৰৰ স্থান দখল কৰি আহিছে ।

2 / 5

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৫ বৰ্ষৰ প্ৰথম ৰেংকিং তালিকা প্ৰকাশ কৰিছে। এই ৰেংকিঙত ইতিহাস ৰচনা কৰিছে যশপ্ৰীত বুমৰাহে। শেহতীয়াকৈ বুমৰাহে মেলবৰ্ণ টেষ্টত ৯টা উইকেট দখল কৰে। এই শক্তিশালী প্ৰদৰ্শনে তেওঁক ৰেংকিং আপডেটত ১ নম্বৰ টেষ্ট বলাৰ হিচাপে পৰিগণিত কৰিছে ।

3 / 5

যশপ্ৰীত বুমৰাহৰ এতিয়া ৯০৭ ৰেটিং পইণ্ট। ইয়াৰ লগে লগে তেওঁ আইচিচিৰ ৰেংকিঙৰ ইতিহাসৰ সৰ্বোচ্চ ৰেংকিঙৰ ভাৰতীয় টেষ্ট বলাৰ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ভাৰতৰ কোনো বলাৰেই টেষ্ট ৰেংকিঙত ইমান ৰেটিং পইণ্ট লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

4 / 5

যশপ্ৰীত বুমৰাহৰ পূৰ্বে আৰ অশ্বিন আছিল আই চি চি ৰেংকিঙৰ ইতিহাসত সৰ্বোচ্চ ৰেংকিঙৰ ভাৰতীয় টেষ্ট বলাৰ। ২০১৬ চনৰ ডিচেম্বৰ মাহত অশ্বিনে ৯০৪ ৰেটিং পইণ্টৰ সংখ্যা স্পৰ্শ কৰিছিল।

5 / 5

একে সময়তে বিশ্বৰ সকলো বলাৰৰ শ্ৰেষ্ঠ ৰেটিঙৰ তালিকাত ইংলেণ্ডৰ ডেৰেক আণ্ডাৰউডৰ সৈতে যৌথভাৱে ১৭ নম্বৰ স্থানত আছে বুমৰাহ।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…