04 Aug 2024 15:38 PM
নিজ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল অভিনেত্ৰী দলজিৎ কৌৰৰ। বিবাদৰ বাবে বিয়াৰ কেইমাহমান পাছতেই অভিনেত্ৰীগৰাকী কেনিয়াৰ পৰা ভাৰতলৈ গুচি আহিছিল। এতিয়া অভিনেত্ৰীগৰাকীয়ে স্বামী নিখিল পেটেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁৰ এজাহাৰত নিখিলৰ বিৰুদ্ধে নিষ্ঠুৰতা আৰু অপৰাধমূলক ঠগ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
২ আগষ্টত মুম্বাইৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে অভিনেত্ৰীগৰাকীয়ে। ছ'চিয়েল মিডিয়াত এই বিষয়ে পোষ্টো কৰে তেওঁ। এজাহাৰত স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে। ভাৰতীয় ন্যায়িক সংহিতাৰ ধাৰা ৮৫ আৰু ৩১৬(২)ৰ অধীনত এজাহাৰ দাখিল কৰা হৈছে।
দলজিৎ আৰু নিখিল পেটেলৰ বিয়া বিগত বৰ্ষৰ মাৰ্চত মাহত হৈছিল। এয়া দলজিত আৰু নিখিলৰ দ্বিতীয় বিবাহ আছিল। কিন্তু এবছৰ নৌহওতেই দলজিৎ কেনিয়াৰ পৰা ভাৰতলৈ আহে।
প্ৰথম অৱস্থাত বিবাদক লৈ কোনো মুখ খোলা নাছিল যদিও পৰৱৰ্তী সময়ত দলজিৎ কৌৰে নিখিল পেটেলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে। কিছুদিন পূৰ্বে নিখিলক মুম্বাই বিমান বন্দৰত এগৰাকী যুৱতীৰ সৈতে দেখা গৈছিল। সেয়া তেওঁৰ প্ৰেয়সী বুলি বহুতে দাবী কৰিছিল।
ইয়াৰ পূৰ্বে দলজিত কৌৰৰ বিয়া ছালীন বনোটৰ সৈতে হৈছিল। ২০০৯ চনত তেওঁলোকে বিবাহ- পাশত আৱদ্ধ হৈছিল যদিও ২০১৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। তেওঁলোকৰ এটি সন্তানো আছে।