চকুত আচিনা উঠাৰ কাৰণ কি জানেনে? আচিনাৰ সমস্যা হ’লে কৰক এই কাম, অন্যথা হ’ব পাৰে সমস্যা

আচিনাৰ ফলত যথেষ্ট বিষত ভুগিবলগা হয়। ইয়াৰ ফলত চকু মেলি ৰখাটো কঠিন হৈ পৰে। তদুপৰি কেতিয়াবা ইয়াৰ ফলত দৃষ্টিশক্তিৰ সমস্যাও হ’ব পাৰে। পিছে চকুৰ এই সমস্যা কিয় হয় জানেনে? চাওঁ আহক এই বিষয়ে।

চকুত আচিনা উঠাৰ কাৰণ কি জানেনে? আচিনাৰ সমস্যা হ’লে কৰক এই কাম, অন্যথা হ’ব পাৰে সমস্যা

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

13 Jul 2025 21:07 PM

চকুৰ আচিনা প্ৰায়ে হোৱা এক সমস্যা পিছে এই সমস্যা লে যথেষ্ট অস্বস্তিত পৰিবলগা হয় মূলতঃ চকুৰ পতাত বা চকুৰ পতাৰ ভিতৰৰ চুকত সৰুকৈ আচিনা উঠে ৰঙা পৰি ফুলি উঠা এই আচিনাৰ ফলত যথেষ্ট বিষত ভুগিবলগা হয় ইয়াৰ ফলত চকু মেলি ৰখাটো কঠিন হৈ পৰে তদুপৰি কেতিয়াবা ইয়াৰ ফলত দৃষ্টিশক্তিৰ সমস্যাও হ’ব পাৰে। পিছে চকুৰ এই সমস্যা কিয় হয় জানেনে? চাওঁ আহক এই বিষয়ে

চকুত আচিনা হোৱাৰ প্ৰধান কাৰণ হৈছে মূলতঃ বেক্টেৰিয়াৰ সংক্ৰমণ যদি Staphylococcus bacteria চকুৰ পতাত থকা সৰু সৰু চেবাচিয়াছ গ্ৰন্থিবোৰক সংক্ৰমিত কৰে, তেতিয়া সেই গ্ৰন্থিসমূহ ফুলি উঠে। ইয়াৰ মূল কাৰণসমূহ হ’ল-

১) বাৰে বাৰে চকু দুটা স্পৰ্শ কৰা বা মোহাৰি থকা

২) লেতেৰা হাত বা টাৱেলেৰে চকু মচা

৩) চকু নোধোৱাকৈ মেকআপ কৰি শুই থকা

৪) কনটেক্ট লেঞ্চ সঠিকভাৱে পৰিষ্কাৰ নকৰা

) ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস

৬) পূৰ্বৰ চকুৰ সংক্ৰমণ

এই সমস্যা সাধাৰণ যেন লাগিলেও ইয়াৰ ফলত দৃষ্টিশক্তি হ্ৰাস পোৱাৰ সম্ভাৱনাও থাকে গতিকে আচিনা লে কিছু সাৱধান হোৱা উচিত এই সমস্যা লে কি কৰিব লাগে, চাওঁ আহক

১) পৰিষ্কাৰ কাপোৰ এখন কুহুমীয়া পানীত তিয়াই আক্ৰান্ত ঠাইত ৫-১০ মিনিট দিনে ৩-৪ বাৰ লগাব লাগে। ইয়াৰ ফলত ফুলি উঠাৰ সমস্যা হ্ৰাস পায় আৰু পূজ সহজে নিষ্কাশন হোৱাত সহায় কৰে।

২) চকুৰ সংক্ৰমণ হ’লে চকু স্পৰ্শ কৰিলে বা মোহাৰি থাকিলে সংক্ৰমণ আৰু অধিক বিয়পিব পাৰে। গতিকে, চকু স্পৰ্শ কৰাটো পৰিহাৰ কৰক।

৩) পৰিষ্কাৰ পানীৰে চকু ধুব লাগে। প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ মতে এণ্টিচেপ্টিক আই ড্ৰপ বা মলম ব্যৱহাৰ কৰিব লাগে।

৪) চকুৰ সংক্ৰমণৰ সময়ত চকুত কোনো ধৰণৰ মেকআপ বা কনটেক্ট লেঞ্চ ব্যৱহাৰ নকৰিব, কিয়নো ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

অৱশ্যে এই সমস্যা অধিক হৈ পৰিলে চিকিৎসকৰ কাষ চপা উচিত চকুৰ সংক্ৰমণ যদি ৫-৭ দিনতকৈ বেছি সময়লৈ থাকে, চকু ফুলি সম্পূৰ্ণ বন্ধ হৈ পৰিলে, যদি অসহ্যকৰ বিষ হয় বা চকুৰ পৰা পূজ ওলায় আৰু দৃষ্টিশক্তি হ্ৰাস পোৱা যেন অনুভৱ হয় তেতিয়া লগে লগে চিকিৎসকৰ কাষ চপাই উচিত চকুৰ দৰে সংবেদনশীল অংগৰ সমস্যাক অৱহেলা কৰাতকৈ প্ৰয়োজনত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাই ভাল।

তৎক্ষণাত দাঁত বিষৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
ঘৰৰ দক্ষিণ দিশত ৰাখক এইসমূহ বস্তু, দেৱী লক্ষ্মীৰ কৃপাত আগমন ঘটিব ধন-সম্পদৰ
বহু গুৰুতৰ ৰোগৰ অন্যতম এটা কাৰণ মানসিক চাপ, ইয়াৰ পৰা উপশম পোৱাৰ উপায় জানক
১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৫ ৰাশিৰ...