Silent Heart Attack: চাইলেণ্ট হাৰ্ট এটেক কি ? ইয়াৰ লক্ষণসমূহ কি কি? জানক
পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত চাইলেণ্ট হাৰ্ট এটেকৰ লক্ষণসমূহ অধিক অস্পষ্ট হোৱাৰ বাবে ৰোগ নিৰ্ণয় কৰাত পলম হয়। ৪০ বছৰৰ ওপৰৰ লোক, ডায়েবেটিছ ৰোগী আৰু কম সক্ৰিয় লোকসকল ক্ষেত্ৰত এই সম্ভাৱনা অধিক।

হাৰ্ট এটেকৰ লক্ষণ
বিশ্বজুৰি হাৰ্ট এটেকৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্য অনুসৰি, প্ৰতি বছৰে প্ৰায় ১ কোটি ৮০ লাখ লোক হৃদযন্ত্ৰৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে, ইয়াৰে প্ৰায় এক তৃতীয়াংশ লোক হাৰ্ট এটেকৰ বলি হৈছে। চিকিৎসকৰ মতে চাইলেণ্ট হাৰ্ট এটেক(Silent Heart Attack) বা স্পষ্ট লক্ষণ নথকা হাৰ্ট এটেক এটা নতুন আৰু গুৰুতৰ প্ৰত্যাহ্বান হৈ পৰিছে। সাধাৰণ হাৰ্ট এটেকৰ দৰে ৰোগীয়ে তীব্ৰ বিষ বা অস্বস্তি অনুভৱ নকৰাৰ বাবে এই হাৰ্ট এটেকক চাইলেণ্ট বুলি কোৱা হয়।
চাইলেণ্ট হাৰ্ট এটেকৰ মূল কাৰণ হ’ল- হৃদযন্ত্ৰৰ ধমনীত কলেষ্টেৰল আৰু চৰ্বি জমা হোৱা, যাৰ ফলত তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়। উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা, ধূমপান, অত্যধিক মানসিক চাপ আৰু ভাৰসাম্যহীন খাদ্যৰ মূল ইয়াৰ মূল কাৰণ। বিশেষজ্ঞসকলে কয় যে, পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত চাইলেণ্ট হাৰ্ট এটেকৰ লক্ষণসমূহ অধিক অস্পষ্ট হোৱাৰ বাবে ৰোগ নিৰ্ণয় কৰাত পলম হয়। ৪০ বছৰৰ ওপৰৰ লোক, ডায়েবেটিছ ৰোগী আৰু কম সক্ৰিয় লোকসকল ক্ষেত্ৰত এই সম্ভাৱনা অধিক। দীৰ্ঘদিনীয়া ক্লান্তি, টোপনিৰ অভাৱ, মানসিক চাপ আদিয়েও এই অৱস্থাত অৰিহণা যোগায়। ই ক্ৰমান্বয়ে হৃদযন্ত্ৰৰ পেশীৰ ক্ষতি কৰি গুৰুতৰ হৃদৰোগলৈ গতি কৰিব পাৰে।
চাইলেণ্ট হাৰ্ট এটেকৰ লক্ষণ কি কি?
হৃদৰোগ বিভাগৰ ডাঃ অজিত জৈনে কয় যে, চাইলেণ্ট হাৰ্ট এটেকৰ লক্ষণবোৰ অতি মৃদু বা অস্বাভাৱিক, গতিকে মানুহে প্ৰায়ে সেইবোৰক আওকাণ কৰে। বুকুত মৃদু চাপ বা জ্বলা-পোৰা অনুভৱ কৰিব পাৰে, যিটো স্বাভাৱিক এচিডিটি বা গেছৰ দৰেই। ইয়াৰ উপৰিও পিঠি, ডিঙি, কান্ধত মৃদু বিষ, উশাহ লোৱাত কষ্ট পোৱা, হঠাতে ভাগৰুৱা হোৱা বা টোপনিৰ সমস্যা আদিও দেখা দিব পাৰে।
কেতিয়াবা ঘাম ওলোৱা, বমি বা বিভ্ৰান্তিও এই অৱস্থাৰ লক্ষণ হ’ব পাৰে। ডায়েবেটিছ ৰোগীৰ বিষ অনুভৱ কমি যোৱাৰ বাবে বিষ নোহোৱাকৈ হাৰ্ট এটেক হ’ব পাৰে। গতিকে বাৰে বাৰে এনে সমস্যাৰ সন্মুখীন হ’লে সৰু বুলি ভাবি আওকাণ নকৰিব। সময়মতে ইচিজি বা চিকিৎসা পৰীক্ষাই এই বিপদ চিনাক্ত কৰাত সহায় কৰিব পাৰে।
ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
নিয়মিতভাৱে আপোনাৰ ৰক্তচাপ আৰু চুগাৰৰ মাত্ৰা পৰীক্ষা কৰক।
দৈনিক ৩০ মিনিট ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস কৰক।
ভজা আৰু চেনিযুক্ত খাদ্য পৰিহাৰ কৰি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
ধূমপান আৰু মদ্যপান সম্পূৰ্ণৰূপে এৰি দিয়ক।
পৰ্যাপ্ত টোপনি যাওক আৰু মানসিক চাপ কম কৰিবলৈ চেষ্টা কৰক।