আকাৰতহে সৰু, গুণৰ ভাণ্ডাৰ কিচমিচঃ নিতে খালে লাভ কৰিব এনে উপকাৰিতা
প্ৰতিদিনে কিচমিচ খোৱাৰ উপকাৰিতাসমূহ জানিলে স্বাভাৱিকতেই প্ৰতিজন লোক উপকৃত হ’ব। অৱশ্যে সমান্তৰালকৈ কিচমিচ খোৱাৰ সঠিক পৰিমাণ আৰু খোৱাৰ উপায়সমূহো জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়।

কিচমিচৰ উপকাৰিতা
স্বাস্থ্যৰ বাবে ড্ৰাই ফ্ৰুটছৰ উপকাৰিতাৰ কথা আমি সকলোৱে জানো। এই ড্ৰাই ফ্ৰুটছৰ ভিতৰত কিচমিচো অন্যতম। কিচমিচে দেহৰ অনন্য উপকাৰিতা সাধন কৰে। এই সৰু আকাৰৰ খাদ্য সামগ্ৰীবিধত বহু পুষ্টিকৰ উপাদান থাকে। আইৰণ, কেলচিয়াম, পটাছিয়াম, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট আৰু প্ৰাকৃতিক চেনি থাকে কিচমিচত। এই কিচমিচ বিভিন্ন ধৰণে খাব পাৰি। নিয়মিত আৰু নিৰ্ধাৰিত পৰিমাণে কিচমিচ খোৱাৰ ফলত শৰীৰে বিভিন্ন উপকাৰিতা লাভ কৰে।
প্ৰতিদিনে কিচমিচ খোৱাৰ উপকাৰিতাসমূহ জানিলে স্বাভাৱিকতেই প্ৰতিজন লোক উপকৃত হ’ব। অৱশ্যে সমান্তৰালকৈ কিচমিচ খোৱাৰ সঠিক পৰিমাণ আৰু খোৱাৰ উপায়সমূহো জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয়। জানো আহক এই বিষয়ে-
ৰক্তহীনতাৰ পৰা সকাহঃ কিচমিচত আইৰণ আৰু ফলিক এচিডৰ উপলব্ধ হোৱাৰ বাবে তেজত হিম’গ্লবিন বৃদ্ধি কৰে।
হৃদযন্ত্ৰৰ বাবে উপকাৰীঃ কিচমিচত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
হজম শক্তি বজাই ৰাখেঃ কিচমিচত থকা ফাইবাৰে কোষ্ঠকাঠিন্য ৰোধ কৰে।
হাড় আৰু দাঁতৰ স্বাস্থ্যঃ কিচমিচত থকা কেলচিয়াম আৰু ব’ৰনে হাড় মজবুত কৰে।
ছাল আৰু চুলি উন্নত কৰেঃ এণ্টিঅক্সিডেণ্টে কোষৰ ক্ষতি ৰোধ কৰে।
দ্ৰুত শক্তি দিয়েঃ কিচমিচত থকা প্ৰাকৃতিক চেনি আৰু গ্লুক’জে শৰীৰক তৎক্ষণাত শক্তি প্ৰদান কৰে।
পিছে এনে উপকাৰিতা লাভৰ বাবে কিমান পৰিমাণৰ কিচমিচ খাব লাগে? বিশেষজ্ঞসকলৰ মতে, প্ৰাপ্তবয়স্ক লোকসকলে দিনটোত ২০–৩০ গ্ৰাম কিচমিচ খাব লাগে। ডায়েবেটিছ ৰোগী বা যিসকলে নিজৰ ওজন নিয়ন্ত্ৰণ কৰি আছে, তেওঁলোকে পিছে ইয়াতকৈ কম পৰিমাণে খোৱা ভাল।
কিচমিচ কেনেধৰণে খোৱাটো শৰীৰৰ বাবে উপকাৰী, চাওক-
তিয়াই থোৱাঃ কিচমিচ ৰাতি পানীত তিয়াই পুৱা খালে পুষ্টিকৰ পদাৰ্থবোৰ সহজে শোষিত হয় আৰু হজম শক্তি সহজ হয়।
খাদ্যৰ লগত মিহলি কৰিঃ কিচমিচ ফলৰ চালাড, দৈ, অটচ বা মিঠা খাদ্যৰ লগত মিহলাই খাব পাৰি।
এবাৰতে পিছে বেছিকৈ কিচমিচ খোৱাটো ভাল নহয়, কাৰণ ইয়াত কেলৰি আৰু চেনিৰ পৰিমাণ বেছি। প্ৰতিদিনে মধ্যমীয়া পৰিমাণে কিচমিচ খালে শৰীৰৰ শক্তি অটুট থাকে, ৰক্তহীনতা দূৰ হয় আৰু হাড়ৰ স্বাস্থ্য উন্নত হয়। কিন্তু ডায়েবেটিছ ৰোগী বা কেলৰি নিয়ন্ত্ৰণত ৰাখিব বিচৰা লোকসকলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল।