ৰাতিপুৱা খালী পেটত নেমুৰ সৈতে ধনীয়াৰ পানী খালে কি হয়? জানক…

ধনীয়া কেৱল মছলা নহয়, স্বাস্থ্যৰ ভঁৰাল। ৰাতিপুৱা খালী পেটত ধনীয়া পানী খালে শৰীৰৰ ভিতৰৰ পৰা বিষমুক্ত হয় আৰু বহু ৰোগৰ পৰা Coriander Water Benefits : ৰক্ষা পৰে। ই কেৱল হজম শক্তি বৃদ্ধি কৰাই নহয়, ওজন হ্ৰাস, তেজৰ চেনি নিয়ন্ত্ৰণ, ছালৰ জিলিকনি বজাই ৰখা, পিৰিয়ডৰ বিষৰ পৰা উপশম পোৱা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, বৃক্ক ডিটক্স, আৰু চুলি সৰাৰ বাবেও উপকাৰী। দৈনিক সেৱন কৰিলে শৰীৰ আৰু ছাল দুয়োটাই সুস্থ হৈ থাকে।

ৰাতিপুৱা খালী পেটত নেমুৰ সৈতে ধনীয়াৰ পানী খালে কি হয়? জানক...

ধনীয়াৰ পানীৰ উপকাৰীতা

Updated On: 

20 Nov 2025 06:42 AM

ধনীয়া পাকঘৰত সাধাৰণতে ব্যৱহৃত পাচলি বা মছলা। কিন্তু ইয়াৰ গুটিৰ পৰা তৈয়াৰী পানী আপোনাৰ স্বাস্থ্যৰ বাবেও কম উপকাৰী নহয় বুলি আপুনি জানেনে? হয়, ইয়াক শক্তিশালী ডিটক্সিফায়াৰ বুলি গণ্য কৰা হয়।

ধনীয়াৰ পাত, ঠাৰি, শিপা সকলো ঔষধি গুণেৰে সমৃদ্ধ। ধনীয়াৰ ৰসেৰে ৩০-৪০টা ৰোগ নিৰাময় কৰিব পৰা যায় বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কয়। চিকিৎসা বিশেষজ্ঞসকলে কয় যে, খাদ্য খোৱাৰ পিছত ধনীয়াৰ ৰস সেৱন কৰিলে সুস্থ হৈ থাকিব পাৰে। ধনীয়াৰ ৰসে শৰীৰত জমা হোৱা সীহ, এলুমিনিয়াম, কেডমিয়াম, পাৰা আদি খনিজ পদাৰ্থ আঁতৰাব পাৰে। ধনীয়াৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

ৰাতিপুৱা খালী পেটত দৈনিক ধনীয়া পানী সেৱন কৰিলে বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা উপশম পোৱা যায়। ই কেৱল শৰীৰক ভিতৰৰ পৰা শুদ্ধ কৰাই নহয়, ওজন কমাবলৈ, হজম শক্তি উন্নত কৰা, আৰু ছাল আৰু চুলি সুস্থ কৰি ৰখাতো ফলপ্ৰসূ। গতিকে ইয়াৰ কিছুমান অলৌকিক উপকাৰৰ বিষয়ে জানো আহক:

হজম শক্তি উন্নত কৰে

ধনীয়াৰ পাচন এনজাইম সক্ৰিয় কৰাৰ ক্ষমতা আছে। ইয়াৰ ফলত এচিডিটি, গেছ, বদহজম, পেট ফুলাৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়। ৰাতিপুৱা খালী পেটত খালে গোটেই দিনটো লঘু আৰু শক্তিশালী অনুভৱ হোৱাত সহায় কৰে।

ওজন হ্ৰাস কৰাত সহায়ক

ধনীয়া পানীয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে। ইয়াৰ উপৰিও ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পানী ধৰি ৰখাৰ ক্ষমতা কমাই দিয়ে, যাৰ ফলত ওজন হ্ৰাস প্ৰক্ৰিয়া তীব্ৰতৰ  হয়।

ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে

ধনীয়া গুটিত থকা জৈৱ সক্ৰিয় যৌগবোৰে ইনচুলিনৰ কাৰ্যকলাপ উন্নত কৰে। ডায়েবেটিছ ৰোগীৰ বাবে এয়া প্ৰাকৃতিক প্ৰতিকাৰ হ’ব পাৰে যদিও সেৱনৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

Detoxification ত সহায় কৰে

ধনীয়া পানীয়ে যকৃত আৰু বৃক্ক পৰিষ্কাৰ কৰাত সহায় কৰে। ই শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰাই শৰীৰক বিষমুক্ত কৰে।

ছাল উজ্জ্বল কৰে আৰু পিম্পলছ হ্ৰাস কৰে

ধনীয়াৰ এন্টিঅক্সিডেন্ট গুণে ছালৰ পৰা ফ্ৰী ৰেডিকেল আঁতৰাই ছালখন জিলিকি উঠে। নিয়মীয়াকৈ সেৱন কৰিলেও পিম্পল আৰু দাগ পৰাৰ পৰা সকাহ পোৱা যায়।

মহিলাৰ বাবে উপকাৰী

ধনীয়াৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে যাৰ ফলত মাহেকীয়াৰ সময়ত পেটৰ বিষ আৰু ক্ৰেম্প কম হয়। ইয়াৰ উপৰিও ই হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

ধনীয়া পানীত ভিটামিন চি, পটাছিয়াম, আইৰণ আদিৰ উত্তম উৎস থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

চুলিৰ বাবে উপকাৰী

ইয়াক সেৱন কৰিলে চুলিৰ গুৰি পুষ্টিকৰ হয়, চুলি সৰা ৰোধ হয়, আৰু মূৰৰ ছালখন সুস্থ কৰি তোলা হয়।

কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ

ধনীয়া পাতৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে। প্ৰদাহ নিবাৰণকাৰী গুণেৰে সমৃদ্ধ ধনীয়াৰ পানী খালী পেটত সেৱন কৰিলে গাঁঠিৰ ফুলা আৰু বিষৰ পৰা সকাহ পোৱা যায়। ধনীয়াৰ ৰস নিয়মিতভাৱে সেৱন কৰিলে বৃক্কৰ সমস্যাকে ধৰি সকলো ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পোৱা যায়।

কেনেকৈ খাব

১ চামুচ গোটা ধনীয়া গুটি এগিলাচ পানীত ৰাতি তিয়াই ৰাখিব। ৰাতিপুৱা উতলাই চেকি লৈ অলপ নেমু দি খালী পেটত পান কৰক। দৈনিক ইয়াক সেৱন কৰিলে কেইসপ্তাহমানৰ ভিতৰতে পাৰ্থক্য দেখা পাবলৈ আৰম্ভ কৰিব। ইয়াৰ উপৰিও আপুনি ধনীয়া পাতৰ জুচ বনায়ো খাব পাৰে।

মহিলাৰ ডিম্বাশয়ৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক...
প্ৰস্ৰাৱৰ পৰা ওলোৱা দুৰ্গন্ধক ভুলতেও নকৰিব আওকাণ, পৰিব বিপদত!
মাহেকীয়াত যৌন সম্পৰ্ক কৰাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞই কি কয়
একেৰাহে ২১ দিন নহৰু খালে কি হ'ব জানেনে? জানক সকলো...