নহৰুৰ পৰা পালেং শাকলৈকে, এইবোৰ শাক-পাচলিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে…
যদি আপুনি উন্নত স্বাস্থ্য বজাইৰ ৰখাৰ লগতে ৰক্তচাপ কমোৱা বা নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব। বাহিৰৰ খাদ্য খোৱাৰ বিপৰীতে খাদ্যৰ তালিকাত শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে।

উচ্চ ৰক্তচাপ
বৰ্তমান সময়ত উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পাইছে। বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসে এই সমস্যা দ্ৰুতগতিত বৃদ্ধি কৰিছে। যদি আপুনি উন্নত স্বাস্থ্য বজাইৰ ৰখাৰ লগতে ৰক্তচাপ কমোৱা বা নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে আপোনাৰ খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব। বাহিৰৰ খাদ্য খোৱাৰ বিপৰীতে খাদ্যৰ তালিকাত শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি খাদ্যৰ তালিকাত এই কেইবিধ শাক-পাচলি অন্তৰ্ভুক্ত কৰিব পাৰে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ লগতে উন্নত স্বাস্থ্যৰ বজাইৰ ৰখাত সহায় কৰিব।
পালেং শাক: পালেং শাকত পটাছিয়াম, মেগনেছিয়াম আৰু খাদ্যৰ নাইট্ৰেট প্ৰচুৰ পৰিমাণে থাকে। এই সকলোবোৰ উপাদানে ৰক্তবাহী নলী শিথিল কৰা আৰু ৰক্ত সঞ্চালন উন্নত কৰাত ভূমিকা পালন কৰে। ইয়াৰ পটাছিয়ামৰ পৰিমাণে শৰীৰৰ পৰা অতিৰিক্ত ছডিয়াম আঁতৰ কৰাত সহায় কৰে। ফল ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
বিট: বিটত নাইট্ৰেট থাকে, যিটো শৰীৰে নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰিত কৰে। ই তেজৰ সোঁত উন্নত কৰে। বিটৰ ৰস খাব পাৰে। ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।
ব্ৰকলি: ব্ৰকলিত এন্টিঅক্সিডেন্ট, ভিটামিন চি, পটাছিয়াম আৰু আঁহ থাকে। ইয়াৰ ছালফ’ৰাফেনৰ পৰিমাণে ধমনীসমূহৰ কাৰ্যক্ষমতা উন্নত কৰে আৰু অক্সিডেটিভ চাপ হ্ৰাস কৰে।
গাজৰ: গাজৰত ক্ল’ৰ’জেনিক, পি-ক’মাৰিক, কেফেইক এচিডৰ দৰে ফেনলিক যৌগ প্ৰচুৰ পৰিমাণে থাকে। নিয়মিতভাৱে কেঁচা গাজৰ খালে সেৱন কৰিলে ৰক্তচাপৰ মাত্ৰা হ্ৰাস পাব পাৰে।
নহৰু : নহৰুত এলিচিন নামৰ শক্তিশালী ঔষধি গুণ থকা যৌগ থাকে। ই নাইট্ৰিক অক্সাইডৰ উৎপাদন বৃদ্ধি কৰে, ধমনীবোৰ শিথিল হোৱাত সহায় কৰে। অধ্যয়ত দেখা গৈছে যে, নহৰুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।