পুৰুষ নে মহিলা, কাৰ শ্ৰৱণ শক্তি অধিক উন্নত? গৱেষণাত প্ৰকাশ এনে তথ্য

পিছে কথা শুনাৰ ক্ষেত্ৰত শ্ৰৱণ শক্তি পুৰুষ নে মহিলাৰ বেছি, সেই কথা কেতিয়াবা ভাবিছেনে? প্ৰায়ে বহুলোকে পুৰুষতকৈ মহিলাৰ শ্ৰৱণ ক্ষমতা ভাল বুলি কোৱা শুনা যায়। কিন্তু প্ৰকৃততে এয়া সত্য হয়নে?

পুৰুষ নে মহিলা, কাৰ শ্ৰৱণ শক্তি অধিক উন্নত? গৱেষণাত প্ৰকাশ এনে তথ্য

প্ৰতিনিধিত্বমূলক ছবি

Published: 

16 Aug 2025 13:58 PM

বেৰৰো কাণ থাকে!- কোনো এক গুপুত কথা আলোচনা কৰাৰ সময়ত সততে আমাক জ্যেষ্ঠজনে এই সাৱধানবাণী শুনায় স্বাভাৱিকতেই এখন জড় বেৰত কাণ থকাৰ কথাটো অসম্ভৱ অৱশ্যে এয়া এক উপমাহে ইয়াৰ জৰিয়তে আলোচনা কৰি থকা গুপুত কথাটো যাতে আনে শুনা নাপায়, সেই ক্ষেত্ৰতহে সতৰ্ক কৰি দিয়ে পিছে কথা শুনাৰ ক্ষেত্ৰত শ্ৰৱণ শক্তি পুৰুষ নে মহিলাৰ বেছি, সেই কথা কেতিয়াবা ভাবিছেনে? প্ৰায়ে বহুলোকে পুৰুষতকৈ মহিলাৰ শ্ৰৱণ ক্ষমতা ভাল বুলি কোৱা শুনা যায়। কিন্তু প্ৰকৃততে এয়া সত্য হয়নে?

গৱেষণা মতে, লিংগ অনুসৰি শ্ৰৱণ ক্ষমতাৰ বহু পাৰ্থক্য দেখা যায়। ইয়াৰ ওপৰত শেহতীয়াকৈ চাইন্টিফিক ৰিপ’ৰ্টছ নামৰ এখন আলোচনীত এক অধ্যয়ন প্ৰকাশ পাইছে। এই অধ্যয়নত প্ৰকাশ পাইছে যে স্থান, সময়, বয়স, বাসস্থান নিৰ্বিশেষে মহিলাৰ শ্ৰৱণ ক্ষমতা পুৰুষতকৈ বহুগুণে ভাল।

গৱেষণাৰ পৰা দেখা গৈছে যে যিকোনো ডেচিবেলৰ যিকোনো শব্দ মহিলাৰ কাণৰ নলীত সোনকালে প্ৰৱেশ কৰে। প্ৰকৃততে মহিলাৰ কাণৰ গঠন পুৰুষৰ কাণৰ গঠনতকৈ পৃথক। মহিলা আৰু পুৰুষ উভয়ৰে কাণৰ ভিতৰত কক্লিয়া থাকে। মহিলাৰ কক্লিয়াৰ গঠন পুৰুষতকৈ অলপ বেলেগ। সেইবাবেই মহিলাৰ শ্ৰৱণ শক্তি পুৰুষকতকৈ কিছু উন্নত

লক্ষণীয়ভাৱে পুৰুষ হওক বা মহিলা, দুয়োখন কাণৰ ক্ষেত্ৰত আকৌ শ্ৰৱণ ক্ষমতাৰ পাৰ্থক্য আছে। এই প্ৰসংগত বিজ্ঞানে কি কয়? সাধাৰণতে মানুহৰ সোঁ কাণখন কথা পাতোঁতে হোৱা শব্দ শুনাৰ ক্ষেত্ৰত অধিক সক্ৰিয় হয়। আনহাতে বাওঁ কাণখন গীত, সুৰ আৰু আৱেগিক শব্দ শুনাত অধিক সক্ৰিয় হয়।

ইফালে শ্ৰৱণ ক্ষমতা উন্নত হোৱাৰ বাবে মহিলাসকল পুৰুষকতকৈ এক বিশেষ সমস্যাতো পৰে মহিলাৰ শ্ৰৱণ শক্তি পুৰুষতকৈ বেছি হোৱাৰ ফলত যিকোনো শব্দত প্ৰথমে টোপনিৰ পৰা সাৰ পাই উঠে অৰ্থাৎ শ্ৰৱণ শক্তিৰ বাবে পুৰুষতকৈ টোপনিৰ সময়তো সোনকালে শুলে ইয়াৰ ফলত টোপনিতো ব্যাঘাত জন্মাৰ শংকা থাকে

ডেটিং এপত প্ৰৱঞ্চনাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি? স্মাৰ্ট টিপছ জানক
এইসমূহ স্বাস্থ্যজনিত কাৰণত আপোনাৰ ভোক কমিব পাৰে !
পুৱা শুই উঠি আইনাত মুখ চোৱাটো ভাল নে বেয়া? আপুনিও কৰে নেকি এই ভুল?
চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে শৰীৰত দেখা যায় এই ৩টা লক্ষণ? সাৱধান হওক...