এইকেইবিধ দুগ্ধজাত খাদ্য সামগ্ৰীত আছে কেঞ্চাৰ প্ৰতিৰোধী গুণ! নিতে খাদ্য তালিকাত থকা মানেই ৰক্ষা পৰিব জীৱন

কেলচিয়াম আৰু ভিটামিন ডিৰ প্ৰাকৃতিক উৎস গাখীৰ পৰিমিতভাৱে সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে। জানো আহক কেঞ্চাৰ প্ৰতিৰোধী গুণ থকা কিছুমান দুগ্ধজাত সামগ্ৰীৰ বিষয়ে।

এইকেইবিধ দুগ্ধজাত খাদ্য সামগ্ৰীত আছে কেঞ্চাৰ প্ৰতিৰোধী গুণ! নিতে খাদ্য তালিকাত থকা মানেই ৰক্ষা পৰিব জীৱন

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

06 Sep 2025 09:44 AM

সাম্প্ৰতিক সময়ছোৱাত কেঞ্চাৰ ৰোগৰ সমস্যা উদ্বেগজনক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিশ্বৰ লগতে বৰ্তমান সময়ত আমাৰ সমাজতো কেঞ্চাৰৰ প্ৰয়োভৰ বৃদ্ধি পাইছে লক্ষণীয়ভাৱে বিশ্বজুৰি মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ হিচাপে পৰিগণিত হৈছে কৰ্কট ৰোগ। ইয়াৰে ভিতৰত আটাইতকৈ মাৰাত্মক হিচাপে বিবেচিত হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ। পৰিসংখ্যা অনুসৰি ২০২২ চনত সমগ্ৰ বিশ্বতে প্ৰায় ৯৭ লাখ লোকৰ কৰ্কট ৰোগত মৃত্যু হৈছিল। এই মাৰাত্মক ৰোগবিধে দেহত আক্ৰমণ কৰাৰ ক্ষেত্ৰত সহায়ক হৈ পৰে কিছুমান বিশেষ খাদ্য।

কেঞ্চাৰ প্ৰতিৰোধত সহায় কৰিব পৰা খাদ্য সামগ্ৰীসমূহৰ ভিতৰত ফল-মূল, শাক-পাচলি আৰু আন কিছু খাদ্যবস্তুৰ বিষয়ে বিশেষজ্ঞসকলে সততে উল্লেখ কৰে কিন্তু আপুনি জানেনে যে কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰাৰ ক্ষেত্ৰত কিছুমান দুগ্ধজাত খাদ্য সামগ্ৰীয়ে যথেষ্ট সহায় কৰে গাখীৰত কেলচিয়াম, ভিটামিন ডিৰ দৰে পুষ্টিকৰ উপাদান থাকে

হাড়ৰ স্বাস্থ্য আৰু কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে বিশেষকৈ কলৰেক্টাল কেঞ্চাৰ প্ৰতিৰোধৰ বাবে গাখীৰ যথেষ্ট সহায়ক বিবেচিত হয় কেলচিয়াম আৰু ভিটামিন ডিৰ প্ৰাকৃতিক উৎস গাখীৰ পৰিমিতভাৱে সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু সামগ্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰিব পাৰে। জানো আহক কেঞ্চাৰ প্ৰতিৰোধী গুণ থকা কিছুমান দুগ্ধজাত সামগ্ৰীৰ বিষয়ে

১) দৈঃ অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ বাবে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰ’বায়’টিকৰ প্ৰয়োজন। দৈত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে, যি অন্ত্ৰত উপকাৰী বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। সুস্থ অন্ত্ৰ ভাল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হজম শক্তিৰ সৈতে জড়িত। দৈয়ে কেঞ্চাৰ বিশেষকৈ বৃহদান্ত্ৰৰ কেঞ্চাৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

২) ছাঁচঃ শৰীৰ ঠাণ্ডা কৰা, বিষমুক্ত কৰা আৰু প্ৰদাহ হ্ৰাস কৰাত এই পানীয় যথেষ্ট সহায়ক। ইয়াত চৰ্বিৰ পৰিমাণ কম। প্ৰ’বায়’টিক, কেলচিয়াম আৰু ভিটামিনেৰে ভৰপূৰ এই পানীয়ই পাচনত সহায় কৰে, শৰীৰক বিষমুক্ত কৰে। ইয়াৰ উপৰিও ই প্ৰদাহ কমোৱাত সহায় কৰে আৰু শৰীৰক কেঞ্চাৰ সৃষ্টিকাৰী বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা কৰিব পাৰে।

৩) পনীৰঃ প্ৰটিন আৰু এণ্টিঅক্সিডেণ্টৰ দ্বাৰা সমৃদ্ধ পনীৰ এই খাদ্য সামগ্ৰীত কেলচিয়াম আৰু চেলেনিয়ামো থাকে। চেলেনিয়াম হৈছে এটা পৰিচিত এণ্টিঅক্সিডেণ্ট, ই কোষক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে এইদৰে ই কেঞ্চাৰ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৪) ঘিউঃ পুষ্টিকৰ পদাৰ্থ শোষণত অতি ফলপ্ৰসূ ঘিউ ঘিউ খালে শৰীৰত কনজুগেটেড লিনোলিক এচিড (CLA) পোৱা যায় কিছুমান গৱেষণাৰ মতে এই CLAৰ কাৰ্চিনোজেনিক বা কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। ঘিউৱে শৰীৰত থকা পুষ্টিকৰ পদাৰ্থ শোষণো বৃদ্ধি কৰে, গতিকে শৰীৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া ভিটামিন আৰু খনিজ পদাৰ্থৰ দ্বাৰা সৰ্বাধিক উপকাৰ লাভ কৰিব পাৰে।

চন্দ্ৰগ্ৰহণত দুৰ্লভ সংযোগ, এই ৩ ৰাশিৰ উদয় হ’ব ভাগ্য!
এই মাৰাত্মক ভুলবোৰ নকৰিব ! সাপে কামোৰাৰ পাছত প্ৰথম ১০ মিনিটত কি কৰিব লাগে? জানক
ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?