বৃদ্ধি পাইছে সংক্ৰমণ, Chikungunya ৰ লক্ষণবোৰ কি কি ? WHO য়ে জাৰি কৰিলে সতৰ্কবাণী…

WHOৰ তথ্য অনুসৰি, বিশ্বৰ বহু ঠাইত হঠাতে Chikungunya ৰ সংক্ৰমণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত জনস্বাস্থ্যৰ প্ৰতি অধিক সজাগতাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

বৃদ্ধি পাইছে সংক্ৰমণ, Chikungunya ৰ লক্ষণবোৰ কি কি ? WHO য়ে জাৰি কৰিলে সতৰ্কবাণী...

মহ

Published: 

24 Jul 2025 11:39 AM

ক্ৰমাৎ বৃদ্ধি পোৱা চিকুনগুনিয়াৰ(Chikungunya) সংক্ৰমণৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী জাৰি কৰিছে। ই এক গুৰুতৰ ভাইৰাছজনিত ৰোগ, যিটো ইডিছ মহৰ জৰিয়তে বিয়পে। WHOৰ তথ্য অনুসৰি, বিশ্বৰ বহু ঠাইত হঠাতে এই সংক্ৰমণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত জনস্বাস্থ্যৰ প্ৰতি অধিক সজাগতাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

চিকুতগুনিয়াত আক্ৰান্ত হ’লে অধিক জ্বৰ, গাঁঠিৰ তীব্ৰ বিষ আৰু ভাগৰুৱা আদি লক্ষণে দেখা দিয়ে। এই ৰোগে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি পেলায় আৰু ৰোগীয়ে দীৰ্ঘদিনলৈ দুৰ্বলতা অনুভৱ কৰিব পাৰে।  ই স্নায়ু আৰু অন্যান্য অংগত প্ৰভাৱ পেলাব পাৰে। ৰোগীৰ সুস্থ হ’বলৈ বহু সময়ৰ প্ৰয়োজন হয়। WHOয়ে কয় যে, সময়মতে ৰোগ চিনাক্তকৰণ আৰু সাৱধানতাই ইয়াক প্ৰতিৰোধৰ আটাইতকৈ ডাঙৰ উপায়।

চিকুনগুনিয়া প্ৰধানকৈ ইডিছ এজিপ্টি আৰু ইডিছ এলব’পিকটাছ মহৰ কামোৰাৰ ফলত বিয়পে। এই মহে ডেংগু আৰু জিকা ভাইৰাছো বিয়পায়। সংক্ৰমিত ব্যক্তিৰ তেজ চুহি খোৱাৰ পিছত মহে সুস্থ ব্যক্তিক কামুৰিলে এই ৰোগ সংক্ৰমণ হয়।

চিকুনগুনিয়া ভাইৰাছ শৰীৰত প্ৰৱেশ কৰা লগে লগে দ্ৰুতগতিত সমগ্ৰ শৰীৰটোত বিয়পি পৰে আৰু তেজত ভাইৰাছৰ পৰিমাণ বৃদ্ধি কৰে। এই ৰোগ বেছিকৈ বাৰিষা বা পানী জমা হোৱা ঠাইত হয় কাৰণ এনে ঠাইত মহৰ বংশবৃদ্ধি অধিক। অস্বাস্থ্যকৰ পৰিৱেশ, দীৰ্ঘদিন ধৰি জমা হৈ থকা পানী আৰু পৰ্যাপ্ত সাৱধানতা অৱলম্বন নকৰাটোৱেই সংক্ৰমণৰ প্ৰধান কাৰণ। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোক, শিশু আৰু বৃদ্ধ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।

Chikungunya ৰ লক্ষণ

দিল্লী এমচিডিৰ ডাঃ অজয় কুমাৰে বুজাইছে যে, চিকুনগুনিয়াৰ লক্ষণ সাধাৰণতে সংক্ৰমণৰ ৪-৭ দিনৰ পিছত দেখা দিয়ে। আটাইতকৈ সাধাৰণ লক্ষণসমূহ হ’ল, হঠাৎ উচ্চ জ্বৰ আৰু অসহ্যকৰ গাঁঠিৰ বিষ, যিটো কেতিয়াবা কেইবা সপ্তাহলৈকে থাকিব পাৰে। ইয়াৰ উপৰিও মূৰৰ বিষ, পেশীৰ বিষ, ভাগৰুৱা আৰু ছালত ৰঙা ফোঁহা ওলোৱাও ইয়াৰ লক্ষণ। বহু ৰোগীৰ বমি আৰু সামান্য চকুৰ বিষৰ সমস্যা হয়। চিকুনগুনিয়াত গাঁঠিৰ বিষ ইমানেই বেছি হয় যে, ৰোগীয়ে স্বাভাৱিক কাম কৰিব নোৱাৰিব পাৰে।

কিছুমান ক্ষেত্ৰত হাত-ভৰিতো ফুলা আৰু জঠৰতা দেখা যায়। গুৰুতৰ সংক্ৰমণত বিশেষকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ ক্ষেত্ৰত স্নায়ুতন্ত্ৰ প্ৰভাৱিত হ’ব পাৰে, যাৰ ফলত দীৰ্ঘদিন ধৰি দুৰ্বলতা আৰু বিষ হ’ব পাৰে। সময়মতে চিকিৎসা লাভ নকৰিলে এই ৰোগ ভাল হ’বলৈ বহু সময়ৰ প্ৰয়োজন হয়।

কেনেকৈ প্ৰতিৰোধ কৰিব?

  • ঘৰৰ চাৰিওফালে লেতেৰা পানী জমা হ’বলৈ নিদিব।
  • মহৰ বংশবৃদ্ধি ৰোধৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
  • পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে।
  • ঘৰৰ ভিতৰত মহ প্ৰৱেশ কৰিব নোৱাৰাকৈ দুৱাৰ-খিৰিকীত জাল লগাওক।
  • জ্বৰ বা আন লক্ষণ দেখা পালে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰক।
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক
প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কি কি ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে? বিশেষজ্ঞৰ পৰা জানক