দুপৰীয়া নে ৰাতি ! ভাত খোৱাৰ সঠিক সময় কেতিয়া? বিশেষজ্ঞৰ পৰা জানক
ভাতৰ উপকাৰিতা সৰ্বাধিক তথাপিও ভুল ধৰণে আৰু ভুল সময়ত ভাত খালে, ইয়াৰ দ্বাৰা ক্ষতিও হ’ব পাৰে। গতিকে ভাত খোৱাৰ সঠিক সময় জনাটো অতি গুৰুত্বপূৰ্ণ। জানোঁ আহক কেতিয়া ভাত খাব লাগে?

ভাত খোৱাৰ সঠিক সময় কেতিয়া ?
ভাত ভাৰতীয় খাদ্যৰ এক অপৰিহাৰ্য অংশ। অসমীয়া সমাজত ভাতক প্ৰধান খাদ্য হিচাপে গণ্য কৰা হয়। চাউলত প্ৰটিন, আঁহ, কাৰ্বহাইড্ৰেটৰ দৰে অসংখ্য পুষ্টিকৰ উপাদান থাকে। যদিও ভাতৰ উপকাৰিতা সৰ্বাধিক তথাপিও ভুল ধৰণে আৰু ভুল সময়ত ভাত খালে, ইয়াৰ দ্বাৰা ক্ষতিও হ’ব পাৰে। গতিকে ভাত খোৱাৰ সঠিক সময় জনাটো অতি গুৰুত্বপূৰ্ণ। জানোঁ আহক কেতিয়া ভাত খাব লাগে?
একাংশ লোকৰ মতে, চাউল অস্বাস্থ্যকৰ আৰু ইয়াৰ ফলত ওজন বৃদ্ধি পায়। অৱশ্যে এই কথা সঁচা নহয়। পৰিমিতভাৱে ভাত খালে ওজন নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে। হেল্থলাইনৰ মতে, চাউলৰ বহু উপকাৰ আছে। ইয়াক হজম কৰাটো সহজ, পাচনতন্ত্ৰৰ উন্নতি সাধন কৰে। ইয়াত কাৰ্ব, মিনাৰেল, মেগনেছিয়ামকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে হাড় আৰু পেশীৰ স্বাস্থ্য বজাই ৰাখে। ইয়াত থকা কাৰ্বহাইড্ৰেটে তৎক্ষণাত শক্তি প্ৰদান কৰে। ই গ্লুটেন মুক্ত। ধানত থকা মেগনেছিয়াম আৰু খনিজ পদাৰ্থ হাড় আৰু পেশী শক্তিশালী কৰাৰ বাবে ভাল বুলি বিবেচিত হয়।
ভাত খোৱাৰ উপযুক্ত সময় কেতিয়া?
খাদ্য বিশেষজ্ঞ শিখা গুপ্তাই কয় যে, ভাত খোৱাৰ আটাইতকৈ উত্তম সময় হ’ল দুপৰীয়া। শীতকালত ভাত পৰিহাৰ কৰিব লাগে। চাউল কাফা প্ৰকৃতিৰ, যাৰ ফলত শৰীৰত প্ৰদাহ বৃদ্ধি পায়, যাৰ ফলত বহু বিকাৰৰ সৃষ্টি হ’ব পাৰে। বিশেষজ্ঞসকলে যেতিয়াই ভাত খাওঁ তেতিয়াই পলিচ নকৰা চাউল খাবলৈ পৰামৰ্শ দিয়ে, কিয়নো পলিচ কৰা চাউলত ভিটামিন বি ১২ৰ অভাৱ। দৈৰ লগত ভাত খাব নালাগে। ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে বগা চাউলৰ সলনি ব্ৰাউন ৰাইচ খাব লাগে।