কেৱল স্বাস্থ্যজনিত কাৰণ নে আন কিবা ! জগদীপ ধনখড়ৰ পদত্যাগৰ আঁৰৰ কাহিনী কি?
ধনখড়ে হঠাতে পদত্যাগ কৰাই নহয়, পৰম্পৰাৰ বিপৰীতে তেওঁ কোনো বিদায়ী ভাষণো নিদিলে। এই সমগ্ৰ ঘটনাৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল যে-প্ৰধানমন্ত্ৰী মোদীৰ বাহিৰে বিজেপিৰ কোনো শীৰ্ষ নেতাই কোনো ৰাজহুৱা বক্তব্য দিয়া নাছিল, কোনো আৱেগিক প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাছিল। এই মৌনতাই বিষয়টোক অধিক চিন্তনীয় কৰি তুলিছে।

জগদীপ ধনখড়
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ হঠাৎ পদত্যাগে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে। সংবিধানৰ ৬৭ (ক) অনুচ্ছেদৰ অধীনত তেওঁৰ পদত্যাগ তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়েও গেজেট অধিসূচনা জাৰি কৰিছে। যদিও পদত্যাগ কৰাৰ কাৰণ ‘স্বাস্থ্য’ বুলি উল্লেখ কৰা হৈছে, কিন্তু ৰাজনৈতিক মহলত এই বিষয়টোকলৈ বিভিন্ন ধৰণে আলোচনা চলিছে।
ধনখড়ে হঠাতে পদত্যাগ কৰাই নহয়, পৰম্পৰাৰ বিপৰীতে তেওঁ কোনো বিদায়ী ভাষণো নিদিলে। এই সমগ্ৰ ঘটনাৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল যে-প্ৰধানমন্ত্ৰী মোদীৰ বাহিৰে বিজেপিৰ কোনো শীৰ্ষ নেতাই (ৰাজনাথ সিং, অমিত শ্বাহ আৰু জে পি নাড্ডা) কোনো ৰাজহুৱা বক্তব্য দিয়া নাছিল, কোনো আৱেগিক প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাছিল। এই মৌনতাই বিষয়টোক অধিক চিন্তনীয় কৰি তুলিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল যে, জগদীপ ধনখড়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বহু ভূমিকাত দেশৰ সেৱা কৰাৰ সুযোগ পাইছে। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। কিন্তু প্ৰধানমন্ত্ৰীৰ এই বাৰ্তাৰ বাহিৰে দলৰ বাকী শীৰ্ষ নেতাসকলে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ’ল।
ধনখড়ৰ পদত্যাগৰ এটা গুৰুত্বপূৰ্ণ কাৰণ বিজেপিৰ কৌশলৰ সৈতে মিল নোহোৱা শেহতীয়া স্থিতি বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে ৰাজ্যসভাত অভিযোগনামা প্রস্তাৱ যি ক্ষিপ্ৰতাৰে তেওঁ মানি লৈছিল সেয়া শাসকীয় দলক স্তম্ভিত কৰি তুলিছিল৷
সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজ্যসভাত ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে অভিযোগনামাৰ জাননী লোৱাৰ পূৰ্বে জগদীপ ধনখড়ে শাসকীয় দলৰ কাৰো সৈতে কথা পতা নাছিল। তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও কথা পতা নাছিল, সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতেও কথা পতা নাছিল, সদনৰ নেতা জে পি নাড্ডাক কোনো পূৰ্বৰ তথ্যও দিয়া নাছিল।
এই পদক্ষেপে বিজেপিক অস্বস্তিত পেলোৱাই নহয়, উচ্চ সদনৰ মৰ্যাদা আৰু প্ৰক্ৰিয়া সন্দৰ্ভত আভ্যন্তৰীণ বিতৰ্কৰ সৃষ্টি কৰে। বিৰোধীয়ে কেন্দ্রীয় চৰকাৰ আৰু সংসদীয় পৰিক্রমা মন্ত্র্যালয়ৰ লগত আলোচনা নকৰাকৈয়ে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ ওচৰত ৬৩ জন বিৰোধী সাংসদৰ প্রস্তাৱ দাখিল কৰে আৰু সদনৰ নেতাই ইয়াৰ আভাসও নাপালে ৷
সূত্ৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব বিচৰা নাছিল। ইয়াৰ আঁৰত এটা ডাঙৰ কাৰণ আছিল যে, ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তাৱ ৰাজ্যসভাত অনাৰ লগে লগে বিৰোধীয়ে ইতিমধ্যে বিচাৰাধীন হৈ থকা অভিযোগনামা প্ৰস্তাৱটো এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যাদৱৰ বিৰুদ্ধে উত্থাপন কৰিব বিচাৰিছিল।
বিশ্ব হিন্দু পৰিষদৰ কাৰ্যসূচীত ন্যায়াধীশ যাদৱে দিয়া হিন্দুত্ববাদী বক্তব্যৰ প্ৰতিবাদত বিৰোধীয়ে ইতিমধ্যে ৰাজ্যসভাত অভিযোগনামা দাখিল কৰিছে। য’ত বিৰোধীয়ে ন্যায়াধীশ বাৰ্মাৰ অজুহাতত ন্যায়াধীশ যাদৱৰ বিষয়ত চৰকাৰক কোণত পেলাব বিচাৰিছিল। ৰাজ্যসভাত কপিল ছিবাল আৰু অভিষেক মনু সিংভীৰ দৰে বিৰোধী দলৰ বিখ্যাত অধিবক্তাই ন্যায়াধীশ যাদৱৰ বিৰুদ্ধে গোচৰ উত্থাপন কৰিব বিচাৰিছিল, যিটো কেন্দ্রীয় চৰকাৰে এৰাই চলিব বিচাৰিছিল বুলি চৰ্চা চলিছে৷
কিছুদিন বিজেপি নেতৃত্বক লৈ ধনখড় অসন্তুষ্ট হৈ থকা বুলিও খবৰ ওলাইছে। সোমবাৰে তেওঁ ৰাজ্যসভাৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠক আহ্বান কৰে যদিও বিজেপিৰ সভাপতি জে পি নাড্ডা বা কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু কোনোৱেই উপস্থিত নহ’ল। এই কথাত ধনখড় বৰ দুখী আৰু খং উঠা বুলি কোৱা হৈছে। অৱশ্যে জে পি নাড্ডাৰ সৈতে জড়িত সূত্ৰই জনোৱা মতে, এই তথ্য উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়লৈ দিয়া হৈছে।
সূত্ৰ অনুসৰি, বিগত কেইমাহমানৰ পৰা উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ মনোভাৱক লৈ চৰকাৰ অস্বস্তিত পৰিল। ন্যায়াধীশ আৰু ন্যায়পালিকাৰ সন্দৰ্ভত ধনখড়ে কৰা বহু মন্তব্যক অপ্ৰয়োজনীয় আৰু অত্যধিক আক্ৰমণাত্মক বুলি গণ্য কৰা হৈছিল। বিৰোধীৰ প্ৰতি হঠাৎ ‘কোমল’ মনোভাৱ আৰু তেওঁলোকৰ পৰামৰ্শক গুৰুত্ব দিয়াৰ প্ৰৱণতা শাসকীয় দলক অসন্তুষ্ট কৰি তুলিছিল বুলি চৰ্চা চলিছে।
যি সময়ত বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় সপ্তাহত শাসক আৰু বিৰোধীৰ সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে সেই সময়ত ধনখড়ে পদত্যাগ কৰিছে। এনে পৰিস্থিতিত উপ-ৰাষ্ট্ৰপতিৰ বিদায় কেৱল সাংবিধানিক নহয়, চৰকাৰৰ বাবে ৰাজনৈতিক প্ৰত্যাহ্বানও। ধনখড়ৰ পদত্যাগ কেৱল ব্যক্তিগত কাৰণৰ ফল যেন নালাগে। ইয়াৰ উপৰিও ক্ষমতাৰ ভিতৰত থকা মতানৈক্য আৰু ভাৰসাম্যহীনতাৰ দিশটোও আঙুলিয়াই দিয়ে।