৩ স্বামীয়ে এৰি গ’ল, প্ৰেমিকৰ সৈতে গৰ্ভৱতী, তাৰ পিছত হত্যা কৰিলে নিজৰ ৬ মহীয়া পুত্ৰক…
প্ৰথমে ৩ গৰাকীকৈ স্বামীয়ে তেওঁক এৰি থৈ গ’ল। প্ৰেমিকৰ গৰ্ভৱতী হোৱাৰ পিছত তেওঁ আওকাণ কৰিলে। তাৰ পিছত পোহৰলৈ আহিল এটা গোপন কথা। বিৰক্ত হৈ মহিলাগৰাকীয়ে হত্যা কৰিলে নিজৰ ৬ মহীয়া নিৰীহ সন্তানক।

প্ৰতীকি ফটো
মায়ানগৰী মুম্বাইত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। নিজ মাতৃয়ে হত্যা কৰিলে ৬ মহীয়া নিৰীহ পুত্ৰক। লগতে আন এগৰাকী মহিলাকো আক্ৰমণ কৰে। অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ ঘটনা। এগৰাকী মাতৃয়ে নিজৰ সন্তানক হত্যা কৰিব পাৰেনে? মহাৰাষ্ট্ৰৰ মুম্বাইৰ এগৰাকী মাতৃয়ে কৰিছিল এই কাম। তেওঁক গ্ৰেপ্তাৰ কৰা হ’ল আৰু যেতিয়া তেওঁ আৰক্ষীক হত্যাৰ কাৰণ ক’লে, সকলো স্তম্ভিত হৈ পৰিল। আৰক্ষীয়ে নিৰীহ শিশুটিৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
চেম্বুৰৰ তিলক নগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে জনোৱা মতে, তাত বাস কৰা ৪৩ বছৰীয়া এগৰাকী মহিলাই গাৰুৰে হেঁচি ধৰি ছমহীয়া সন্তানটোক হত্যা কৰে। মাতৃয়ে এই ঘটনা সংঘটিত কৰাৰ সময়ত নিৰীহ শিশুটি শুই আছিল। শিশুটিক হত্যা কৰাৰ পিছত মহিলাগৰাকীয়ে আন এগৰাকী মহিলাকো আক্ৰমণ কৰে।
আৰক্ষীৰ মতে, ঘটনা সন্দৰ্ভত কণ্ট্ৰল ৰুমলৈ এটা ফোন আহিছিল। য’ত কোৱা হৈছিল যে এগৰাকী মহিলাই আন এগৰাকী মহিলাক ছুৰীৰে আঘাত কৰিবলৈ চেষ্টা কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰাৰ লগে লগে সেই স্থানত উপস্থিত হয়। তালৈ যোৱাৰ পিছত আৰক্ষীয়ে আক্ৰমণকাৰী মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। ঘৰটোত অভিযান আৰক্ষীয়ে মহিলাগৰাকীৰ পুত্ৰৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। জানিব পৰা মতে মহিলাগৰাকীয়ে প্ৰথমে পুত্ৰক হত্যা কৰিছিল। লগতে সেই মহিলাগৰাকীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল যাৰ ঘৰত তেওঁ কাম কৰিছিল। তাৰ পিছত তেওঁ আত্মহত্যা কৰাৰ পৰিকল্পনা কৰিছিল।
অভিযুক্ত মহিলাগৰাকীয়ে কয় – “পৰিস্থিতিৰ বাবে মই বৰ বিচলিত হৈ পৰিলোঁ। মই নিবনুৱা হৈ আছিলো। মোক তিনিজন স্বামীয়ে মোক এৰি থৈ গৈছিল। তেতিয়া মোৰ জীৱনলৈ এজন প্ৰেমিক আহিল। মই যেতিয়া তেওঁৰ পৰা গৰ্ভৱতী হৈছিলো তেতিয়া তেওঁ মোক এৰি থৈ গৈছিল। পিছত গম পালোঁ যে মই আৰু মোৰ ল’ৰাটো HIV পজিটিভ। এই কথাত মই বিচলিত হৈ পৰিলোঁ। সেইবাবেই মই মোৰ ল’ৰাটোক হত্যা কৰিলোঁ।”
মহিলাগৰাকীয়ে নিজৰ কষ্টৰ বৰ্ণনা দিয়ে
শুকুৰবাৰে যেতিয়া মহিলাগৰাকীক আদালতত হাজিৰ কৰা হয় তেতিয়া তেওঁ কয় – ঠমই এটা গুৰুতৰ ৰোগত আক্ৰান্ত, যাৰ ফলত মোৰ মৃত্যু হ’ব পাৰে। তিনিবাৰ বিয়া হৈছো যদিও আটাইকেইজন স্বামীয়ে মোক এৰি থৈ গৈছে। আন এজন পুৰুষৰ লগত মোৰ সম্পৰ্ক আছিল। মই যে তেওঁৰ সন্তানৰ মাতৃ হ’ম বুলি গম পাই তেওঁ মোক এৰি থৈ গ’ল। সন্তানটো জন্ম দিয়াৰ পিছত মোৰ আৰু মোৰ ল’ৰাৰ ৰোগৰ বিষয়ে জানিব পাৰিলোঁ ৷ আৰ্থিক সংকট আৰু চিকিৎসাৰ বৰ্ধিত খৰছত অতিষ্ঠ হৈ মই এই পদক্ষেপ গ্ৰহণ কৰিছো।” শিৱাজী নগৰৰ বৈগানৱাড়ীত পিতৃ-মাতৃ, ভাতৃ আৰু ভগ্নীৰ সৈতে বাস কৰিছিল মহিলাগৰাকীয়ে।