২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন প্ৰৱৰ্তনৰ ষড়যন্ত্ৰ PFI ৰ, NIA ৰ চাঞ্চল্যকৰ দাবী

NIAই কয় যে বৰ্তমান নিষিদ্ধ ঘোষিত সংগঠন পি এফ আই (পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া)ৰ সদস্য আৰু নেতাসকল বিগত কেইবাবছৰ ধৰি এক বৃহৎ ষড়যন্ত্ৰত জড়িত হৈ আছিল। তেওঁলোকৰ লক্ষ্য আছিল দেশত সন্ত্ৰাস বিয়পাই দিয়া, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন জাপি দিয়া।

২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন প্ৰৱৰ্তনৰ ষড়যন্ত্ৰ PFI ৰ, NIA ৰ চাঞ্চল্যকৰ দাবী

প্ৰতীকী ছবি

Published: 

28 Jun 2025 15:42 PM

কেৰালাৰ পলাক্কাডত আৰ এছ এছৰ কৰ্মী শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে। তদন্তত প্ৰকাশ পাইছে যে নিষিদ্ধ সংগঠন পি এফ আইয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন স্থাপনৰ ষড়যন্ত্ৰ কৰিছিল। যোৱা ১১ জুনত NIAৰ এৰ্নাকুলাম আদালতে মহম্মদ বিলাল, ৰিয়াউজদিন আদি অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছিল। আৰ এছ এছৰ কৰ্মী শ্ৰীনিবাসনক নৃশংসভাৱে হত্যা কৰা গোচৰটোত আটাইকেইজনেই অভিযুক্ত।

আদালতত NIAই কয় যে বৰ্তমান নিষিদ্ধ ঘোষিত সংগঠন পি এফ আই (পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া)ৰ সদস্য আৰু নেতাসকল বিগত কেইবাবছৰ ধৰি এক বৃহৎ ষড়যন্ত্ৰত জড়িত হৈ আছিল। তেওঁলোকৰ লক্ষ্য আছিল দেশত সন্ত্ৰাস বিয়পাই দিয়া, সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন জাপি দিয়া।

পি এফ আইৰ সদস্যসকলে ইছলামিক শাসনৰ বাবে প্ৰস্তুতি চলাইছিল

NIAৰ মতে, পি এফ আইৰ সদস্যসকল পূৰ্বে ছিমিৰ দৰে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত হোৱাৰ লগতে LeT, আইছিছ আৰু আল কায়দাৰ দৰে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ সৈতেও সম্পৰ্ক আছে। সংগঠনটোৰ বহু কেডাৰে এই সন্ত্ৰাসবাদী সংগঠনৰ সদস্য হিচাপেও কাম কৰি আহিছে। কেৰালাকে ধৰি দেশৰ বহু ঠাইত পি এফ আইৰ লোকে হিংসা আৰু হত্যাকাণ্ড সংঘটিত কৰি সাধাৰণ ৰাইজৰ মাজত শংকাৰ সৃষ্টি কৰিছিল।

NIAৰ দাবী যে পি এফ আইয়ে কেৱল সন্ত্ৰাস বিয়পাই দিয়াই নহয়, দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ অন্ত পেলাই নতুন ইছলামিক সংবিধান ৰূপায়ণৰ পৰিকল্পনাও কৰিছিল।

পিএফআইৰ এই পৰিকল্পনাৰ চাৰিটা পৰ্যায় আছিল

  • প্ৰথম পৰ্যায়ত মুছলমান সম্প্ৰদায়ক এখন পতাকাৰ তললৈ অনা।
  • দলিত, পিছপৰা শ্ৰেণী আৰু সংখ্যালঘুসকলক এছ ডি পি আই নামৰ ৰাজনৈতিক দলৰ জৰিয়তে একত্ৰিত কৰি নিৰ্বাচনত জয়ী হোৱা।
  • ইয়াৰ পিছত তেওঁলোকে সমাজত বিভাজন সৃষ্টি কৰি ক্ৰমান্বয়ে ক্ষমতাত অনুপ্ৰৱেশ কৰা।
  • শেষ পৰ্যায়ত পৰিকল্পনা আছিল এছডিপিআইক সমগ্ৰ মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে গঢ়ি তোলা, আৰু অন্যান্য মুছলমান সংগঠনক একাষৰীয়া কৰা।

ইয়াৰ পিছত নিজৰ নিষ্ঠাবান লোকসকলক ন্যায়পালিকা, সেনা আৰু আৰক্ষীত স্থান দি বিৰোধীসকলক বাটৰ পৰা আঁতৰাই দিয়াৰ পৰিকল্পনা আছিল। অস্ত্ৰ-শস্ত্ৰৰ মজুত কৰি দেশত ইছলামিক আইন কাৰ্যকৰী কৰাৰো পৰিকল্পনা আছিল।

সম্পূৰ্ণ পৰিকল্পনা অনুসৰি শ্ৰীনিবাসনৰ হত্যাকাণ্ড সংঘটিত হৈছিল

NIAয়ে কয় যে পি এফ আইৰ এটা বিশেষ ৰিপ’ৰ্টাৰ উইং আৰু চাৰ্ভিচ উইং আছে। ৰিপ’ৰ্টাৰ উইঙে অঞ্চলটোৰ হিন্দু নেতাসকলক অনুসৰণ কৰি এখন তালিকা প্ৰস্তুত কৰিছিল, য’ৰ পৰা চাৰ্ভিচ উইঙৰ জৰিয়তে টাৰ্গেট বাছনি কৰি হত্যা কৰা হৈছিল। শ্ৰীনিবাসনৰ হত্যাকাণ্ডও এই ষড়যন্ত্ৰৰ এটা অংশ আছিল।

NIAৰ মতে এয়া হঠাৎ সংঘটিত অপৰাধ নহয়, সুপৰিকল্পিত সন্ত্ৰাসবাদী আক্ৰমণ আছিল। তেওঁলোকৰ লক্ষ্যত থকাৰ বাবেই শ্ৰীনিবাসনক হত্যা কৰা হৈছিল। সম্পূর্ণ প্রস্তুতিৰ অন্তত তেওঁক থিতাতে দেখা পাই নৃশংসভাৱে হত্যা কৰা হয়। চলিত বৰ্ষৰ মাৰ্চ মাহত ইডিয়ে এছডিপিআইৰ মুৰব্বী এম কে ফাইজিকো গ্ৰেপ্তাৰ কৰিছিল, যাক এই সমগ্ৰ ষড়যন্ত্ৰৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।

মুঠৰ ওপৰত NIA ই আদালতত যি তথ্য দাঙি ধৰিছে, সেই তথ্যই ইংগিত দিয়ে যে পি এফ আই এক গুৰুতৰ সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ সৈতে জড়িত আছিল, যাৰ উদ্দেশ্য আছিল কেৱল এজন ব্যক্তিক হত্যা কৰাই নহয়, সমগ্ৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো ধ্বংস কৰা।

এগৰাকী মহিলাৰ দেহত আৱিষ্কাৰ নতুন ব্লাড গ্ৰুপ, ইয়াৰ নাম কি আৰু ক'ৰ পৰা আহিল?
বাৰে বাৰে আপোনাৰ শৰীৰটো ভাগৰুৱা যেন লাগে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক