দেউতাই মোক গৰ্ভৱতী কৰি…ৰে’লৰ শৌচাগাৰত নাবালিকাই জন্ম দিলে সন্তান! তাৰ পিছত…
গ্ৰীষ্মকালীন বিশেষ ৰে’লত একাংশ হকাৰে শৌচাগাৰৰ ভিতৰত কেঁচুৱাটোৰ কান্দোন শুনা পায়। তাৰ পিছতে শৌচাগাৰৰ ভিতৰত এটা বেগত নৱজাতকটিক উদ্ধাৰ কৰে। তেতিয়ালৈ শিশুটিৰ নাৰীও কটা হোৱা নাছিল। তাৰ পিছত টিটিৰ সৈতে যোগাযোগ কৰে তাত উপস্থিত থকা লোকসকলে। অৱশেষত চিকিৎসাৰ বাবে নৱজাতকটোক ৰে'লৰ পৰা নমাই অনা হয়।

ৰে'লৰ শৌচাগাৰৰ পৰা নৱজাতকক উদ্ধাৰ
উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ৰে’লৰ শৌচাগাৰত উদ্ধাৰ নৱজাতক। শৌচাগাৰত এটা বেগত ভৰাই থোৱা আছিল শিশুটি। কোনে আৰু কিয় শিশুটিক এনেদৰে এৰি থৈ গ’ল? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰে অভিযান। মোৰাদাবাদত উদ্ধাৰ হোৱা নৱজাতকৰ পিতৃ-মাতৃক বিচাৰি বিহাৰত উপস্থিত হয় আৰক্ষী। তাৰ পিছতে পোহৰলৈ আহিল এক জঘন্য় ঘটনা। শিশুটিৰ মাতৃ এগৰাকী নাবালিকা । পিতৃৰ কামনাৰ বলি হৈ অকাল মাতৃত্ব বোজা বহন কৰিবলগীয়া হ’ল এইগৰাকী নাবালিকাই।
সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি বিগত ২২ জুনত নৱজাতকটিৰ জন্ম হৈছিল। পৰিয়ালৰ সদস্যই নাবালিকাগৰাকীক চিকিৎসাৰ বাবে বিহাৰৰ পৰা দিল্লীলৈ লৈ গৈছিল। সেই সময়তে বাৰাণসীৰ সমীপত ৰে’লৰ শৌচাগাৰত নাবালিক ছোৱালীজনীয়ে জন্ম দিলে এটি সন্তান। ইয়াৰ পিছতে পৰিয়ালটোৱে নৱজাত শিশুটিক এটা বেগত ভৰাই আন এখন ৰে’লৰ শৌচাগাৰত থৈ যায়।
পাটনা-চণ্ডীগড় গ্ৰীষ্মকালীন বিশেষ ৰে’লত একাংশ হকাৰে শৌচাগাৰৰ ভিতৰত কেঁচুৱাটোৰ কান্দোন শুনা পায়। তাৰ পিছতে শৌচাগাৰৰ ভিতৰত এটা বেগত নৱজাতকটিক উদ্ধাৰ কৰে। তেতিয়ালৈ শিশুটিৰ নাৰীও কটা হোৱা নাছিল। তাৰ পিছত টিটিৰ সৈতে যোগাযোগ কৰে তাত উপস্থিত থকা লোকসকলে। অৱশেষত মোৰাদাবাদত চিকিৎসাৰ বাবে নৱজাতকটোক ৰে’লৰ পৰা নমাই অনা হয়।
তাৰ পাছত কেঁচুৱাটোৰ পিতৃ-মাতৃৰ সন্ধান আৰম্ভ হ’ল। আৰক্ষীয়ে জনোৱা মতে, বেগটোত এখন চিম কাৰ্ড উদ্ধাৰ কৰা হৈছে। সেই চিম কাৰ্ড ব্যৱহাৰ কৰি এজন ব্যক্তিক আটক কৰা হয়। জেৰাৰ সময়ত তেওঁ কয় যে নৱজাতকটো তেওঁৰ এজন আত্মীয়ৰ নাবালিকা কন্যাৰ সন্তান। তেওঁৰ ঘৰ বিহাৰৰ ছপৰাত। তদন্তৰ সময়ত কন্যাৰ সৈতে পিতৃয়ে সংঘটিত কৰা অত্যাচাৰৰ বিষয়ে জানিব পাৰে আৰক্ষীয়ে। নাবালিকাগৰাকীয়ে কয় যে তেওঁৰ পিতৃ এজন সুৰাপায়ী। সুৰাসক্ত অৱস্থাত এবছৰতকৈও অধিক সময় তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল। যাৰ ফলত তেওঁ গৰ্ভৱতী হৈছিল। আৰু পিছত তেওঁক দিল্লীলৈ লৈ যোৱা হৈছিল।
আৰক্ষীয়ে নাবালিকা কন্যাগৰাকীৰ লগতে মাতৃ আৰু ভগ্নীক মোৰাদাবাদলৈ লৈ আহে। তাত নাবালকগৰাকীয়ে লিখিতভাৱে উল্লেখ কৰিছিল যে শিশুটিক ডাঙৰ-দীঘল কৰাৰ ক্ষমতা তেওঁৰ নাই। বৰ্তমান সন্তানটিক শিশু কল্যাণ সমিতিৰ ওচৰত ৰখা হৈছে। শিশু কল্যাণ সমিতিয়ে জনোৱা মতে, শিশুটি ২ মাহ তেওঁলোকৰ লগত থাকিব। সেই সময়ছোৱাত নাবালিকাগৰাকীয়ে শিশুটিক নিজৰ লগত ৰখাৰ দাবী কৰিব পাৰে। যদি তেওঁ একো দাবী নকৰে তেন্তে আন কোনোবাই শিশুটিক তুলি ল’ব পাৰে।
লগতে পঢ়ক: ভয়ংকৰ ঘটনা! দলং ভাঙি নদীত পৰিল কেইবাখনো বাহন, ১০ জনৰ মৃত্যু, আহত বহু লোক…