Mother’s Day 2024: মাদাৰ টেৰেছাই কেনেকৈ ‘মাদাৰ’ উপাধি পালে ? জানোঁ আহক
Mother’s Day 2024: মাদাৰ টেৰেছাৰ প্ৰকৃত নাম আছিল এগনেছ (Agnes Gonxha Bojaxhiu) । ১৯১০ চনৰ ২৬ আগষ্টত উত্তৰ মেচিডোনিয়াত এটা আলবেনিয়ান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল এগনেছে । এগনেছ আছিল মাক-দেউতাকৰ তৃতীয় সন্তান। এটা সময়ত তেখেতে দুখীয়াক সহায় কৰিবলৈ তেওঁ ঘৰৰ পৰা ওলাই আহিছিল।

মাদাৰ টেৰেছা
মাতৃ হোৱাটো ইমান সহজ নহয় । এগৰাকী মাতৃয়ে তেওঁ সন্তানৰ বাবে কিমান কি ত্যাগ কৰে সেয়া হয়তো আমি অনুভৱ কৰিব নোৱাৰো । সেয়েহে মাতৃৰ ত্যাগ, মৰম আৰু উৎসৰ্গাক সন্মান জনাই আমি মাতৃ দিৱস উদযাপন কৰোঁ । প্ৰতি বছৰে মে’ মাহৰ দ্বিতীয় দেওবাৰটো বিশ্বৰ বিভিন্ন দেশত মাতৃ দিৱস হিচাপে পালন কৰা হয়। এইবাৰ মাতৃ দিৱস ১২ মে’ত উদযাপন কৰা হৈছে। এই উপলক্ষে পৃথিৱীৰ সকলোৱে ‘মা’ বুলি চিনি পোৱা মাদাৰ টেৰেছাৰ বিষয়ে জনো আহক। মাদাৰ টেৰেছাই কেনেকৈ ‘মাদাৰ’ উপাধি পালে ?
মাদাৰ টেৰেছাৰ প্ৰকৃত নাম আছিল এগনেছ (Agnes Gonxha Bojaxhiu) । ১৯১০ চনৰ ২৬ আগষ্টত উত্তৰ মেচিডোনিয়াত এটা আলবেনিয়ান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল এগনেছে । এগনেছ আছিল মাক-দেউতাকৰ তৃতীয় সন্তান। এটা সময়ত তেখেতে দুখীয়াক সহায় কৰিবলৈ তেওঁ ঘৰৰ পৰা ওলাই আহিছিল।
মাদাৰ টেৰেছাই ১৮ বছৰ বয়সতে আয়াৰলেণ্ডলৈ গৈ চিষ্টাৰছ অৱ লৰেটোত যোগদান কৰে। চিষ্টাৰছ অৱ লৰেটো হৈছে শিক্ষাৰ প্ৰতি উৎসৰ্গিত কেথলিক মহিলাৰ এটা ধৰ্মীয় গোট। ইয়াতেই লিছিয়াছৰ চেণ্ট থেৰেছাৰ নামেৰে এগনেছে নিজৰ নাম চিষ্টাৰ মেৰী থেৰেছা ৰাখিছিল। মাদাৰ টেৰেছা প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিল লৰেটো চিষ্টাৰছৰ সৈতে। পিছলৈ কলিকতাৰ এখন বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰিছিল মাদাৰ টেৰেছাই।
#OTD, in 1979, Mother Teresa won the Nobel Peace Prize “for her work for bringing help to suffering humanity.” She devoted her life to help the poorest, orphans, and lepers, while living among them in Calcutta, India. In 2016, Mother Teresa was declared a saint by Pope Francis. pic.twitter.com/5jSw2XWPxL
— U.S. in Holy See (@USinHolySee) October 17, 2022
১৯৩৭ চনৰ ২৪ মে’ত টেৰেছাই দৰিদ্ৰতা, সতীত্ব আৰু আজ্ঞা পালনৰ জীৱন যাপনৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে। লৰেটো চিষ্টাৰছসকলৰ ৰীতি অনুসৰি এই প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ লগে লগে এগনেছে ‘মা’ উপাধি গ্ৰহণ কৰে আৰু এইদৰেই মাদাৰ টেৰেছা নামেৰে পৰিচিত হয়। মাদাৰ টেৰেছাই ছেইণ্ট মেৰীছত অধ্যাপনা কৰি থকাৰ পিছত ১৯৪৪ চনত তেওঁ বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে।
মাদাৰ টেৰেছাই লৰেটো কনভেণ্ট এৰি ৰোগী আৰু দুখীয়াৰ যত্ন লোৱাত নিজকে উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ পিছত তেখেতে বস্তিবোৰলৈ গৈ তেওঁ সেৱা প্ৰদান কৰে । ১৯৫০ চনত তেওঁ ভেটিকানৰ পৰা মিছনেৰীজ অৱ চেৰিটি স্থাপনৰ অনুমতি লাভ কৰে। ই হৈছে দুখীয়াৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ লোকৰ সেৱাৰ বাবে উৎসৰ্গিত কেথলিক ধৰ্মীয় সমাবেশ।
মাদাৰ টেৰেছাই নিজৰ সমগ্ৰ জীৱন দুখীয়া আৰু ৰোগীৰ বাবে উৎসৰ্গা কৰিছিল। টেৰেছাৰ চিন্তাই সমাজত শান্তি আৰু প্ৰেম বজাই ৰাখিবলৈ কাম কৰিছিল। ইয়াৰ বাবেই তেওঁ ১৯৭৯ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে। ১৯৮০ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন বঁটা লাভ কৰে। ১৯৯৭ চনৰ ৫ ছেপ্টেম্বৰত হাৰ্ট এটেকৰ বাবে মাদাৰ টেৰেছাৰ মৃত্যু হয়। সেই সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ। ২০১৬ চনত পোপ ফ্ৰান্সিছে ভেটিকান চহৰত মাদাৰ টেৰেছাক সাধু উপাধিৰে সন্মানিত কৰে।