প্ৰকৃতিৰ সংহাৰী ৰূপত বিধ্বস্ত জম্মু-কাশ্মীৰঃ দুৰ্যোগৰ প্ৰকোপত প্ৰাণ হেৰুৱালে ১০ জনে

ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ধাৰাসাৰ বৰষুণৰ প্ৰকোপত ৰামবনৰ ৰাজগড় অঞ্চলত তিনিজন লোকৰ মৃত্যু হৈছে। একে সময়তে ৰিয়াছিৰ মহোৰাত ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰে। পাহাৰৰ পৰা খহি অহা মাটি এটা ঘৰৰ ওপৰত বাগৰি পৰাৰ ফলত ৭ জন লোকে প্ৰাণ হেৰুৱায়।

প্ৰকৃতিৰ সংহাৰী ৰূপত বিধ্বস্ত জম্মু-কাশ্মীৰঃ দুৰ্যোগৰ প্ৰকোপত প্ৰাণ হেৰুৱালে ১০ জনে

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ সংহাৰী ৰূপ

Updated On: 

30 Aug 2025 10:33 AM

ভূস্বৰ্গজম্মুকাশ্মীৰত এতিয়া প্ৰকৃতিয়ে ধৰিছে সংহাৰী ৰূপ ক্ৰমাগতভাৱে প্ৰাকৃতিক দুৰ্যোগত বিধস্ত হৈ পৰিছে উপত্যকাটো ডাৱৰ বিস্ফোৰণ, বৰষুণ আৰু ভূমিস্খলনে জম্মু-কাশ্মীৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। উপত্যকাটোত আজি পুনৰ দুৰ্যোগে প্ৰাণ কাঢ়ি নিছে ১০ জন লোকৰ ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা ধাৰাসাৰ বৰষুণৰ প্ৰকোপত ৰামবনৰ ৰাজগড় অঞ্চলত তিনিজন লোকৰ মৃত্যু হৈছে। একে সময়তে ৰিয়াছিৰ মহোৰাত ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰে। পাহাৰৰ পৰা খহি অহা মাটি এটা ঘৰৰ ওপৰত বাগৰি পৰাৰ ফলত ৭ জন লোকে প্ৰাণ হেৰুৱায়।

প্ৰকাশিত খবৰ অনুসৰি, ৰাজগড়ত ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিকভাৱে সৃষ্টি হোৱা বানত বহুকেইটা ঘৰ ক্ষতিগ্ৰস্ত হয়। এনে দুৰ্যোগৰ ফলত স্থানীয় লোকসকলৰ মাজত ব্যাপক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় প্ৰশাসনে ইতিমধ্যে অঞ্চলটোত উদ্ধাৰ অভিযান তথা সাহায্য অভিযান আৰম্ভ কৰিছে

ইফালে ৰিয়াছিৰ মহোৰা অঞ্চলত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাই জন লোকে প্ৰাণ কাঢ়ি নিয়াৰ পিছতে অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ পিছতে স্থানীয় প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে সাহায্য তথা উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

ঘটনাস্থলীৰ পৰা স্থানীয় বহু লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ সুবিধাৰ্থে সাহায্য শিবিৰ স্থাপন কৰা হৈছে। স্থানীয় প্ৰশাসনিক বিষয়াসকলে সম্প্ৰতি পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে তথা সম্ভাৱ্য আন পৰিস্থিতিৰ বাবে সাজু হৈ আছে বুলি অৱগত কৰে

স্থানীয় প্ৰশাসনে জানিবলৈ দিয়া মতে, ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ বাবে নদীসমূহৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত স্থানীয় ৰাইজক সাৱধান হ’বলৈ আহ্বান জনোৱা হৈছে। এইবাৰ জম্মুৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বানপানী, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু লোক নিৰুদ্দেশ হৈছে।

সোমবাৰৰ পৰা জম্মুৰ বিভিন্ন অঞ্চলত মুঠ ৫৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কাটৰাত ৩৪ জন, ৰিয়াছিত ৭ জন, ৰামবনত ৩ জন, জম্মুৰ এগৰাকী আৰ্মী আৰু বি এছ এফ জৱানসহ ৫জন, ডোডাত ৪ জন আৰু কাঠুৱাত ১ জন লোক নিহত হৈছে। ইতিপূৰ্বে ১৪ আগষ্টত জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত সংঘটিত ডাৱৰ বিস্ফোৰণতো প্ৰায় ৬০ জন লোকৰ মৃত্যু হয়।

মৃত ব্যক্তিৰ ফটো ঘৰৰ কোন স্থানত ৰাখিব, মাথোঁ নকৰিব ভুল!
চৰ্বিযুক্ত যকৃতক আওকাণ নকৰিব, প্ৰতিৰোধ কৰাৰ টিপছ জানক
আলুৰ ১০টা উপকাৰী গুণ, জানিলে আচৰিত হ'ব...
সম্পৰ্ক ৰক্ষাৰ মূল মন্ত্ৰ কি? প্ৰেমানন্দ মহাৰাজে ক'লে প্ৰেমৰ প্ৰকৃত অৰ্থ...