৬০ বছৰীয়া প্ৰেমিকাই নিতে কৰিছিল এটাই দাবী, অতিষ্ঠ হৈ প্ৰেমিক ইমৰানে কৰিলে ভয়ংকৰ কাণ্ড
সংসাৰৰ বাধা নেওচি দুয়ো গঢ়ি তুলিছিল বিবাহ বহিৰ্ভূত সম্পৰ্ক। পিছে এই সম্পৰ্কই কাল হৈ পৰিল মহিলাগৰাকীৰ বাবে। নিয়মিত এক দাবীত অতিষ্ঠ হৈ প্ৰেমিকে প্ৰাণ লৈছে প্ৰেমিকাৰ। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ এই চাঞ্চল্যকৰ কাণ্ডই এতিয়া দখল কৰিছে সংবাদ শিৰোনাম।

প্ৰতিনিধিত্বমূলক ছবি
প্ৰেমিকা ৬০ বছৰীয়া,প্ৰেমিকৰ বয়স ৪৫ বছৰ। দুয়োৰে আছে নিজৰ সংসাৰ। কিন্তু সংসাৰৰ বাধা নেওচি দুয়ো গঢ়ি তুলিছিল বিবাহ বহিৰ্ভূত সম্পৰ্ক। পিছে এই সম্পৰ্কই কাল হৈ পৰিল মহিলাগৰাকীৰ বাবে। নিয়মিত এক দাবীত অতিষ্ঠ হৈ প্ৰেমিকে প্ৰাণ লৈছে প্ৰেমিকাৰ। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ এই চাঞ্চল্যকৰ কাণ্ডই এতিয়া দখল কৰিছে সংবাদ শিৰোনাম। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাথৰাছত। দেওবাৰে এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। জানিব পৰা মতে যোৱা ১৪ নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনা।
প্ৰকাশিত খবৰ অনুসৰি, চান্দপা অঞ্চলৰ সমীপত পথৰ দাঁতিত উদ্ধাৰ হৈছিল এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ। মৃতদেহটো চিনাক্ত কৰি অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে দহটা আৰক্ষীৰ দল গঠন কৰা হয়। এই তদন্তৰ সময়ত মৃত মহিলাগৰাকীৰ নাম জোছিনা (৬০) বুলি চিনাক্ত কৰা হয়।
চিচিটিভি ফুটেজৰ আধাৰত সন্দেহলৈ আহিছিল ইমৰান
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে প্ৰায় পাঁচখন জিলাৰ ১০০০ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আগ্ৰাৰ তাজগঞ্জৰ বাসিন্দা ইমৰাণ (৪৫)ক এই গোচৰত জড়িত থকা বুলি সন্দেহ কৰে। দেওবাৰে হাথৰাছৰ পৰা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ তথ্যৰ ভিত্তিত মৃতকৰ ফোন উদ্ধাৰ কৰে।
জিলাখনৰ আৰক্ষী অধীক্ষকৰ ভাষ্য মতে, ইমৰানে জোছিনাৰ কন্যা তথা কলকাতাত থকা মুমতাজৰ বাবে বিবাহ সংগী বিচাৰি দিছিল। ইমৰাণৰ পত্নী গৃহ পশ্চিম বংগত থকা জোছিনাৰ স্বামীগৃহৰ সমীপতে আছিল। সেই সূত্ৰে অভিযুক্ত ইমৰান আৰু জোছিনাৰ মাজত সাক্ষাৎ হৈছিল। লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।
জোছিনাই কৰিছিল বিবাহৰ দাবী
আৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰা মতে, জোছিনাই ইমৰানক ধাৰাবাহিকভাৱে বিয়া কৰাবলৈ হেঁচা দি আহিছিল। কিন্তু ইমৰানে পত্নী আৰু সন্তান থকাৰ বাবে জোছিনাক বিয়া কৰাব বিচৰা নাছিল। ইমৰানে জেৰাৰ সময়ত প্ৰকাশ কৰা মতে তেওঁ যোৱা ১৩ নৱেম্বৰত বাছেৰে কলকাতালৈ যাবলৈ ওলোৱা জোছিনাক সংগ দিয়ে।
কিন্তু পশ্চিম বংগলৈ যোৱাৰ পৰিৱৰ্তে দুয়ো হাথৰাছৰ নগলা ভূছ ছেক্সনত বাছৰ পৰা নামে। সেই স্থানতে নিয়মিত বিবাহৰ দাবীত অতিষ্ঠ হৈ পৰা ইমৰানে জোছিনাক ডিঙি চেপি হত্যা কৰিছিল আৰু তাৰ পিছত পলায়ন কৰে বুলি জেৰাত স্বীকাৰ কৰিছে। সম্প্ৰতি অভিযুক্ত ইমৰান আৰক্ষীৰ জিম্মাত। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানবলৈ দিছে আৰক্ষীয়ে।