আজি শপত ল’ব দেশৰ নতুন মুখ্য ন্যায়াধীশ সূৰ্যকান্তই, অনুচ্ছেদ ৩৭০ৰ লগতে এনে গোচৰত আছিল জড়িত…
বিগত ৩০ অক্টোবৰত ন্যায়াধীশ সূৰ্যকান্তক বি আৰ গাভাইৰ উত্তৰাধিকাৰী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। আজি দায়িত্ব গ্ৰহণৰ পিছৰে পৰা ন্যায়াধীশ সূৰ্যকান্তই প্ৰায় ১৫ মাহৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰিব।

দেশৰ নতুন মুখ্য ন্যায়াধীশ সূৰ্যকান্ত
আজি দেশে লাভ কৰিব এগৰাকী নতুন মুখ্য ন্যায়াধীশ। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল অন্ত পৰাৰ পিছত আজি ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্য কান্তই। আজি হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত সাতখন দেশৰ মুখ্য ন্যায়াধীশকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ হিচাপে নতুন কাৰ্যকাল আৰম্ভ কৰিবলৈ সাজু হোৱা সূৰ্যকান্তই উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত ৩৭০ অনুচ্ছেদ বাতিল, বিহাৰৰ ভোটাৰ তালিকা সংশোধন, পেগাছাছ স্পাইৱেৰ গোচৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সাংবিধানিক সিদ্ধান্তৰ সৈতে জড়িত আছিল।
বিগত ৩০ অক্টোবৰত ন্যায়াধীশ সূৰ্যকান্তক বি আৰ গাভাইৰ উত্তৰাধিকাৰী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। আজি দায়িত্ব গ্ৰহণৰ পিছৰে পৰা ন্যায়াধীশ সূৰ্যকান্তই প্ৰায় ১৫ মাহৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰিব। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত ৬৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব।
ন্যায়াধীশ সূৰ্যকান্ত কোন?
১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ হিছাৰ জিলাৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তই। এখন সৰু চহৰৰ প্ৰেকটিচনাৰৰ পৰা তেওঁ আজি দেশৰ সৰ্বোচ্চ ন্যায়িক পদবীলৈ উন্নীত হৈছে। ১৯৮১ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইন শাখাত স্নাতক ডিগ্ৰী লাভ কৰা ন্যায়াধীশ সূৰ্যকান্তই ২০১১ চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা আইন স্নাতকোত্তৰত প্ৰথম শ্ৰেণীত প্ৰথম স্থান লাভ কৰে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ পূৰ্বে তেওঁ ২০১৮ চনৰ ৫ অক্টোবৰৰ পৰা হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পূৰ্বে তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান কৰিছিল। ২০১৯ চনৰ ২৪ মে’ত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল।
কিছু উল্লেখযোগ্য ৰায়
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যকালত ন্যায়াধীশ সূৰ্যকান্তই ৩৭০ নং অনুচ্ছেদ, বাক স্বাধীনতা, নাগৰিকত্বৰ বিষয়সমূহৰ ওপৰত উল্লেখযোগ্য ৰায়দানৰ সৈতে জড়িত হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ ৰেফাৰেন্সৰ শুনানি গ্ৰহণ কৰা বিচাৰপীঠখনতো অন্তৰ্ভুক্ত আছিল ন্যায়াধীশ সূৰ্যকান্ত। ইয়াৰ লগতে তেওঁ বিহাৰৰ ভোটাৰ তালিকা সংশোধন, পেগাছাছ স্পাইৱেৰ গোচৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ সৈতে জড়িত আছিল।