ব্যাপক ভিৰৰ লগতে হাতী-সাপৰ শংকা! জগন্নাথ ৰথযাত্ৰাত ভয়াৱহ পৰিস্থিতি, আহত কেইবাজনো

পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ সময়ত অত্যধিক জনসমাগমৰ ফলত ৭০ জন ভক্ত আহত হোৱা বুলি তথ্য প্ৰকাশ পাইছে। ইফালে পশ্চিম বংগৰ পূব মেদিনীপুৰ আৰু গুজৰাটৰ আহমেদাবাদতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত বহু ভক্ত আহত হোৱা বুলি প্ৰকাশ পাইছে।

ব্যাপক ভিৰৰ লগতে হাতী-সাপৰ শংকা! জগন্নাথ ৰথযাত্ৰাত ভয়াৱহ পৰিস্থিতি, আহত কেইবাজনো

জগন্নাথ ৰথযাত্ৰাত ভয়াৱহ পৰিস্থিতি

Published: 

28 Jun 2025 06:49 AM

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ ধৰ্মীয় উৎসৱ জগন্নাথ ৰথ যাত্ৰা। মূল মন্দিৰ স্থান ওড়িশাৰ পুৰীৰ সমান্তৰালকৈ দেশৰ ভিন্ন স্থানত এই পবিত্ৰ ৰথযাত্ৰা উলিওৱা হৈছে। ইফালে এই ৰথযাত্ৰাৰ সময়তে সৃষ্টি হোৱা নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ ফলত কেইবাস্থানতো ভক্তৰ আহুকালৰ খবৰ পোহৰলৈ আহিছে। পুৰীৰ জগন্নাথ ৰথ যাত্ৰাৰ সময়ত অত্যধিক জনসমাগমৰ ফলত ৭০ জন ভক্ত আহত হোৱা বুলি তথ্য প্ৰকাশ পাইছে। ইফালে পশ্চিম বংগৰ পূব মেদিনীপুৰ আৰু গুজৰাটৰ আহমেদাবাদতো ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত বহু ভক্ত আহত হোৱা বুলি প্ৰকাশ পাইছে।

প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে পুৰীত আৰম্ভ হোৱা জগন্নাথ ৰথ যাত্ৰাত গজাপতি দিব্য সংঘদেৱৰ ৰাজপ্ৰসাদৰ সমীপত বৃহৎ সংখ্যক ভক্তৰ সমাগম হৈছিল। পুৰী আৰক্ষী-প্ৰশাসনে সমবেত ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছিল যদিও ক্ৰমবৰ্ধমান ভিৰৰ বাবে ৰথযাত্ৰাৰ সময়ত হঠাৎ ভক্তসকলৰ মাজত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। ভক্তসকলৰ ,আজত সৃষ্টি হোৱা হেঁচা-ঠেলাত বহু লোক মাটিত বাগৰি পৰে।

এই পৰিস্থিতিৰ ফলত ৭০ জনৰো অধিক ভক্ত আহত হয়। আটাইকেইজন ভক্তক তাৎক্ষণিকভাৱে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে পুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে আৰক্ষী-প্ৰশাসনে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰথ যাত্ৰা পুনৰ আগবঢ়াই নিয়ে। লক্ষণীয়ভাৱে বিগত বৰ্ষতো ৰথ যাত্ৰাৰ সময়ত এনে এক পৰিস্থিতি সৃষ্টি হোৱাৰ ফলত এজন ভক্তৰ মৃত্যু হৈছিল। সেই দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে কঠোৰ ব্যৱস্থা কৰিছিল যদিও এইবাৰো প্ৰথম দিনটোতে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়।

ইফালে গুজৰাটৰ আহমেদাবাদতো ৰথযাত্ৰাৰ সময়ত অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। আহমেদাবাদৰ ৰথ যাত্ৰাৰ সময়ত খাদিয়া গোলাৱাদৰ সমীপত মানুহৰ ভিৰত শংকিত হৈ এটা হাতী নিয়ন্ত্ৰণহীন হৈ পৰে আৰু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত চিৰিয়াখানাৰ অধীক্ষককে ধৰি এটা বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটোক নিয়ন্ত্ৰণ কৰে। অনিয়ন্ত্ৰিত হাতীটোক নিয়ন্ত্ৰণ কৰি বান্ধি ৰথ যাত্ৰাৰ কাষলৈ লৈ যোৱা হয়।

এই পৰিস্থিতিৰ ফলতএজন যুৱক আহত হোৱাৰ তথ্য প্ৰকাশ পাইছে। আহত যুৱকজনক এম্বুলেন্সৰ জৰিয়তে চিকিৎসাৰ বাবে সমীপৰ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে। আনহাতে পশ্চিম বংগৰ পূব মেদিনীপুৰ জিলাত ৰথ যাত্ৰাৰ সময়ত এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হয়। ২৫০ বছৰীয়া মহিষদলৰ ৰথ যাত্ৰাৰ সময়ত প্ৰায় ১১ জন লোক আহত হয়। আহতসকলক বসুলীয়া গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৰষুণৰ বাবে পথ বোকাময় আৰু পিছল হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰথযাত্ৰাত হোৱা সমবেত হোৱা বহু ভক্ত পিছলি পৰে। এই দুৰ্ঘটনাত প্ৰায় ১১ জন লোক আহত হয়। আহতসকলৰ অধিকাংশই মহিলা বুলি জানিব পৰা হৈছে। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক আৰু দুয়োগৰাকী তামলুক চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি খবৰ প্ৰকাশ পাইছে। ইফালে ভিৰৰ মাজতে এগৰাকী মহিলা ভক্তক সাপে দংশন কৰা বুলিও খবৰ পোহৰলৈ আহিছে।

বাৰে বাৰে আপোনাৰ শৰীৰটো ভাগৰুৱা যেন লাগে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
কিনা পানীৰ বটলৰ সাঁফৰৰ ৰং কিয় বেলেগ বেলেগ হয় জানেনে?
গোৰোহাৰ বিষ বা ফুলাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক
আহিব নতুন ভাইৰাছ, দ্ৰুতগতিত বৃদ্ধ হ'ব মানুহ! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী