বিবাহৰ প্ৰতিশ্ৰুতি পূৰণ! পত্নীৰ জীৱন ৰক্ষা কৰিবলৈ স্বামীয়ে ত্যাগ কৰিলে নিজৰ প্ৰাণ…

 পানীত ডুব যোৱা পত্নীক বচাবলৈ স্বামীয়ে পুখুৰীত জপিয়াই পৰিল। তাইক মৃত্যুৰ কোলাৰ পৰা উলিয়াই আনিলে। কিন্তু নিজৰ প্ৰাণ হেৰুৱালে স্বামীয়ে। এইগৰাকীৰ স্বামীৰ কাহিনীয়ে আপোনাকো চকুলো টুকিবলৈ বাধ্য কৰাব।

বিবাহৰ প্ৰতিশ্ৰুতি পূৰণ! পত্নীৰ জীৱন ৰক্ষা কৰিবলৈ স্বামীয়ে ত্যাগ কৰিলে নিজৰ প্ৰাণ...

প্ৰতীকি ফটো

Published: 

05 Aug 2025 17:41 PM

হিন্দু ধৰ্মৰ নিয়ম অনুসৰি বিবাহৰ সময়ত অগ্নিক সাক্ষী কৰি স্বামী-স্ত্ৰীয়ে ইজনে সিজনক কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰে এটা প্ৰতিশ্ৰুতি হ’ল পত্নীক ৰক্ষা কৰা। মধ্যপ্ৰদেশৰ সতনাত এই প্ৰতিশ্ৰুতি পালন কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন স্বামীয়ে। ঘটনাটো মধ্যপ্ৰদেশৰ সতনাৰ। য’ত পুখুৰীত গা ধুই থকা অৱস্থাত এগৰাকী মহিলা ডুব যাবলৈ ধৰে। পত্নী ডুবিবলৈ ধৰাত স্বামীয়ে তেওঁক বচাবলৈ পুখুৰীত জপিয়াই দিয়ে। তেওঁ পত্নীক বচালে। কিন্তু পানীত ডুব গৈ  নিজে মৃত্যু সাৱটি লয় (Husband Drowned In The pond)।

এই ঘটনাই সমগ্ৰ গাঁওবাসীক শোকস্তব্ধ কৰি তুলিছে। ইয়াৰ পিছতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক গতাই দিয়ে আৰক্ষীয়ে। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। বিষয়টো সতনা জিলাৰ উঞ্চেহৰাৰ। পৰসমানিয়াৰ বাসিন্দা ৰাজ বাহাদুৰ সিং গণ্ডে ঘৰৰ ওচৰৰ পুখুৰী এটাত পৰিয়ালৰ সৈতে গা ধুবলৈ গৈছিল। এই পৰিয়ালটোৱে শেহতীয়াকৈ এটা সন্তান হেৰুৱাই পুখুৰীত গা ধুই পৰম্পৰাগত অনুষ্ঠান পালন কৰিছিল। কিন্তু ভাগ্যত আন কিবাহে লিখা আছিল।

ৰাজ বাহাদুৰৰ পত্নী অঞ্জু গা ধুওঁতে হঠাৎ পিছলি গৈ গভীৰ পানীত পৰে। অঞ্জুক ডুব যোৱা দেখি ৰাজ বাহাদুৰে এক মুহূৰ্তও পলম নকৰি পুখুৰীত জপিয়াই পৰিল। সমস্ত শক্তি আৰু সাহসেৰে তেওঁ পত্নীক নিৰাপদে বাহিৰলৈ আনিলে। কিন্তু এই সময়ছোৱাত তেওঁ নিজেই পুখুৰীৰৰ গভীৰ পানীত ডুব যায়। যেতিয়ালৈকে গাঁৱৰ মানুহে এই  কথা বুজিব পাৰিছিল, তেতিয়ালৈকে তেওঁৰ উশাহ বন্ধ হৈ গৈছিল। পৰিয়ালৰ লোকে তেওঁক উচেহৰা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ৰাজ বাহাদুৰৰ মৃত্যুৰ খবৰে গাঁওখনত শোকৰ জোৱাৰ আনিছে। পাৰস্মনিয়া আউটপোষ্ট আৰক্ষীয়ে এই বিষয়ত গোচৰ ৰুজু কৰি পৰিয়ালটোক গতাই দিছে মৃতদেহটো।

ইফালে স্বামীৰ মৃত্যুৰ বাবে শোকত ভাগি পৰিছে পত্নী অঞ্জু। ইতিমধ্যে তেওঁ এটি সন্তান হেৰুৱাইছে। তাৰ পিছত জীৱন সংগীৰো এনেদৰে মৃত্যু হোৱাত যেন তেওঁৰ ওপৰত সৰগ ভাগি পৰিছে। ৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰিছে গাঁওবাসীও। গাঁওবাসীয়ে কয় যে ৰাজ এজন সহজ-সৰল ব্যক্তি আছিল। তেওঁক মৃত্যুৱে এনেদৰে লৈ যাব বুলি কোনেও সপোনতো ভবা নাছিল।

পাৰ চৰাইক খাদ্য দিয়াটো শুভ নে অশুভ? জানি হ'ব আচৰিত!
জীৱনলৈ অহা সমস্যা কেনেকৈ দূৰ কৰিব? ক’লে প্ৰেমানন্দ মহাৰাজে
ধনী হোৱাত বাধা দিয়ে এই ৪ অভ্যাসে! বাস্তু শাস্ত্ৰত আছে সবিশেষ...
কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে? চিকিৎসকৰ পৰা জানক...