ছোৱালীৰ উপাৰ্জন খাই বুলি হাঁহিছিল সমাজে! পিতৃয়ে জীৱন শেষ কৰি দিলে নিজ কন্যাৰ…

এক নৃশংস কাণ্ড। নিজ পিতৃয়ে গুলীয়াই হত্যা কৰিলে কন্যাক। জানিব পৰা মতে, যুৱতীগৰাকী টেনিছ খেলুৱৈ আছিল আৰু একাডেমী চলাই আছিল। এই কথা ভাল পোৱা নাছিল তেওঁ।

ছোৱালীৰ উপাৰ্জন খাই বুলি হাঁহিছিল সমাজে! পিতৃয়ে জীৱন শেষ কৰি দিলে নিজ কন্যাৰ...

ৰাধিকা

Published: 

11 Jul 2025 13:54 PM

বৰ্তমান চৰ্চাত আছে খেলুৱৈ ৰাধিকা যাদৱৰ হত্যাকাণ্ড। হাৰিয়ানাৰ গুৰুগ্ৰামৰ ছেক্টৰ-৫৭ত বাস কৰা টেনিছ খেলুৱৈ ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে তেওঁৰ নিজ পিতৃয়ে। বৃহস্পতিবাৰ (১০জুলাই)য়ে পুৱা প্ৰায় ১০.৩০ মান বজাত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। ঘটনাৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে পিতৃয়ে ৰাধিকাৰ টেনিছ একাডেমী বন্ধ কৰিব বিচাৰিছিল। যাৰ বাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে এই ঘটনাৰ কোনো অন্য কাৰণো হ’ব পাৰে।

জানিব পৰা মতে, ৰাধিকাৰ পিতৃয়ে সমাজৰ পৰা লাভ কৰা ঠাট্টা-মস্কৰাৰ পৰা বিচলিত হৈ পৰিছিল। তেওঁক বহুতে কন্যাৰ উপাৰ্জন খাই বুলি ঠাট্টা কৰিছিল। গতিকে তেওঁ বিচাৰিছিল ৰাধিকাই টেনিছ একাডেমী বন্ধ কৰক। কিন্তু ৰাধিকাই তেওঁৰ কথা মানি লোৱা নাছিল। এই বিষয়টোৱে পিতৃ-কন্যাৰ মাজত বিবাদৰ কাৰণ হৈ পৰিছিল, যাৰ পৰিণতিত এই নৃশংস কাণ্ড সংঘটিত হয়।

কিন্তু আৰক্ষীয়ে ইয়াৰ অন্য কাৰণ থকা বুলিও সন্দেহ কৰিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ৰাধিকাৰ এটা মিউজিক ভিডিঅ’ আছিল, যাৰ বাবে তেওঁৰ পিতৃ অতি ক্ষোভিত হৈ আছিল।  এই ভিডিঅ’টো আছিল স্বতন্ত্ৰ শিল্পী INAAM ৰ ‘কৰবান’ গীত, যিটো গীত জিশান আহমেদে প্ৰযোজনা কৰিছিল আৰু এবছৰ পূৰ্বে LLF ৰেকৰ্ডছ লেবেলৰ অধীনত মুক্তি পাইছিল।

এই ভিডিঅ’টোত ৰাধিকাই ইনামৰ সৈতে কেইবাটাও দৃশ্যত অভিনয় কৰিছে। কিন্তু ৰাধিকাৰ পিতৃ দীপকে এই ভিডিঅ’টো ভাল পোৱা নাছিল আৰু বাৰে বাৰে ভিডিঅ’টো ডিলিট কৰিবলৈ কৈছিল। কিন্তু ৰাধিকাই সেই ভিডিঅ’ ডিলিট কৰা নাছিল। এনেবোৰ কাৰণত ৰাধিকাৰও ওপৰত পিতৃৰ খং বাঢ়িছিল।

আৰক্ষীয়ে জনোৱা মতে , ২৫ বছৰীয়া টেনিছ খেলুৱৈ ৰাধিকা যাদৱক ৫টাকৈ গুলী মাৰি নিজৰ পিতৃয়ে হত্যা কৰে। ৰাধিকা যাদৱৰ পৰিয়ালে প্ৰথমে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল যে ৰাধিকাই চৰম পন্থা গ্ৰহণ কৰিছে। কিন্তু আৰক্ষীৰ কঠোৰ জেৰাত পিতৃয়ে হত্যাৰ কথা স্বীকাৰ কৰে।

দীপকে কয় যে ঘটনাৰ সময়ত ঘৰত তেওঁ, ৰাধিকা আৰু পত্নী মঞ্জু উপস্থিত আছিল। আনহাতে, ভাতৃ ধীৰাত কামৰ বাবে ওলাই গৈছিল। সেই সময়তে একাডেমী বন্ধ কৰাক লৈ ৰাধিকাৰ লগত তেওঁৰ কাজিয়া হৈছিল। দীপকে কয় যে, প্ৰায়ে ওচৰ-চুবুৰীয়াই তেওঁ হাঁহিছিল যে তেওঁ ছোৱালীৰ উপাৰ্জন খায়। ওচৰ-চুবুৰীয়াৰ ঠাট্টা-মস্কৰা শুনি অতিষ্ঠ হৈ পৰিছিল তেওঁ আৰু যাৰ বাবে এই কাণ্ড সংঘটিত কৰে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীপক যাদৱক। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব কিয় কাৰণে পিতৃয়ে হত্যা কৰিলে ৰাধিকাক।

 

অন্য খবৰ পঢ়কঃ জনচক্ষুৰ পৰা আঁতৰত, চিনি নাপাই সেনাই! চীন সীমান্তত পহৰা দি থকা এই বিশেষ বাহিনীটোৰ বিষয়ে জানেনে?

এফালে শচীনক স্পৰ্শ, আনফালে দ্ৰাবিড়ক অতিক্ৰম; শতকেৰে লৰ্ডছত অভিলেখ ৰচিলে ৰুটে
ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক