অৱতৰণৰ সময়তে দাওদাওকৈ জ্বলি উঠিল এয়াৰ ইণ্ডিয়াৰ বিমান, তাৰ পিছত…

দিল্লী বিমানবন্দৰত আজি সংঘটিত হৈছে এক ভয়ানক পৰিস্থিতিৰ। হংকঙৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়।

অৱতৰণৰ সময়তে দাওদাওকৈ জ্বলি উঠিল এয়াৰ ইণ্ডিয়াৰ বিমান, তাৰ পিছত...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

22 Jul 2025 18:53 PM

গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ হৃদয় বিদাৰক দৃশ্য এতিয়াও পাহৰিব পৰা নাই দেশে এই ভয়াৱহ দুৰ্ঘটনাৰ ছবি দেশবাসীৰ মানসপটত এতিয়াও স্পষ্ট হৈ থকাৰ সময়তে আজি দিল্লী বিমানবন্দৰত আন এক ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভাৱনীয়তাই দেশক আতংকিত কৰি তুলিছে দিল্লী বিমানবন্দৰত আজি সংঘটিত হৈছে এক ভয়ানক পৰিস্থিতিৰ হংকঙৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়।

জানিব পৰা মতে বিমানখনৰ সহায়ক বৈদ্যুতিক ইউনিটত এই অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে এই ঘটনাই ভয়ংকৰ ৰূপ লোৱাৰ পূৰ্বেই তাৎক্ষণিকভাৱে আটাইকেইজন যাত্ৰীক নিৰাপদে উলিয়াই আনিবলৈ সক্ষম হয় এই ঘটনাত বিমানখনৰ ক্ৰু সদস্যসকলো সুৰক্ষিত বুলি খবৰ প্ৰকাশ পাইছে।

প্ৰকাশিত খবৰ অনুসৰি এয়াৰ ইণ্ডিয়াৰ বিমান AI 315- এ অৱতৰণ কৰাৰ লগে লগে বিমানখনৰ সহায়ক বৈদ্যুতিক ইউনিটত মৃদু অগ্নিকাণ্ড সংঘটিত হয়। ইতিমধ্যে বিমান কোম্পানীটোৱে এই কথা নিশ্চিত কৰিছে। এয়াৰ ইণ্ডিয়াই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে বিবৃতিটোত উল্লেখ কৰা মতে এই দুৰ্ঘটনাৰ সময়ত যাত্ৰীসকলে বিমানৰ পৰা নামিবলৈ আৰম্ভ কৰিছিল।

চিষ্টেমৰ ডিজাইন অনুসৰি এপিইউ স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গৈছিল। বিমানখনৰ কিছু ক্ষতি হৈছে যদিও সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ সুৰক্ষিত বুলিও এয়াৰ ইণ্ডিয়াই বিবৃতিত উল্লেখ কৰে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে। ৰেগুলেটৰী এজেঞ্চীকো এই সন্দৰ্ভত অৱগত কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

কেৱল জ্বৰ নহয়, মেলেৰিয়াত আক্ৰান্ত হ'লে এইবোৰ লক্ষণেও দেখা দিয়ে
জিভাৰ বগা আৱৰণ লুকাই থকা স্বাস্থ্যজনিত সমস্যা লক্ষণ হ’ব পাৰে, আওকাণ নকৰিব
মুখৰ দুৰ্গন্ধ হ’ব পাৰে এনে ৰোগসমূহৰ প্ৰাৰম্ভিক লক্ষণ, আওকাণ নকৰি এতিয়াই হওক সাৱধান
ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰতো কণী! পিছে দিনটোত কিমান কণী খাব লাগে জানেনে?