চাঞ্চল্যকৰ হত্যাকাণ্ড, প্লাষ্টাৰ ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰিলে ঠিকাদাৰৰ মৃতদেহ…

অপহৰণ কৰা হ’ল এজন ঠিকাদাৰক! কেৱল অপৰহণ কৰাই নহয় হত্যা কৰি পুতি থোৱা হ’ল ঠিকাদাৰজনৰ মৃতদেহ । জানিলে আচৰিত হ’ব ঠিকাদাৰজনক হত্যা কৰি তেওঁ মৃতদেহ পুতি ওপৰত কৰা হ’ল প্লাষ্টাৰ ।

চাঞ্চল্যকৰ হত্যাকাণ্ড, প্লাষ্টাৰ ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰিলে ঠিকাদাৰৰ মৃতদেহ...

প্ৰতীকী ফটো

Published: 

02 Jun 2025 19:50 PM

২৫ লাখ টকাৰ সৈতে অপহৰণ কৰা হ’ল এজন ঠিকাদাৰক! কেৱল অপৰহণ কৰাই নহয় হত্যা কৰি পুতি থোৱা হ’ল ঠিকাদাৰজনৰ মৃতদেহ। জানিলে আচৰিত হ’ব ঠিকাদাৰজনক হত্যা কৰি তেওঁ মৃতদেহ পুতি ওপৰত কৰা হ’ল প্লাষ্টাৰ। হাইস্কুলৰ এগৰাকী শিক্ষক আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হৈছে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ।

ঘটনাটো চুবুৰীয়া পশ্চিম বংগৰ । ঘটনাত নাম সাঙুৰ খাইছে মালদাৰৰ এখন হাইস্কুলৰ এগৰাকী শিক্ষক আৰু তেওঁৰ পত্নীৰ নাম । আৰক্ষীৰ জেৰাৰ সময়তে ঘটনাৰ সন্দৰ্ভত স্বীকাৰোক্তি দিয়ে শিক্ষকগৰাকীৰ পত্নীয়ে। জানিব পৰা মতে, তেওঁৰ পিতৃৰ ঘৰ দক্ষিণ দিনাজপুৰত। পিতৃ ঘৰতে ঠিকাদাৰজনৰ মৃতদেহ পুতি ওপৰত প্লাষ্টাৰ কৰা হ’ল। যাতে সমগ্ৰ ঘটনা গাপ দিব পাৰে ।

ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মহিলাগৰাকীক। স্বামীকো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

জানিব পৰা মতে, পুখুৰীয়া অঞ্চলৰ বাসিন্দা ছাদ্দাম নাদাপ আন ৰাজ্যলৈ শ্ৰমিক যোগান ধৰা কৰা কৰিছিল । দীৰ্ঘদিন ধৰি শ্ৰমিক যোগান ধৰাৰ ঠিকা লৈ আহিছিল ছাদ্দাম নাদাপে । তেওঁৰ আন ব্যৱসায়ো আছে। তেওঁৰ ঠিকাদাৰী আৰু ব্যৱসায় সম্পৰ্কীয় সকলো কামৰ তত্বাৱধান বা পৰিচালনা কৰিছিল শিক্ষক ৰহমান নাদাপ আৰু তেওঁৰ পত্নী মৌমিতা হাছানে।

ৰহমান নাদাপ হাইস্কুলৰ শিক্ষক । শিক্ষকগৰাকী আৰু তেওঁৰ পত্নীয়ে ব্যৱসায়ৰ বাবে প্ৰায় ৪৫ লাখ টকা ঋণ লোৱা বুলিও অভিযোগ উত্থাপন হৈছে। প্ৰথমে শিক্ষকগৰাকী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে অপহৃত ছাদ্দাম নাদাপৰ পত্নী নাছৰিন খাতুনে । এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি, ২৩ মে’ত ২৫ লাখ টকা লৈ ছাদ্দাম ওলাই গৈছিল আৰু ঘৰলৈ উভতি অহা নাছিল ।

অভিযোগ উঠিছে যে, শিক্ষকগৰাকী আৰু তেওঁৰ পত্নীয়ে ছাদ্দামক অপহৰণ কৰিছিল। অভিযোগ ভিত্তিত আৰক্ষীয়ে পৰ্যায়ক্ৰমে বিদ্যালয়ৰ শিক্ষক আৰু তেওঁৰ পত্নীক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে। পত্নী মৌমিতা হাছানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিদ্যালয়ৰ শিক্ষক ৰহমান নাদাপক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

এই ৭ টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব আপোনাৰ ছাল!
মানসিক চাপত ভুগিলে কি কি লক্ষণে দেখা দিয়ে? জানক,,,
মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক
দাঁত-হাড়ৰ লগতে হৃদযন্ত্ৰৰ স্বাস্থ্যও থাকিব অটুট, কেলচিয়াম সমৃদ্ধ এইকেইবিধ ফলে দিব আচৰিত লাভ