মুম্বাইৰ স্থানীয় ৰে’ল বিস্ফোৰণ! অভিযুক্ত একাংশ পাকিস্তানী, বোম্বে ন্যায়ালয়ৰ সিদ্ধান্তক স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ…

মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণক লৈ বোম্বে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে। কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়ে ১২ অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল।

মুম্বাইৰ স্থানীয় ৰেল বিস্ফোৰণ! অভিযুক্ত একাংশ পাকিস্তানী, বোম্বে ন্যায়ালয়ৰ সিদ্ধান্তক স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ...

মুম্বাই

Updated On: 

24 Jul 2025 13:02 PM

বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায়দানত স্থগিতাদেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। কিছুদিন পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ে ২০০৬ চনত মুম্বাইত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত ১২ অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল। সোমবাৰে উচ্চ ন্যায়ালয়ে ১২ অভিযুক্তক দোষমুক্ত ঘোষণা কৰাৰ পাছতে সন্ধিয়া ২ জনক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে। কিন্তু এতিয়া উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ স্থগিত ৰাখে সৰ্বোচ্চ ন্যায়ালয়ে। ইয়াৰ লগতে ১ মাহৰ ভিতৰত উত্তৰ দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে।

সোমবাৰে উচ্চ ন্যায়ালয়ে ১২ অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল। তাৰ পাছত এই ৰায়ক লৈ মহাৰাষ্ট্ৰ চৰকাৰে আপত্তি প্ৰকাশ কৰে। লগতে বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয় কাষ চপাৰ কথা কয়। ইয়াৰ পাছতে  মহাৰাষ্ট্ৰ চৰকাৰৰ হৈ বিষয়টো সন্দৰ্ভত তৎকালীন শুনানিৰ বাবে আবেদন জনাইছিল ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। ইয়াৰ পাছতে ২৪ জুলাইত এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়।

সমগ্ৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক মানি লোৱা নহ’ব। ২০০৬ চনত  মুম্বাইত সংঘটিত ভয়ংকৰ ৰে’ল বিস্ফোৰণৰ ঘটনাত ১২জন অভিযুক্তক দোষমুক্ত কৰাৰ সিদ্ধান্তত স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ লগতে ১২ অভিযুক্তক জাননী জাৰি কৰিচ চাৰি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে। মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদনত ন্যায়াধীশ এম এম সুন্দৰেশ আৰু ন্যায়াধীশ এন কে সিঙৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছে। ন্যায়ালয়ে কয় যে গোচৰৰ ফাইলটো মই পঢ়িছো। ইয়াৰে একাংশ অভিযুক্ত পাকিস্তানী নাগৰিক।

ছলিচিটৰ জেনেৰেল মেহতাই কয় যে, উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণ কৰাসকল পুনৰ জেললৈ প্ৰেৰণ কৰিব বিচৰা নাই যদিও কিছুমান আইনী তথ্যই বিচাৰধীন এমচিঅ’চিএৰ গোচৰত প্ৰভাৱ পেলাব পাৰে । তেওঁ আৰু কয় যে, ইয়াৰে একাংশ পাকিস্তানী নাগৰিক। বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মন্তব্যত স্পষ্টকৈ উল্লেখ আছে যে জেলৰ পৰা ওলাই অহাসকলক পুনৰ জেললৈ প্ৰেৰণ কৰা নহ’ব।

উল্লেখ্য যে, ২০০৬ চনৰ ১১ জুলাইত মুম্বাই ৰে’ল ষ্টেচনত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনা। উক্ত দিনটোত মুম্বাইৰ স্থানীয় ৰে’লত ১১ মিনিটৰ ব্যৱধানত সাতটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল। বোমাত আৰ ডি এক্স ব্যৱহাৰ কৰা হৈছিল আৰু ২০০৬ চনৰ নৱেম্বৰ মাহত মুম্বাই এ টি এছে অভিযোগনামা দাখিল কৰিছিল।

য’ত ১৮৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮২৪ জন লোক আহত হৈছিল। এই গোচৰত ২০১৫ চনত বিশেষ আদালতে মুঠ ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। ইয়াৰে ৫ জনক মৃত্যুদণ্ড আৰু ৭ জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। কিন্তু এই ঘটনাটোতে কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়ে আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল।

 

অন্য খবৰ পঢ়কঃ মুম্বাইৰ স্থানীয় ৰে’ল বিস্ফোৰণত মৃত্যু ১৮৯ জনৰ! ১২ অভিযুক্তক দোষমুক্ত ঘোষণা বোম্বে আদালতৰ…

 

উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক
প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কি কি ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে? বিশেষজ্ঞৰ পৰা জানক
বাৰীৰ কলপাতত আছে আপোনাৰ জেপৰ ধন ৰাহি কৰাৰ যাদু! জানেনে কলপাতত আহাৰ খোৱাৰ উপকাৰিতা কিমান?
সপোনত কেতিয়াবা ওপৰৰ পৰা পৰি যোৱা দেখিছে নেকি? কি সূচায় এনে সপোনে?