১ জুলাইৰ পৰা দেশত সলনি হৈছে বহু গুৰুত্বপূৰ্ণ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰত্যক্ষ প্ৰভাৱ
১ জুলাইৰ পৰা অৰ্থাৎ আজিৰ পৰা সলনি হৈছে এল পি জি, ৰেলৱে টিকটৰ দাম আৰু বহুতো নিয়ম। এইসমূহ নতুন নিয়ম আৰু নতুন দামৰ বিষয়ে বিতংভাৱে জানো আহক।

New Rules 1
এল পি জি, ৰে’লৱেৰ টিকটকে ধৰি বহু নিয়ম সলনি কৰিছে চৰকাৰে। আজিৰ পৰা অৰ্থাৎ ২০২৫ চনৰ ১ জুলাই তাৰিখৰ পৰা এই নিয়মবোৰ কাৰ্যকৰী হ’ব।সেই গুৰুত্বপূৰ্ণ নিয়মবোৰৰ বিষয়ে জানক, যিবোৰ আজিৰ পৰা সলনি হ’ব আৰু যিবোৰে আপোনাৰ পকেটত প্ৰত্যক্ষ প্ৰভাৱ পেলাব।
ৰে’ল যাত্ৰা ব্যয়বহুল হ’ব
১ জুলাইৰ পৰা ৰে’লৰ ভাড়া সামান্য বৃদ্ধি পাব। মেইল বা এক্সপ্ৰেছ ৰে’লত নন-এচি ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত ১ পইচা আৰু এচি ক্লাছৰ বাবে ২ পইচা বৃদ্ধি পাব। ভাল খবৰটো হ’ল ৫০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ভাড়া অপৰিৱৰ্তিত থাকিব। কিন্তু ৫০০ কিলোমিটাৰতকৈ অধিক যাত্ৰাৰ বাবে প্ৰতি কিলোমিটাৰত আধা পইচা অতিৰিক্ত ধন দিব লাগিব।
এতিয়া ৮ ঘণ্টা আগতেই সাজু হ’ব ৰিজাৰ্ভেচন চাৰ্ট
এতিয়ালৈকে ৰে’ল যাত্ৰাৰ ৪ ঘণ্টা আগতে ৰিজাৰ্ভেচন চাৰ্ট প্ৰস্তুত কৰা হৈছিল। ইয়াৰ ফলত ৱেইটিং লিষ্টত থকা যাত্ৰীসকল, বিশেষকৈ দূৰ-দূৰণিৰ যাত্ৰীসকলৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছিল, যিসকলে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ সময় নাপায়। এতিয়া ৰে’লৱেই ইয়াক সলনি কৰাৰ সিদ্ধান্ত লৈছে। ১ জুলাইৰ পৰা ৰে’ল যাত্ৰাৰ ৮ ঘণ্টা পূৰ্বে সাজু হ’ব ৰিজাৰ্ভেচন চাৰ্ট। যদি আপোনাৰ ৰে’লখন দুপৰীয়া ২ বজাৰ আগতে আছে, তেন্তে আগৰ নিশা ৯ বজাৰ ভিতৰত ইয়াৰ চাৰ্ট চূড়ান্ত কৰা হ’ব। ইয়াৰ দ্বাৰা টিকটৰ অৱস্থা আগতীয়াকৈ জানিব পৰা যাব আৰু যাত্ৰীসকলে বিকল্প পৰিকল্পনা কৰিব পাৰিব। গ্ৰামাঞ্চলৰ যাত্ৰীসকলৰ বাবে ই এক ডাঙৰ সকাহ।
ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধৰ বাবে নতুন নিয়ম
১ জুলাইৰ পৰা চৰকাৰী আৰু ব্যক্তিগত বেংকৰ কিছু নিয়ম সলনি হ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ক্ৰেডিট কাৰ্ডৰ নতুন নিয়ম ৰূপায়ণ কৰিছে। এতিয়া সকলো ক্ৰেডিট কাৰ্ড পেমেণ্ট ভাৰত বিল পেমেণ্ট চিষ্টেম (বিবিপিএছ)ৰ জৰিয়তে কৰিব লাগিব। এই নিয়মে ফোনপে, ক্ৰেড, বিলডেস্ক আৰু ইনফিবিম এভিনিউৰ দৰে ফিনটেক প্লেটফৰ্মক প্ৰভাৱিত কৰিব। এতিয়ালৈকে মাত্ৰ ৮টা বেংকেহে BBPSত বিল পৰিশোধ সক্ৰিয় কৰিছে। এইচ ডি এফ চি বেংকে ক্ৰেডিট কাৰ্ডধাৰীৰ বাবে নতুন মাচুল আৰু ৰিৱাৰ্ড পলিচিত পৰিৱৰ্তন কৰিছে। এতিয়া মাহিলী ব্যয় ১০ হাজাৰ টকাৰ অধিক হ’লে অতিৰিক্ত ১% মাচুল লোৱা হ’ব।
এল পি জি চিলিণ্ডাৰৰ দাম হ্ৰাস
১ জুলাইত নিৰ্ধৰণ কৰা হৈছে এল পি জি চিলিণ্ডাৰৰ নতুন দাম। ১ জুনত ১৯ কেজি বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ২৫ টকা হ্ৰাস কৰা হৈছিল। এতিয়া জুলাই মাহৰ প্ৰথম দিনটোত ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৫৮.৫০ টকা হ্ৰাস কৰা হৈছে।। একে সময়তে ১৪ কেজি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ২০২৪ চনৰ ১ আগষ্টৰ পৰা অপৰিৱৰ্তিত হৈ আছে।
ইউটিলিটি বিলৰ সৈতে জড়িত নিয়ম
বেংকে এতিয়া ইউটিলিটি বিল (বিদ্যুৎ, পানী, গেছ ইত্যাদি)ৰ পৰাও চাৰ্জ ল’ব। নতুন নিয়ম অনুসৰি ৫০ হাজাৰ টকাৰ ওপৰৰ ইউটিলিটি বিল, ১০ হাজাৰৰ ওপৰৰ অনলাইন গেমিং, ১৫ হাজাৰ টকাৰ ওপৰৰ ইন্ধন খৰচ আৰু শিক্ষা বা ভাড়াৰ সৈতে জড়িত তৃতীয় পক্ষৰ ধন পৰিশোধৰ ক্ষেত্ৰত ১% মাচুল আদায় কৰা হ’ব। অনলাইন দক্ষতা ভিত্তিক গেমিংত ৰিৱাৰ্ড পইণ্ট উপলব্ধ নহ’ব আৰু বীমা পেমেণ্টৰ ক্ষেত্ৰত ৰিৱাৰ্ড পইণ্টৰ সীমা প্ৰযোজ্য হ’ব।
নতুন পান কাৰ্ড বনোৱাৰ বাবে আধাৰ বাধ্যতামূলক
২০২৫ চনৰ ১ জুলাইৰ পৰা নতুন পান কাৰ্ড বনোৱাৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক।পূৰ্বতে যিকোনো বৈধ পৰিচয় পত্ৰ আৰু জন্মৰ প্ৰমাণ পত্ৰৰ দ্বাৰাই এই কাম কৰিব পৰা গৈছিল। কিন্তু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে আধাৰ পৰীক্ষণ বাধ্যতামূলক কৰিছে।
জি এছ টি ৰিটাৰ্ণৰ সৈতে জড়িত নিয়ম
২০২৫ চনৰ জুলাই মাহৰ পৰা জিএছটিআৰ-৩বি প্ৰ-পত্ৰ সম্পাদনা কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে জিএছটি নেটৱৰ্কে।লগতে তিনি বছৰৰ পাছতো কোনো কৰদাতাই বেকডেটেড জিএছটি ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰিব। এই নিয়ম GSTR-1, GSTR-3B, GSTR-4, GSTR-5, GSTR-5A, GSTR-6, GSTR-7, GSTR-8 আৰু GSTR-9 ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ উদ্দেশ্য হৈছে সময়মতে ৰিটাৰ্ণ দাখিল কৰাৰ অভ্যাস বৃদ্ধি কৰা।
ইউপিআই চাৰ্জবেকৰ বাবে নতুন নিয়ম
এতিয়ালৈকে বেংকসমূহে নাকচ কৰা চাৰ্জবেক দাবী পুনৰ প্ৰক্ৰিয়াকৰণৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমৰ পৰা অনুমতি ল’বলগীয়া হৈছিল। ২০২৫ চনৰ ২০ জুনত ঘোষণা কৰা নতুন নিয়ম অনুসৰি এতিয়া বেংকসমূহে এন পি চি আইৰ অনুমোদন অবিহনে সঠিক চাৰ্জবেক দাবী পুনৰ প্ৰক্ৰিয়াকৰণ কৰিব পাৰিব।
পুৰণি ডিজেল গাড়ীয়ে নাপাব ইন্ধন
২০২৫ চনৰ ১ জুলাইৰ পৰা দিল্লীৰ পেট্ৰ’ল পাম্পসমূহে ১০ বছৰৰ ওপৰৰ ডিজেল বাহন আৰু ১৫ বছৰৰ ওপৰৰ পেট্ৰ’ল বাহনত ইন্ধন বিক্ৰী নকৰে। এই নিয়ম কমিচন ফৰ এয়াৰ কুৱেলিটি মেনেজমেণ্টে (CAQM) কাৰ্যকৰী কৰিছে।
বৃদ্ধি পালে জেট ইন্ধনৰ দাম
ঘৰুৱা বিমানৰ জেট ইন্ধনৰ মূল্য ৭.৫% হ্ৰাস পাইছে। দিল্লী বিমানবন্দৰত জেট ইন্ধনৰ মূল্য ৬,২৭১.৫ টকা (৭.৫৫%) বৃদ্ধি পাই প্ৰতি কিলোলিটাৰত ৮৯,৩৪৪.০৫ টকা হৈছে। কলকাতাত প্ৰতি কিলোলিটাৰৰ মূল্য ৬,৪৭৩.৫২ টকা (৭.৫২%) বৃদ্ধি পাই ৯২,৫২৬.০৯ টকা হৈছে। মুম্বাইত ৫,৯৪৬.৫ টকা (৭.৬৬%) আৰু চেন্নাইত ৬,৬০২.৪৯ টকা (৭.৬৭%) বৃদ্ধি পাই । ইয়াৰ পিছতে এই চহৰসমূহত জেট ইন্ধনৰ মূল্য ক্ৰমে ৮৩,৫৪৯.২৩ আৰু ৯২,৭০৫.৭৪ টকা প্ৰতি কিলোলিটাৰলৈ বৃদ্ধি পাইছে।