ঘৰত কন্যা সন্তান জন্ম হ’লে পাব ২৭ লাখকৈ টকা, মাত্ৰ কৰিব লাগিব এই কাম…
যদি আপোনাৰ ঘৰত কন্যা সন্তান জন্ম হয়, তেন্তে মাহে মাত্ৰ ২৫০ টকা সঞ্চয় কৰি ২১ বছৰৰ পাছত লাখ টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিব পাৰিব। ইয়াত কেনেকৈ একাউণ্ট খুলিব পাৰি জানো আহক?

কন্যা সন্তান জন্ম হ'লে পাব ২৭ লাখকৈ টকা
যদি আপোনাৰ ঘৰত কন্যা সন্তান জন্ম হয়, তেন্তে ২৭ লাখ টকা পাব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ হাতত এনেকুৱা এখন আঁচনি আছে, যিয়ে আপোনাৰ ছোৱালীজনীৰ জন্মৰ পৰা ডাঙৰহোৱালৈকে আৰ্থিকভাৱে ইমান শক্তিশালী কৰি তুলিব পাৰে যে ২১ বছৰৰ পিছত ২৭ লাখ টকাৰ গৰাকী কৰি তুলি পাৰে। সেয়াও মাত্ৰ প্ৰতিমাহে অতি কম পৰিমাণৰ ধন সঞ্চয় কৰি। এই আঁচনিৰ নাম হৈছে সুকন্যা সমৃদ্ধি যোজনা, য’ত চৰকাৰে ৮.২% আকৰ্ষণীয় সুত দিয়ে আৰু লগতে কৰ ৰেহায়ো প্ৰদান কৰে। কন্যা সন্তান জন্মৰ হ’লে কিমান টকা বিনিয়োগৰ কৰি ২৭ লাখ টকা পাব পাৰি জানো আহক।
ইমান টকা কেনেকৈ পাব?
শেহতীয়াকৈ সুকন্যা সমৃদ্ধি যোজনাৰ সুতৰ হাৰ পুনৰীক্ষণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সকাহৰ বিষয় এই যে ইয়াত কোনো কৰ কৰ্তন কৰা হোৱা নাই। এই আঁচনিখনত এতিয়াও ৮.২% বাৰ্ষিক সুত প্ৰদান কৰি আহিছে, যিটোও কৰমুক্ত। এনে পৰিস্থিতিত এয়া বিনিয়োগৰ এক সোণালী সুযোগ।
একাউণ্ট কেনেকৈ খুলিব?
মাত্ৰ ২৫০ টকাৰে আপোনাৰ কন্যাৰ নামত একাউণ্ট খুলিব পাৰিব। এই একাউণ্টটো যিকোনো ডাকঘৰ বা অনুমোদিত বেংক শাখাত খুলিব পাৰিব। এই আঁচনিখনত ১৫ বছৰলৈ বিনিয়োগ কৰিব লাগে, আনহাতে ছোৱালীজনীৰ বয়স ২১ বছৰ হ’লেই গোটেই টকাখিনি লাভ কৰিব।
মাহিলী ১০০০ টকা বিনিয়োগ
যদি আপুনি প্ৰতিমাহে ১০০০ কৈ অৰ্থাৎ এবছৰত ১২০০০ টকা এই আঁচনিখনত বিনিয়োগ কৰে, তেন্তে ১৫ বছৰত মুঠ ১,৮০,০০০ টকা জমা হ’ব। ইয়াৰ ওপৰত লাভ কৰা সুত হ’ব প্ৰায় ৩,৭৪,৬১২ টকা। অৰ্থাৎ আপোনাৰ ছোৱালীয়ে মেচিউৰিটিৰ সময়ত ৫,৫৪,৬১২ পাব। সেয়াও মাহিলী মাত্ৰ ১০০০ টকা সঞ্চয় কৰি।
কেতিয়া ধন উলিয়াব পাৰি?
যদি আপুনি ভাবে যে ২১ বছৰৰ আগতে এই আঁচনিৰ পৰা ধন উলিয়াব নোৱাৰি, তেন্তে সেয়া সম্পূৰ্ণ শুদ্ধ নহয়। যেতিয়া কন্যাৰ বয়স ১৮ বছৰ হ’ব তেতিয়া তেওঁৰ উচ্চ শিক্ষা বা বিবাহৰ বাবে জমা ধনৰ ৫০% পৰ্যন্ত উলিয়াব পাৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ দিব লাগিব।
কোনে একাউণ্ট খুলিব পাৰে?
দৰিদ্ৰৰ পৰা আৰ্থিকভাৱে সমৃদ্ধিশালী পৰিয়ালসমূহেও এই আঁচনিখনত বিনিয়োগ কৰিব পাৰে। এই একাউণ্টটো কেৱল কন্যাৰ নামতহে খুলিব পাৰিব আৰু এটা পৰিয়ালত দুগৰাকী কন্যালৈকে (কিছুমান ক্ষেত্ৰত তিনিগৰাকী) একাউণ্ট খুলিব পাৰিব।
কিমান বিনিয়োগ আৰু কেতিয়া আপুনি কিমান ৰিটাৰ্ণ পাব?
মাহেকীয়া জমা ধন | ১৫ বছৰৰ পিছত জমা ধন | আনুমানিক সুত | ২১ বছৰৰ পিছত মেচিউৰিটি ধন |
২৫০ | ৪৫,০০০ | ৯৩,৬৫৩ | ১,৩৮,৬৫৩ |
৫০০ | ৯০,০০০ | ১,৮৭,৩০৬ | ২,৭৭,৩০৬ |
৭০০ | ১,২৬,০০০ | ২,৬২,২২৮ | ৩,৮৮,২২৮ |
১০০০ | ১,৮০,০০০ | ৩,৭৪,৬১২ | ৫,৫৪,৬১২ |
১৫০০ | ২,৭০,০০০ | ৫,৬১,৯১৮ | ৮,৩১,৯১৮ |
২০০০ | ৩,৬০,০০০ | ৭,৪৯,২২৪ | ১১,০৯,২২৪ |
৫০০০ | ৯,০০,০০০ | ১৮,৭৩,০৫৯ | ২৭,৭৩,০৫৯ |
অনলাইন কেলকুলেটৰৰ সহায়ত পৰিকল্পনা কৰক
যদি আপুনি জানিব বিচাৰে যে আপুনি প্ৰতিমাহে ইমানখিনি সঞ্চয় কৰি কিমান টকা পাব, তেন্তে আপুনি সুকন্যা সমৃদ্ধি যোজনাৰ কেলকুলেটৰ ব্যৱহাৰ কৰিব পাৰে। আপুনি মাত্ৰ বিনিয়োগৰ পৰিমাণ দিব লাগিব আৰু আনুমানিক সুতৰ লগতে সম্পূৰ্ণ তথ্য পৰ্দাত উপলব্ধ হ’ব।