লেনদেনৰ ক্ষেত্ৰত আপুনিও ব্যৱহাৰ কৰে নেকি UPI? দেখা যাব এনে পৰিৱৰ্তন, এতিয়াই জানি লওক…
ডিজিটেল পে’মেণ্ট ব্যৱস্থাক অধিক বিকশিত কৰি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া এই নতুন প্ৰযুক্তি কাৰ্যকৰী হ’লে জৰুৰী সময়তো ধন পৰিশোধৰ ক্ষেত্ৰত কোনো চিন্তা নাথাকিব। জানো আহক কি এই নতুন প্ৰযুক্তি।

UPIত দেখা যাব পৰিৱৰ্তন
ধনৰ লেনদেনৰ ক্ষেত্ৰত বৰ্তমান সময়ত অধিকাংশ লোকেই অনলাইন পে’মেণ্ট ব্যৱস্থাক আদৰি লৈছে। এইক্ষেত্ৰত ইউনিফাইড পে’মেণ্টছ ইন্টাৰফেচ, চমুকৈ UPI এক বহুল প্ৰচলিত তথা নিৰ্ভৰযোগ্য মাধ্যম। এই UPIৰ ক্ষেত্ৰত শীঘ্ৰেই দেখা যাব এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ অনুসৰি এইবাৰ UPI পেমেণ্টৰ বাবে বায়’মেট্ৰিক ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা চলি আছে। সেই উদ্দেশ্যে আপোনাৰ আধাৰ কাৰ্ডত থকা বায়’মেট্ৰিক তথ্য ব্যৱহাৰ কৰা হ’ব। মুম্বাইত অনুষ্ঠিত হৈ থকা ‘গ্ল’বেল ফিনটেক ফেষ্টিভেল ২০২৫’ত এই নতুন প্ৰযুক্তি মুকলি কৰা হ’ব পাৰে।
কি এই পৰিৱৰ্তন
দোকান বা যিকোনো ঠাইত UPI পে’মেণ্ট কৰিবলৈ এপটো খুলি ৪ বা ৬ অংকৰ পিন দিব লাগে। যদি এই নতুন ব্যৱস্থাটো আৰম্ভ কৰা হয়, তেতিয়া পিন অবিহনেই লেনদেন কৰিব পাৰিব। ব্যৱহাৰকাৰীয়ে তেতিয়া কেৱল আধাৰ-লিংকড ফিংগাৰপ্ৰিণ্ট বা আইৰিছ স্কেনাৰৰ জৰিয়তে পে’মেণ্ট কৰিব পাৰে।
এই পদক্ষেপ কিয়?
ডিজিটেল পে’মেণ্ট ব্যৱস্থাক অধিক বিকশিত কৰি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। নেশ্যনেল পে’মেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া, চমুকৈ NPCIৰ তথ্য অনুসৰি কেৱল আগষ্ট মাহত UPIৰ লেনদেনৰ পৰিমাণ ২০০০ কোটি টকা অতিক্ৰম কৰিছে। এই লেনদেনৰ মুঠ বিত্তীয় মূল্য আছিল প্ৰায় ২৪,৮৫,০০০ কোটি টকা।
বিশেষজ্ঞসকলৰ মতে নতুন বায়’মেট্ৰিক ব্যৱস্থাই এই সংখ্যা আৰু বৃদ্ধি কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইতিমধ্যে স্পষ্ট কৰি দিছে যে ভৱিষ্যতে UPIৰ লেনদেনত কোনো ধৰণৰ চাৰ্জ আৰোপ কৰাৰ পৰিকল্পনা নাই। ফলত পূৰ্বৰ দৰে এই সেৱা বিনামূলীয়াকৈ উপলব্ধ হ’ব।
জীৱনত কেনে প্ৰভাৱ পেলাব?
সাধাৰণতে পিন ব্যৱহাৰৰ ক্ষেত্ৰত বহু সময়ত পাহৰি যোৱাৰ সম্ভাৱনা নথকা নহয়। তেনে অৱস্থাত অতি জৰুৰী সময়ত ধন পৰিশোধৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে। এতিয়া এই নতুন প্ৰযুক্তি কাৰ্যকৰী হ’লে এনে কোনো চিন্তা নাথাকিব। ইয়াৰ ফলত লেনদেন দ্ৰুত আৰু সুৰক্ষিত হ’ব।
এনে পদক্ষেপৰ দ্বাৰা ভাৰতৰ ডিজিটেল অৰ্থনীতি আৰু অধিক শক্তিশালী হ’ব বুলি অৰ্থনীতিবিদসকলে উল্লেখ কৰিছে। দেশৰ GDPত ডিজিটেল অৰ্থনীতিৰ অৱদান ইতিমধ্যে ১১.৭৪ শতাংশ হৈছেগৈ। PwCৰ এক প্ৰতিবেদন অনুসৰি ২০৩০ চনৰ ভিতৰত ভাৰতত ডিজিটেল পে’মেণ্টৰ পৰিমাণ ৯০০ লাখ কোটি টকাৰ অধিক হ’ব পাৰে।