কৰ্মচাৰীক দৰমহা দিয়াৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ, মহিলাসকলে পাব এই সুবিধা…
কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰি দিছে কৰ্মচাৰীসকলক দৰমহা দিয়াৰ তাৰিখ। পূৰ্বে কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ কোনো নিৰ্দিষ্ট নিয়ম নাছিল।

এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰ্মচাৰীক দিব লাগিব দৰমহা। এই কথা স্পষ্ট কৰি দিছে শ্ৰম মন্ত্ৰালয়ে। ২১ নৱেম্বৰৰ পৰা চাৰিটা নতুন শ্ৰম সংহিতা কাৰ্যকৰী কৰা হৈছে। আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰি দিছে কৰ্মচাৰীসকলক দৰমহা দিয়াৰ তাৰিখ। পূৰ্বে কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ কোনো নিৰ্দিষ্ট নিয়ম নাছিল। কি কোৱা হৈছে নতুন শ্ৰম সংহিতাত ?
শ্ৰম আইনখনৰ নতুন সংহিতাত তথ্য-প্ৰযুক্তি খণ্ডৰ কৰ্মচাৰী অৰ্থাৎ তথ্য প্ৰযুক্তি কোম্পানীসমূহৰ কৰ্মচাৰীসকলৰ দৰমহা কিমান তাৰিখৰ ভিতৰত দিব লাগে সেইটো নিৰ্দিষ্ট কৰা হৈছে। নতুন শ্ৰম সংহিতাত কোৱা হৈছে যে, আৰ্থিক স্থিতিশীলতা বজাই ৰাখিবলৈ আৰু কৰ্মসংক্ৰান্তীয় মানসিক চাপ হ্ৰাস কৰিবলৈ কৰ্মচাৰীসকলৰ দৰমহা নিৰ্দিষ্ট সময়ৰ ভিতৰত দিব লাগে।
কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে জনাইছে যে, তথ্য প্ৰযুক্তি খণ্ড আৰু তথ্য প্ৰযুক্তি সেৱাৰ সৈতে জড়িত সকলো কোম্পানীয়ে প্ৰতি মাহৰ ৭ তাৰিখৰ ভিতৰত দৰমহা দিব লাগে। দৰমহা প্ৰক্ৰিয়াত স্বচ্ছতা অনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই।
শ্ৰম সংহিতাই আই টি কোম্পানীসমূহক সমান কামৰ বাবে সমান দৰমহাৰ নিয়ম কাৰ্যকৰী কৰিবলৈও কোৱা হৈছে। অৰ্থাৎ দুজন কৰ্মচাৰীয়ে একে কাম কৰিলে সেই কামৰ বাবে সমান দৰমহা পাব। একে সময়তে অধিক মহিলাক নিযুক্তি দি পুৰুষৰ সমান দৰমহা দিবলৈ কোৱা হৈছে। মহিলাসকলে যাতে নাইট শ্বিফটত কাম কৰিব পাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ কোৱা হৈছে।
যদি মহিলাসকলে হাৰাশাস্তি, বৈষম্য বা দৰমহা সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হয়, তেন্তে সেই সমস্যা শীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰিব লাগিব। ফিক্সড টাৰম কৰ্মচাৰীক নিযুক্তিৰ ১ বছৰৰ পিছত গ্ৰেচুইটি দিব লাগিব। সামাজিক সুৰক্ষাৰ সুবিধাও দিব লাগিব। তদুপৰি বাধ্যতামূলকভাৱে দিব লাগিব নিযুক্তি পত্ৰ।
লগতে পঢ়ক : নতুন শ্ৰম সংহিতা কাৰ্যকৰী, এবছৰ কাম কৰাৰ পাছতে কৰ্মচাৰীয়ে লাভ কৰিব গ্ৰেচুইটি