গাখীৰ, দৈ,পনীৰৰ পৰা কাপোৰ আৰু জোতালৈ হ্ৰাস পাব পাৰে এইবোৰ সামগ্ৰীৰ দাম

১২% টেক্স স্লেবৰ কিছুমান সামগ্ৰী ১৮% স্লেবতো ৰাখিব পাৰি। চৰকাৰে বিচাৰে যে দৈনন্দিন ব্যৱহৃত সামগ্ৰী ৫% টেক্স স্লেবত ৰাখিব লাগে। ১২% কৰ স্লেব বিলুপ্ত কৰিলে কোনবোৰ বস্তু সস্তা হ’ব পাৰে সেই বিষয়ে জানো আহক-

গাখীৰ, দৈ,পনীৰৰ পৰা কাপোৰ আৰু জোতালৈ হ্ৰাস পাব পাৰে এইবোৰ সামগ্ৰীৰ দাম

দুগ্ধজাত সামগ্ৰী

Published: 

02 Jul 2025 15:45 PM

অতি সোনকালেই জি এছ টি কাউন্সিলে কোনো ডাঙৰ ঘোষণা কৰিব পাৰে। খবৰ পোৱা গৈছে যে জি এছ টি পৰিষদৰ বৈঠকত ১২% জি এছ টি কৰ স্লেব বিলুপ্ত হ’ব পাৰে। যদি এনেকুৱা হয়, তেন্তে গাখীৰ, দৈ, পানীৰ, ১০০০ টকাৰ অধিক দামৰ কাপোৰ, ১০০০ টকা পৰ্যন্ত জোতা, শুকান মাছ, ইটা, ক্লীন এনাৰ্জী যন্ত্ৰ, কনডেন্স গাখীৰ ইত্যাদি বহু সামগ্ৰী সস্তা হ’ব পাৰে।

১২% টেক্স স্লেবৰ কিছুমান সামগ্ৰী ১৮% স্লেবতো ৰাখিব পাৰি। চৰকাৰে বিচাৰে যে দৈনন্দিন ব্যৱহৃত সামগ্ৰী ৫% টেক্স স্লেবত ৰাখিব লাগে। ১২% কৰ স্লেব বিলুপ্ত কৰিলে কোনবোৰ বস্তু সস্তা হ’ব পাৰে সেই বিষয়ে জানো আহক-

কোনবোৰ সামগ্ৰী আৰু সেৱাৰ ওপৰত ১২% GST আৰোপ কৰা হয়?

১২% জি এছ টি স্লেবৰ অধীনত থকা সামগ্ৰী: মাখন, ঘিউ, প্ৰচেছড খাদ্য, আলমণ্ড, মোবাইল, ফলৰ ৰস, শাক-পাচলি, ফল-মূল, বাদাম বা উদ্ভিদৰ অন্যান্য অংশৰ পৰা তৈয়াৰী সামগ্ৰী, আচাৰ, জাম, চাটনি, জেলী, পেক কৰা নাৰিকল পানী, ছাতি, ১০০০ টকাৰ দামৰ কাপোৰ, ১,০০০ টকা পৰ্যন্ত জোতা।

১২% জি এছ টি স্লেবৰ অন্তৰ্গত সেৱাসমূহ: হোটেলত থকাৰ ব্যৱস্থা (প্ৰতি নিশা ৭৫০০ টকা পৰ্যন্ত), নন-ইকনমি শ্ৰেণীত বিমানযোগে যাতায়ত, কিছুমান নিৰ্মাণ কাৰ্য, কিছুমান বহুমুখী পৰিবহন সেৱা আৰু কিছুমান বাণিজ্যিক কাৰ্যকলাপ।

সামগ্ৰী আৰু সেৱা সস্তা হ’বনে?

এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ১২%ৰ তললৈ নামি অহা সামগ্ৰী আৰু সেৱা সস্তা হ’ব নে নহয়। সূত্ৰ অনুসৰি ১২% টেক্স স্লেব নাইকিয়া কৰিলে দৈনিক ব্যৱহাৰ্য সামগ্ৰী ৫% টেক্স স্লেবত ৰাখিব পৰা যাব। বাকী সামগ্ৰীবোৰ ১৮% টেক্স স্লেবত ৰখাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। কিন্তু কোনটো স্লেবত কোনবোৰ সামগ্ৰী বা সেৱা ৰখা হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত জি এছ টি পৰিষদে চূড়ান্ত সিদ্ধান্ত ল’লেহে এই কথা জানিব পৰা যাব।

বৰ্তমান কিমান টেক্স স্লেব আছে?

বৰ্তমান ৪ টা টেক্স স্লেব জি এছ টিৰ অধীনত ৰখা হৈছে। য’ত ৫% টেক্স স্লেব আটাইতকৈ কম। ইয়াৰ পিছত ১২% টেক্স স্লেব আছে, যিটো বিলুপ্ত কৰাৰ কথা কোৱা হৈছে। ইয়াৰ পিছত ১৮% টেক্স স্লেব ৰখা হৈছে। শেষত ২৪% টেক্স স্লেব আছে। য’ত প্ৰিমিয়াম সামগ্ৰী ৰখা হৈছে। বিশেষজ্ঞসকলৰ মতে, ১২% টেক্স স্লেব নাইকিয়া কৰাৰ উদ্দেশ্য হৈছে মুদ্ৰাস্ফীতি হ্ৰাস কৰা আৰু দৈনন্দিন ব্যৱহৃত সামগ্ৰী সস্তা কৰা। যাতে সাধাৰণ মানুহৰ সমস্যা কম কৰিব পৰা যায়।

ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...