ৰে’লৰ টিকটত পাব বিশেষ ৰেহাই, জানক কেতিয়াৰ পৰা আৰু চৰ্ত কি কি?

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উৎসৱৰ বতৰত ভিৰ নিয়ন্ত্ৰণৰ বাবে টিকটৰ সন্দৰ্ভত নতুন আঁচনি আৰম্ভ কৰিছে। যাৰ অধীনত অহা-যোৱাত ২০ শতাংশ ৰেহাই দিয়া হ’ব। ৰেহাই কেতিয়া পাব আৰু ইয়াৰ বাবে কি কি চৰ্ত আছে জানক...

ৰেলৰ টিকটত পাব বিশেষ ৰেহাই,  জানক কেতিয়াৰ পৰা আৰু চৰ্ত কি কি?

ৰে'লৱেৰ সুবিধা!

Published: 

09 Aug 2025 16:04 PM

উৎসৱৰ বতৰত যাত্ৰীসকলৰ সুবিধাৰ বাবে ভাৰতীয় ৰে’লৱেই আৰম্ভ কৰিছে ৰাউণ্ড ট্ৰিপ পেকেজ ফৰ ফেষ্টিভেল ৰস নামৰ নতুন আঁচনি। এই আঁচনিখন ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নেতৃত্বত আৰম্ভ কৰা হৈছে। হোলী, দীপাৱলী আদি উৎসৱত ৰে’ল ষ্টেচনত হোৱা ভিৰক মনত ৰাখি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত যোৱা আৰু অহাৰ ভাড়া লোৱাৰ ক্ষেত্ৰত ২০ শতাংশ ৰেহাই দিয়া হ’ব। এই ৰেহাই কেনেকৈ উপলব্ধ হ’ব? কেতিয়া উপলব্ধ হ’ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্ত কি আছে? সকলো কথা বিতংভাৱে বুজি পাওঁ আহক।

আঁচনিখনৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা

একে নাম আৰু একে ষ্টেচন – ইয়াত দুয়োটা টিকট একেজন যাত্ৰীৰ নামত আৰু একে ষ্টেচনৰ নামত হ’ব লাগিব।

বুকিং প্ৰক্ৰিয়া- প্ৰথমে অহা টিকট বুকিং কৰিব লাগিব, তাৰ পিছত সংযোগী যাত্ৰা বৈশিষ্ট্যৰ জৰিয়তে উভতি অহাৰ টিকট বুকিং কৰিব লাগিব। উভতি অহাৰ টিকটৰ বাবে আগতীয়াকৈ সংৰক্ষণৰ সময়সীমা (ARP) প্ৰযোজ্য নহ’ব। অৰ্থাৎ যাত্ৰাৰ বেছি আগতে টিকট বুকিং কৰিব নোৱাৰিব।

নিশ্চিত টিকট বাধ্যতামূলক- অহা আৰু যোৱা দুয়োটা টিকট নিশ্চিত হ’ব লাগিব। ৱেইটিং বা আৰ এ চিৰ টিকটত কোনো ধৰণৰ ৰেহাই দিয়া নহ’ব।

কোনো পৰিৱৰ্তন বা ৰিফাণ্ড নাই- টিকটৰ নাম, তাৰিখ, ক্লাছ ইত্যাদি কোনো ধৰণৰ পৰিৱৰ্তন কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও কোনো ধৰণৰ ৰিফাণ্ডৰ সুবিধা নাথাকিব।

বুকিং মাধ্যম- দুয়োটা টিকট একেটা মাধ্যমেৰে বুকিং কৰিব লাগিব। অৰ্থাৎ এটা টিকট অনলাইন আৰু এটা টিকট অফলাইন বুকিং কৰিব নোৱাৰিব।

অন্য ৰেহাই পোৱা নাযাব – ফেষ্টিভেল ৰস আঁচনিৰ বাবে ৰাউণ্ড ট্ৰিপ পেকেজৰ অধীনত ৰেলৱে পাছ, পিটিঅ’, ভাউচাৰ বা অন্যান্য ৰেহাইৰ সুবিধা উপলব্ধ নহ’ব।

কোন কেইখন ৰে’লত এই সুবিধা উপলব্ধ হ’ব

ৰে’ল মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে ফেষ্টিভেল ৰস আঁচনিৰ বাবে ৰাউণ্ড ট্ৰিপ পেকেজৰ সুবিধা সকলো ৰে’লৰ টিকটত উপলব্ধ নহ’ব। এই সুবিধা শ্লীপাৰ, এচি আৰু বিশেষ ৰে’লত উপলব্ধ হ’ব। কিন্তু, ৰাজধানী আৰু শতাব্দী এক্সপ্ৰেছৰ দৰে বেছিভাড়াৰ ৰে’ল আঁচনিৰ অন্তৰ্ভুক্ত নহয়।

আঁচনিৰ লক্ষ্য

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই আঁচনিখনে উৎসৱৰ সময়ত ৰে’লত ভিৰ হ্ৰাস কৰাত সহায় কৰিব। উদাহৰণ স্বৰূপে দীপাৱলীৰ সময়ত লাখ লাখ লোক নিজৰ গাঁও-চহৰলৈ যায়। যাৰ বাবে ৰে’ল ভৰ্তি হৈ থাকে। এই আঁচনিৰ জৰিয়তে ৰাইজে আগতীয়াকৈ টিকট বুকিং কৰিব, ফলত ৰে’লৱেই ভিৰ পৰিচালনা আৰু বিশেষ ৰে’ল চলাবলৈ সহজ হ’ব। ৰে’লৱেই ষ্টেচন, বাতৰি, সংবাদ মাধ্যমত আৰু ছ’চিয়েল মিডিয়াত ঘোষণাৰ জৰিয়তে ইয়াৰ প্ৰচাৰ চলাইছে, যাতে অধিক সংখ্যক লোকে ইয়াৰ সুবিধা ল’ব পাৰে।

 

ঋণ লোৱাৰ আগতে আপোনাৰ CIBIL স্ক’ৰ কেনেকৈ উন্নত কৰিব পাৰি ? ইয়াৰ উপায় জানক
বাৰিষাত জোতা-মোজাৰ পৰা দুৰ্গন্ধ ওলাই নেকি? এই ঘৰুৱা উপায় অৱলম্বন কৰক...
যকৃতৰ সংক্ৰমণৰ প্ৰধান লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ জানক..
অসমৰ এসাঁজ ভাতৰ তুলনাত ডুবাইত এটা ৰুটিৰ দাম জানিলে আপুনি আচৰিত হ'ব...