গ্ৰাহকৰ বাবে ডাঙৰ আপডেট, এতিয়াৰ পৰা বেংক একাউণ্টত নূন্যতম বেলেঞ্চ থাকিব লাগিব ৫০ হাজাৰ টকা!

এতিয়াৰ পৰা বেংক একাউণ্টত মাহিলী ৫০ হাজাৰ টকা নূন্যতম বেলেঞ্চ বজাই ৰাখিব লাগিব গ্ৰাহকসকলে। এই বিশেষ বেংকটোৰ সিদ্ধান্তই আচৰিত কৰিছে সাধাৰণ গ্ৰাহকসকলক।

গ্ৰাহকৰ বাবে ডাঙৰ আপডেট, এতিয়াৰ পৰা বেংক একাউণ্টত নূন্যতম বেলেঞ্চ থাকিব লাগিব ৫০ হাজাৰ টকা!

ফাইল ফটো

Published: 

09 Aug 2025 17:45 PM

আইচিআইচিআই বেংকৰ সিদ্ধান্তই আচৰিত হৈছে সাধাৰণ গ্ৰাহকক। বেংক কৰ্তৃপক্ষই এবাৰতে ৫ গুণ বৃদ্ধি কৰিলে একাউণ্টৰ নূন্যতম বেলেঞ্চ লিমিট। দেশৰ দ্বিতীয় বৃহত্তম আইচিআইচিআই বেংকে মাহিলী নূন্যতম বেলেঞ্চ ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। ১ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম।

আইচিআইচিআই বেংকে জনাইছে যে, ১ আগষ্ট বা তাৰ পিছত একাউণ্ট খোলা নতুন গ্ৰাহকে একাউণ্টত নূন্যতম বেলেঞ্চ ৫০ হাজাৰ টকা ৰাখিব লাগিব। পূৰ্বে এই নূন্যতম বেলেঞ্চ লিমিট আছিল ১০ হাজাৰ টকা। এই নিয়ম মেট্ৰ’ চহৰ আৰু উপকণ্ঠ অঞ্চলত কাৰ্যকৰী কৰা হৈছে। এতিয়াৰে পৰা গ্ৰাহকে জৰিমনা পৰা বাচিবলৈ নূন্যতম বেলেঞ্চ ৫০ হাজাৰ টকা ৰাখিব লাগিব।

মফলচলীয়া গ্ৰাহকসকলে একাউণ্টত মাহিলী নূন্যতম ২৫ হাজাৰ টকাৰ বেলেঞ্চ ৰাখিব লাগিব। গ্ৰামাঞ্চলৰ নতুন গ্ৰাহকে প্ৰতিমাহে ১০ হাজাৰ টকাৰ বেলেঞ্চ বজাই ৰাখিব লাগিব।

বৰ্তমানৰ গ্ৰাহক, গ্ৰাম্য আৰু মফলচলীয়া অঞ্চলৰ বাবে নূন্যতম বেলেঞ্চ ৫ হাজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে। যদি কোনো গ্ৰাহকে নূন্যতম বেলেঞ্চ বজাই ৰাখিব নোৱাৰে তেন্তে ৬ শতাংশ বা ৫০০ টকা জৰিমনা ভৰিব লাগিব, যিটো একেবাৰে কম চাৰ্জ হ’ব।

বেংকত ধন জমাৰ ক্ষেত্ৰতো কেইবাটাও পৰিৱৰ্তন হৈছে। গ্ৰাহকে চেভিংছ একাউণ্টত তিনিবাৰকৈ নগদ ধন জমা কৰিব পাৰিব। ইয়াৰ পিছত তেওঁলোকে প্ৰতিটো লেনদেনত ১৫০ টকা দিব লাগিব। প্ৰতিমাহে সৰ্বাধিক ১ লাখ টকা জমা কৰিব পাৰিব।

যোৱা এপ্ৰিল মাহত আইচিআইচিআই বেংকে চেভিংছ একাউণ্টৰ সুতৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰিছিল। ৫০ লাখ টকা পৰ্যন্ত জমা ধনৰ ২.৭৫ শতাংশ সুত পাব।

প্ৰসংগক্ৰমে দেশৰ আন বেংকে য’ত নূন্যতম বেলেঞ্চ হ্ৰাস কৰিছে, তেনে ঠাইত আইচিআইচিআই বেংকে সম্পূৰ্ণ বিপৰীত পথেৰে আগবাঢ়িছে। ভাৰতীয় ষ্টেট বেংকে ২০২০ চনত নূন্যতম বেলেঞ্চৰ নিয়ম প্ৰত্যাহাৰ কৰিছিল।অন্য বেংকসমূহৰো নূন্যতম বেলেঞ্চৰ সীমা ২০০০ টকাৰ পৰা ১০ হাজাৰ টকা।

ঋণ লোৱাৰ আগতে আপোনাৰ CIBIL স্ক’ৰ কেনেকৈ উন্নত কৰিব পাৰি ? ইয়াৰ উপায় জানক
বাৰিষাত জোতা-মোজাৰ পৰা দুৰ্গন্ধ ওলাই নেকি? এই ঘৰুৱা উপায় অৱলম্বন কৰক...
যকৃতৰ সংক্ৰমণৰ প্ৰধান লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ জানক..
অসমৰ এসাঁজ ভাতৰ তুলনাত ডুবাইত এটা ৰুটিৰ দাম জানিলে আপুনি আচৰিত হ'ব...