কিমান ধনী মহম্মদ ছামী? বিবাহ বিচ্ছেদৰ পিছত পত্নীক দিব লাগিব কোটি কোটি টকা…
নিজৰ সফলতাৰে কোটি কোটি ধন উপাৰ্জন কৰা টীম ইণ্ডিয়াৰ এগৰাকী ডেছিং খেলুৱৈ মহম্মদ ছামী। তেওঁ কিমান সম্পত্তিৰ গৰাকী, কোনবোৰ উৎসৰ পৰা উপাৰ্জন কৰে জানো আহক?

মহম্মদ ছামী
বিবাহ বিচ্ছেদৰ বিষয়ত প্ৰাক্তন পত্নীৰ পৰা আন এক ডাঙৰ আঘাত পাইছে মহম্মদ ছামীয়ে । মহম্মদ ছামীয়ে এতিয়া প্রতিমাহে প্রাক্তন পত্নীক ৪ লাখকৈ টকা দিব লাগিব ৷ নিজৰ সফলতাৰে কোটি কোটি ধন উপাৰ্জন কৰা টীম ইণ্ডিয়াৰ এগৰাকী ডেছিং খেলুৱৈ মহম্মদ শ্বামী। তেওঁ কিমান সম্পত্তিৰ গৰাকী, কোনবোৰ উৎসৰ পৰা উপাৰ্জন কৰে জানো আহক?
ভাৰতীয় ক্ৰিকেটৰ ডেছিং বেগী বলাৰ মহম্মদ ছামী কেৱল নিজৰ প্ৰদৰ্শনৰ বাবেই নহয়, উপাৰ্জনৰ বাবেও দেশৰ অন্যতম শীৰ্ষ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ক্ৰিকেট খেলপথাৰত নিজৰ গতিৰে বেটছমেনক আঘাত কৰা ছামীক অনুৰাগীয়ে মৰমেৰে ‘লালা’ বুলি অভিহিত কৰে।
ছামী কিমান ধনী?
২০২৫ চনৰ ভিতৰত তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫৫ কোটিৰ পৰা ৬৫ কোটি টকা (প্ৰায় ৭৮ মিলিয়ন ডলাৰ)ৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে। এই ধন ক্ৰিকেটৰ দৰমহা, আই পি এলৰ চুক্তি আৰু ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ জৰিয়তে লাভ কৰে। বিজ্ঞাপন ব্ৰেণ্ডৰ বাবে তেওঁ লাখ লাখ টকা লয়।
বিচিচিআইৰ পৰা আয়
মহম্মদ ছামী বৰ্তমান বিচিচিআইৰ গ্ৰেড এ চুক্তিত অন্তৰ্ভুক্ত, যাৰ অধীনত তেওঁ বাৰ্ষিক ৰিটেইনাৰ ফীচ ৫ কোটি লাভ কৰে। ইয়াৰ উপৰিও মেচ খেলাৰ বাবে লাভ কৰা ফীচে তেওঁৰ উপাৰ্জন বৃদ্ধি কৰে। বিচিচিআইয়ে তেওঁক টেষ্ট মেচৰ বাবে প্ৰতিখন মেচত ১৫ লাখ, ৱান ডে ইণ্টাৰনেশ্যনেল (এদিনীয়া)ৰ বাবে প্ৰতিখন মেচত ৬ লাখ , টি-২০ ইণ্টাৰনেশ্যনেল (টি২০আই)ৰ বাবে প্ৰতিখন মেচত ৩ লাখ টকা দিয়ে। ছামীয়ে তিনিওটা ফৰ্মেটতে অবিৰতভাৱে খেলে, গতিকে বিচিচিআইৰ পৰা তেওঁৰ বাৰ্ষিক আয় ৭৮ কোটিতকৈ অধিক বুলি ধৰা হৈছে।
আই পি এলৰ পৰা কোটি টকা উপাৰ্জন
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগেও মহম্মদ ছামীৰ উপাৰ্জনত যথেষ্ট অৰিহণা যোগাইছে। তেওঁ এতিয়ালৈকে দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ), পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছৰ দৰে দলৰ হৈ খেলিছে। ২০২৫ চনৰ আই পি এল ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁক ১০ কোটি টকাত ক্ৰয় কৰিছিল, যিয়ে তেওঁৰ জনপ্ৰিয়তা আৰু প্ৰদৰ্শন দেখুৱাইছে। আই পি এল কেৰিয়াৰত এতিয়ালৈকে ছামীৰ মুঠ উপাৰ্জন ৫০ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে। যিটো লীগৰ সৰ্বাধিক দৰমহা পোৱা বলাৰৰ ভিতৰত অন্যতম।
ব্ৰেণ্ড এণ্ডাৰছেমেণ্টৰ পৰা তেওঁক বহুত উপাৰ্জন কৰে
ক্ৰিকেটৰ বাহিৰতো মহম্মদ শ্বামীৰ ব্ৰেণ্ড মূল্য অতি শক্তিশালী। তেওঁ বহুতো বিখ্যাত কোম্পানীৰে ব্ৰেণ্ড অংশীদাৰিত্ব কৰিছে, য’ত আছে:
নাইকী (Nike)
CEAT টায়াৰ (CEAT Tyres)
এছ এছ (SS Sareen Sports)
OctaFX
ব্লিটজপুলছ (Blitzpools)
ষ্টেনফৰ্ড
পুমা (Puma)
হেল এনাৰ্জি ড্ৰিংক (Hell Energy Drink)
ভিজন ১১ ফেণ্টাচি এপ (Vision 11)
খবৰ অনুসৰি প্ৰতিটো ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ বাবে শমীয়ে প্ৰায় ১ কোটি টকা লয়, আৰু এইবোৰৰ পৰা তেওঁৰ বাৰ্ষিক আয় প্ৰায় ২৩ কোটি টকা।
পত্নীক দিব লাগিব ৪ লাখকৈ টকা
কলিকতা উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে মহম্মদ ছামীয়ে পত্নী হাছিন জাহানক জীৱন নিৰ্বাহৰ বাবে প্ৰতিমাহে ১ লাখ ৫০ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ ছামী আৰু হাছিন জাহানৰ কন্যা আয়ৰাক মাহিলী খৰচ দিয়াৰ নিৰ্দেশো দিয়া হৈছে। আয়ৰাৰ বাবে প্ৰতিমাহে ২ লাখ ৫০ হাজাৰ টকা পঠিয়াব লাগিব ছামীয়ে।
উল্লেখ্য যে মহম্মদ ছামী আৰু হাছিন জাহানৰ এই গোচৰটো সাত বছৰ পুৰণি। ইয়াৰ বাবে ছামীয়ে যোৱা সাত বছৰৰ অনুসৰিয়ে ধন পৰিশোধ কৰিব লাগিব। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মহম্মদ ছামীয়ে বিগত ৭ বছৰৰ খৰচো পৰিশোধ কৰিব লাগিব। প্ৰতিমাহে চাৰি লাখ টকাৰ হাৰত সাত বছৰৰ হিচাপত প্ৰায় ৩ কোটি ৩৬ লাখ টকা পত্নী আৰু কন্যাক লাগিব ছামীয়ে।