যুৱক-যুৱতী, মধ্যবিত্তৰ বাবে চৰকাৰৰ বিশেষ আঁচনি, চাকৰি পোৱাৰ পিছতে লাভ কৰিব ডাঙৰ উপহাৰ…

উল্লেখ্য যে বিগত বাজেটত চৰকাৰে ই এল আই আঁচনিৰ কথা উল্লেখ কৰিছিল। এই আঁচনিখন প্ৰধানমন্ত্ৰীৰ ২ লাখ কোটি টকাৰ মেগা পেকেজৰ অংশ, যাৰ লক্ষ্য হৈছে কোটি কোটি যুৱক-যুৱতীক চাকৰি, প্ৰশিক্ষণ আৰু অন্যান্য সুযোগ প্ৰদান কৰা। এতিয়া কেন্দ্ৰীয় কেবিনেটৰ পৰা অনুমোদন পোৱাৰ পিছত এই আঁচনি ৰূপায়ণৰ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ’ব।

যুৱক-যুৱতী, মধ্যবিত্তৰ বাবে চৰকাৰৰ বিশেষ আঁচনি, চাকৰি পোৱাৰ পিছতে লাভ কৰিব ডাঙৰ উপহাৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

02 Jul 2025 17:36 PM

দেশৰ যুৱক-যুৱতী আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত যোৱা ১ জুলাই, মঙলবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত Employment Linked Initiative (ELI) আঁচনিৰ অনুমোদন জনোৱা হয়। এই আঁচনিৰ লক্ষ্য দেশত চাকৰিৰ প্ৰসাৰ আৰু বিশেষকৈ উৎপাদন খণ্ডক শক্তিশালী কৰা। মিণ্টৰ এক প্ৰতিবেদন অনুসৰি এই আঁচনিৰ বাবে ১.০৭ লাখ কোটি টকাৰ বিশাল বাজেট ৰাখিছে চৰকাৰে।  এই ELI আঁচনি কি, ইয়াৰ সুবিধা কোনে পাব আৰু কেনেকৈ পাব? সকলো জানো আহক।

ELI আঁচনি কি?

Employment Linked Initiative (ELI) আঁচনি চৰকাৰৰ এক পদক্ষেপ, যাৰ জৰিয়তে দেশৰ আনুষ্ঠানিক খণ্ডত চাকৰি বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। এই আঁচনিৰ মূল কেন্দ্ৰবিন্দু হৈছে যুৱক-যুৱতীসকলক চাকৰিৰ বাবে তৈয়াৰ কৰা আৰু আৰ্থিকভাৱে সহায় কৰা। বিশেষকৈ উৎপাদন খণ্ডক শক্তিশালী কৰাৰ দিশত এই আঁচনিখন এক ডাঙৰ পদক্ষেপ। চৰকাৰে দাবী কৰিছে যে এই আঁচনিৰ জৰিয়তে অহা বছৰৰ ভিতৰত ৩.৫ কোটিতকৈ অধিক চাকৰিৰ সৃষ্টি হ’ব, ইয়াৰে প্ৰথমবাৰৰ বাবে চাকৰি প্ৰত্যাশী হ’ব ১.৯২ কোটি লোক । এই আঁচনিখনে ‘মেক ইন ইণ্ডিয়া’ৰ দৰে অভিযানক নতুন শক্তি প্ৰদান কৰাৰ লগতে দেশৰ অৰ্থনীতি ত্বৰান্বিত কৰিব।

কাৰ লাভ হ’ব?

প্ৰথমবাৰৰ বাবে চাকৰিৰ জগতখনত প্ৰৱেশ কৰা যুৱক-যুৱতীসকলক ই এল আই আঁচনিৰ দ্বাৰা উপকৃত হ’ব। যদি আপুনি প্ৰথমবাৰৰ বাবে এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন (ইপিএফঅ’)ত পঞ্জীয়ন কৰিছে, তেন্তে চৰকাৰে আপোনাক এমাহ পৰ্যন্ত দৰমহা অৰ্থাৎ সৰ্বাধিক ১৫,০০০ টকাৰ আৰ্থিক সাহায্য দিব। কিন্তু এই টকা একেলগে পোৱা নাযাব, যি দুটা কিস্তিত আপোনাৰ একাউণ্টলৈ আহিব। প্ৰথম কিস্তি ৬ মাহৰ কৰ্মসংস্থাপন সম্পূৰ্ণ হোৱাৰ পিছত আৰু দ্বিতীয় কিস্তি ১২ মাহৰ কৰ্মসংস্থাপন আৰু বিত্তীয় সাক্ষৰতা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত দিয়া হ’ব। এই ধনৰ কিছু অংশ এফ ডি একাউণ্টতো জমা হ’ব, যিটো আপুনি পিছত উলিয়াব পাৰিব। অৱশ্যে এই আঁচনিৰ সুবিধা কেৱল সেইসকল কৰ্মচাৰীয়েহে পাব যাৰ মাহিলী দৰমহা ১ লাখ টকা বা তাতকৈ কম। অৰ্থাৎ যদি আপোনাৰ দৰমহা ইয়াতকৈ বেছি হয়, তেন্তে আপুনি এই আঁচনিৰ অধীনত নাহিব।

কোম্পানীবোৰে কি পাব?

কেৱল কৰ্মচাৰীৰ বাবেই নহয়, কৰ্মসংস্থাপন প্ৰদান কৰা কোম্পানীসমূহৰ বাবেও ই এল আই আঁচনি এক ডাঙৰ উপহাৰ। যিবোৰ কোম্পানীয়ে নতুন কৰ্মচাৰী নিয়োগ কৰিব সেইবোৰ কোম্পানীক চৰকাৰে ধন প্ৰদান কৰিব। যদি কোনো কোম্পানীয়ে ইপিএফঅ’ত পঞ্জীয়ন কৰি নতুন কৰ্মচাৰী নিয়োগ কৰে, তেন্তে প্ৰতিজন নতুন কৰ্মচাৰীৰ ওপৰত প্ৰতিমাহে ৩ হাজাৰ টকা পৰ্যন্ত সহায় লাভ কৰিব। এই ধনৰাশি দুবছৰৰ বাবে দিয়া হ’ব। কিন্তু ইয়াৰ বাবে কিছুমান চৰ্ত আছে।

  • যিবোৰ কোম্পানীত ৫০ জনতকৈ কম কৰ্মচাৰী আছে সেইবোৰ কোম্পানীয়ে কমেও ২ জন নতুন কৰ্মচাৰী নিযুক্তি দিব লাগিব।
  • যিবোৰ কোম্পানীত ৫০ জন বা তাতকৈ অধিক কৰ্মচাৰী আছে সেইবোৰ কোম্পানীয়ে কমেও ৫ জন নতুন কৰ্মচাৰী নিযুক্তি দিব লাগিব।
  • কৰ্মচাৰীজনে কমেও ৬ মাহ চাকৰিত থাকিব লাগিব, যাতে কোম্পানীয়ে এই ধন লাভ কৰিব পাৰে।

উল্লেখ্য যে বিগত বাজেটত চৰকাৰে ই এল আই আঁচনিৰ কথা উল্লেখ কৰিছিল। এই আঁচনিখন প্ৰধানমন্ত্ৰীৰ ২ লাখ কোটি টকাৰ মেগা পেকেজৰ অংশ, যাৰ লক্ষ্য হৈছে কোটি কোটি যুৱক-যুৱতীক চাকৰি, প্ৰশিক্ষণ আৰু অন্যান্য সুযোগ প্ৰদান কৰা। এতিয়া কেন্দ্ৰীয় কেবিনেটৰ পৰা অনুমোদন পোৱাৰ পিছত এই আঁচনি ৰূপায়ণৰ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ’ব। বিশেষকৈ সৰু চহৰ আৰু গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলৰ সুবিধা যাতে দেশৰ চুকে-কোণে বিয়পি পৰে তাৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে চৰকাৰে।

কেনেকৈ আৰু কেতিয়া লাভ কৰিব ধন

ই এল আই আঁচনিৰ অধীনত প্ৰথমবাৰৰ বাবে কাম কৰা যুৱক-যুৱতীসকলক দিবলগীয়া ১৫ হাজাৰ টকাৰ ধনৰাশি দুটা ভাগত দিয়া হ’ব। ৬ মাহৰ কৰ্মসংস্থাপন সম্পূৰ্ণ হ’লেই প্ৰথম কিস্তি পাব। ১২ মাহৰ কৰ্মসংস্থাপন সম্পূৰ্ণ কৰি চৰকাৰৰ বিত্তীয় সাক্ষৰতা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত দ্বিতীয় কিস্তি উপলব্ধ হ’ব। এই ধনৰ এটা অংশ আপোনাৰ এফ ডি একাউণ্টত জমা হ’ব, যিটো আপুনি পিছত উলিয়াব পাৰিব। এই ব্যৱস্থা কৰা হৈছে যাতে যুৱক-যুৱতীসকলে চাকৰিৰ প্ৰাৰম্ভিক দিনত আৰ্থিক সাহায্য লাভ কৰে আৰু তেওঁলোকেও নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সঞ্চয় কৰিব পাৰে। কোম্পানীসমূহেও প্ৰতিমাহে ধন লাভ কৰিব, কিন্তু ইয়াৰ বাবে কৰ্মচাৰীজনে কমেও ৬ মাহ কাম কৰাটো প্ৰয়োজনীয়। যদি কৰ্মচাৰীজনে মাজভাগত চাকৰি এৰি যায় তেন্তে কোম্পানীয়ে এই ধন নাপাব।

বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...
নেমুৰ ৰসে আঁতৰাব মুখৰ ক’লা দাগ! কিন্তু কেনেকৈ?
আঁতৰি থাকক এনে বন্ধুৰ পৰা! কৰিব পাৰে বিশ্বাসঘাটকতা...