আইফোনৰ প্ৰেমত পৰিছে সকলো! ভাৰতীয় বজাৰত এপ’লে দেখিছে ‘বাম্পাৰ’ লাভৰ মুখ, উপাৰ্জন কৰিলে ইমান ধন…

বাজেট কিছু অধিক হ’লেও এপ’ল কোম্পানীৰ ফোনৰ প্ৰতি গ্ৰাহকৰ মাজত এক বিশেষ টান দেখা যায়। গ্ৰাহকৰ এই আকৰ্ষণৰ স্পষ্ট প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে বজাৰত। শেহতীয়াকৈ ভাৰতীয় বজাৰত এপ’লে এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

আইফোনৰ প্ৰেমত পৰিছে সকলো! ভাৰতীয় বজাৰত এপ’লে দেখিছে ‘বাম্পাৰ’ লাভৰ মুখ, উপাৰ্জন কৰিলে ইমান ধন...

ভাৰতত এপ’লৰ বৃহৎ ব্যৱসায়

Updated On: 

07 Sep 2025 14:57 PM

বিভিন্ন মোবাইল কোম্পানীয়ে বজাৰত সময়ে সময়ে মুকলি কৰে অত্যাধুনিক সাসুবিধাযুক্ত নতুন মোবাইল গ্ৰাহকসকলেও বাজেট তথা প্ৰয়োজন অনুসাৰে ক্ৰয় কৰে নতুন সাসুবিধা উপলব্ধ এই মোবাইল গ্ৰাহকৰ মন জয় কৰিবলৈ কোম্পানীসমূহেও সুবিধা তথা বাজেটৰ ক্ষেত্ৰত প্ৰতিযোগিতাত নামে তাৰ মাজতো কিছু অধিক বাজেটৰ লেও এপ কোম্পানীৰ ফোনৰ প্ৰতি গ্ৰাহকৰ মাজত এক বিশেষ টান দেখা যায় গ্ৰাহকৰ এই আকৰ্ষণৰ স্পষ্ট প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে বজাৰত

শেহতীয়াকৈ ভাৰতীয় বজাৰত এপলে এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০২৪২৫ বিত্তীয় বৰ্ষত কোম্পানীটোৰ বাৰ্ষিক বিক্ৰী প্ৰায় ৯ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৮০ হাজাৰ কোটি টকা হয়। এপলৰ ফ্লেগশ্বিপ প্ৰডাক্টসমূহে ভাৰতীয় গ্ৰাহকক যথেষ্ট আকৰ্ষিত কৰিছে গ্ৰাহকে এপলৰ প্ৰিমিয়াম ডিভাইচ বিশেষকৈ আইফোন বৃহৎ হাৰত ক্ৰয় কৰিছে।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, ২০২৫ চনৰ মাৰ্চ মাহলৈকে এপলৰ ৰাজহ ১৩% বৃদ্ধি পাইছে। এই বৃদ্ধিৰ আটাইতকৈ ডাঙৰ অংশ আহিছিল আইফোনৰ বিক্ৰীৰ পৰা প্ৰতিবেদনত কোৱা হৈছে যে ২০২৫ চনৰ প্ৰথমাৰ্ধত এপলে ভাৰতলৈ ৫৯ লাখ ইউনিট প্ৰেৰণ কৰিছিল এই পৰিমাণ বিগত বৰ্ষৰ তুলনাত এই পৰিমাণ ২১.৫% অধিক।

এই সময়ছোৱাত আইফোন ১৬ৰ পৰিমাণ আছিল আটাইতকৈ বেছি। বিশ্বজুৰি স্মাৰ্টফোনৰ বিক্ৰী হ্ৰাস হোৱাৰ পাছতো ভাৰতত এপলৰ ব্যৱসায় ব্যাপক হাৰত বৃদ্ধি পাইছে। এপলৰ বৃহৎ বজাৰ আৰু উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা চীনে ছাঅ’মিৰ দৰে স্থানীয় ব্ৰেণ্ডৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰতো তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হৈছে।

একে সময়তে এপলে ভাৰতত খুচুৰা ব্যৱসায়ো দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিছে। শেহতীয়াকৈ বেংগালুৰু আৰু পুনেত নতুন ষ্ট’ৰ মুকলি কৰা হৈছে আৰু ২০২৬ চনত নয়ডা আৰু মুম্বাইতো নতুন ষ্ট’ৰ মুকলি হ’ব। ভাৰতৰ নীতি অনুসৰি বিদেশী ব্ৰেণ্ডে ৩০% সামগ্ৰীৰ উৎস স্থানীয়ভাৱে ল’ব লাগিব।

এপলে এতিয়া ভাৰততো উৎপাদন সম্প্ৰসাৰণ কৰিছে। চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ কোম্পানীটোৱে নিজৰ পাঁচটা ভাৰতীয় কাৰখানাত উৎপাদন বৃদ্ধি কৰিছে। আমেৰিকা আৰু চীনৰ মাজত হোৱা বাণিজ্য যুদ্ধৰ পৰাও এপল লাভৱান হৈছে। কোম্পানীটোৱে ২.৫ বিলিয়ন ডলাৰ ব্যয় কৰি ভাৰতত বছৰি ৪ কোটিৰ পৰা ৬ কোটি ইউনিটলৈ আইফোন উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে।

ছেপ্তেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ স্বভাৱ কেনেকুৱা? জানক
স্বামীৰ বাবে সৌভাগ্য কঢ়িয়াই আনে এই ৩ ৰাশিৰ কন্যাই, লাভ কৰে মা লক্ষ্মীৰ আশীৰ্বাদ!
১০০ বছৰ পাছত পিতৃপক্ষ আৰু চন্দ্ৰগ্ৰহণৰ সংযোগ! এই ৰাশিৰ বাবে শুভ...
অত্যধিক বগা স্ৰাৱ হয় নেকি? আঁৰৰ কাৰণ জানি হ'ব আচৰিত!