বিমান বন্দৰৰ বাহিৰত জনসমুদ্ৰ ! পুৱাতে বৰঝাৰৰ পৰা কাহিলীপাৰালৈ জুবিন গাৰ্গ..

পুৱা ভাগতে আজি তেওঁৰ নশ্বৰদেহ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়। বৰ্তমান বিমান বন্দৰৰ পৰা কাহিলিপাৰা বাসগৃহলৈ লৈ যোৱা হৈছে জুবিনৰ নশ্বৰদেহ।

বিমান বন্দৰৰ বাহিৰত জনসমুদ্ৰ ! পুৱাতে বৰঝাৰৰ পৰা কাহিলীপাৰালৈ জুবিন গাৰ্গ..
Updated On: 

21 Sep 2025 07:58 AM

সময়বোৰ কঠিন ! অনুভৱবোৰ ভাষাৰে বুজাব নোৱাৰা। হাঁহি হাঁহি ছিংগাপুৰলৈ যোৱা জুবিন গাৰ্গ উভতি আহিল এটা ক’লা কফিনত। প্ৰাণৰ শিল্পীগৰাকীক এবাৰ চাবলৈ ভিৰ কৰিছে হাজাৰ হাজাৰ অনুৰাগীয়ে। জুবিন গাৰ্গ যে আমাৰ মাজত নাই সেই কথা কোনেও মানি ল’ব পৰা নাই।

পুৱা ভাগতে আজি তেওঁৰ নশ্বৰদেহ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়। বৰ্তমান বিমান বন্দৰৰ পৰা কাহিলীপাৰা বাসগৃহলৈ লৈ যোৱা হৈছে জুবিনৰ নশ্বৰদেহ। পত্নী গৰিমা শইকীয়া গাৰ্গে চমজি লয় জুবিনৰ নশ্বৰদেহ। বিমান বন্দৰৰ বাহিৰত জুবিনৰ নশ্বৰদেহ লৈ অহা বাহনখন আগে আগে খোজ কাঢ়ি ডিজিপি হৰমিত সিঙে আগবঢ়াই নিয়া দেখা যায়। কাহিলীপাৰাৰ পৰা সৰুসুজাইলৈ যোৱা হ’ব জুবিনৰ নশ্বৰদেহ।

দিল্লীৰ পৰা জুবিনৰ নশ্বৰদেহ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান IX 1197 ত গুৱাহাটীলৈ লৈ অহা হয়৷ বিমান বন্দৰত বাহিৰত দেখা গৈছে জনসমুদ্ৰ। ঠায়ে ঠায়ে অনুৰাগীয়ে প্ৰিয় শিল্পীগৰাকীক জনাইছে শ্ৰদ্ধাঞ্জলি। কাহিলীপাৰাতো দেখা গৈছে জনসমুদ্ৰ। প্ৰিয় শিল্পীগৰাকীক এবাৰ চাবৰ বাবে ৰাতিৰে পৰা অপেক্ষা কৰি আছে অনুৰাগীয়ে।

কেনেকৈ নিয়ন্ত্ৰণ হ’ব এই পৰিস্থিতি? আৰক্ষী মোতায়ন কৰা হৈছে। সকলোৰে এটা হেপাঁহ প্ৰিয় শিল্পীগৰাকীক এবাৰ চোৱাৰ।

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক