পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজিৰ শিৰোনামত ৰাজনীতিৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতলৈকে বহু গুৰুত্বপূৰ্ণ খবৰ। অভেল টেষ্টৰ পৰা বিটিচি নিৰ্বাচনলৈকে পলকতে পঢ়ক ৯ টা গুৰুত্বপূৰ্ণ খবৰ।

ভাৰতীয় ক্ৰিকেট দল
ৰাজনীতিৰ পৰা ক্ৰীড়া জগতলৈকে বহু গুৰুত্বপূৰ্ণ খবৰে আজি শিৰোনাম দখল কৰিছে। অভেল টেষ্টত জয়েৰে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলাত সমতা স্থাপন ভাৰতে। বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিপিএফৰ। দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ২২ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ।
দিনটোৰ ৯ টা শীৰ্ষ খবৰ
- অভেল টেষ্টত জয়েৰে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলাত সমতা স্থাপন ভাৰতৰ। দুয়োটা দলেই দুখনকৈ টেষ্টত জয়লাভ কৰে। শুভমন গিলক প্লেয়াৰ অৱ দ্য টুৰ্ণামণ্ট ঘোষণা কৰাৰ বিপৰীতে মহম্মদ ছিৰাজক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয়। অন্তিম টেষ্টত ৬ ৰাণত জয়লাভ কৰে ভাৰতে।
- বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিপিএফৰ। দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ২২ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। দেবৰগাঁও পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে।
- সংখ্যালঘু মুছলমান সন্দৰ্ভত পুনৰ এবাৰ চাঞ্চল্যকৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংখ্যালঘু মুছলমানে অসমৰ খিলঞ্জীয়া লোকৰ বিৰোধিতা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোক লাভ জিহাদ, লেণ্ড জিহাদ আৰু ভূমি বেদখলত জড়িত থাকে।
- বঙালী লোক তথা বাংলা ভাষাক লৈ বিজেপিক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ। কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় যে বিজেপিয়ে পশ্চিম বংগ আৰু উত্তৰ-পূবৰ বাংলাভাষী লোকৰ সৈতে অমানৱীয় ব্যৱহাৰ কৰিছে। বাংলা ভাষী লোকক বিজেপিয়ে বিদেশী সজোৱাৰ অভিযোগ গৌৰৱ গগৈৰ।
- ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক শিবু সোৰেনৰ। গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান নেতাগৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দেশৰ ৰাজনৈতিক ক্ষেত্ৰত বহুকেইজন নেতাই শিবু সোৰেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
- ভাৰতীয় সেনাৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ উচ্চতম ন্যায়ালয়ৰ। ভাৰত জোড়ো যাত্ৰাৰ সময়ত চীনে অৰুণাচলত ভাৰতীয় সেনাক আক্ৰমণ কৰা বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। এই সন্দৰ্ভত ৰুজু হৈছিল মান হানিৰ গোচৰ। প্ৰকৃত ভাৰতীয়ই এনে মন্তব্য নকৰে বুলি ৰাহুলক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ।
- মেঘালয়ত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে ৫ গৰাকী লোক। ৰংগাইনত এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাত মৃত্যু হয় যাত্ৰীকেইগৰাকীৰ। বিহাৰতো দুৰ্ঘটনাত পতিত হয় ব’লব’ম যাত্ৰী কঢ়িওৱা বাহন। এই দুৰ্ঘটনাত নিহত হয় ৫ গৰাকী ভক্ত।
- হ্ৰাস পালে বহু কেইটা দৰকাৰী ঔষধৰ মূল্য। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিছে ৩৫ টা ঔষধৰ খুচুৰা মূল্য। ইয়াৰ ভিতৰত আছে হৃদৰোগ, ডায়েবেটিছৰ ঔষধৰ লগতে এণ্টিবায়টিক।
- যুদ্ধবিৰতিৰ আলোচনাত মিলিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লডিমিৰ জেলেনস্কী। ক্ৰেমলিনে ঘোষণা কৰা অনুসৰি পৰ্যায়ত কাম সম্পূৰ্ণ হোৱাৰ পিছত ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু হৈছে।