ৰাজপথত গুণ্ডাগিৰি,আৰক্ষীক আক্ৰমণ! পুনৰ গ্ৰেপ্তাৰ হ’ল ভিক্তৰ দাস
পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে বহুচৰ্চিত শিক্ষক ভিক্তৰ দাসক। দদৰা আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে ভিক্টৰক। সুৰাৰ ৰাগীত মাতাল হৈ পথত বাহন আগভেটি আৰোহীক আক্ৰমণ ।

ভিক্তৰ দাস
পুনৰ চৰ্চালৈ আহিছে বিতৰ্কিত শিক্ষক ভিক্টৰ দাস। সততে চৰ্চাত থকা শিক্ষক ভিক্টৰ দাসক পুনৰ এবাৰ গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। দদৰা আৰক্ষীয়ে শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক।সুৰামত্ত অৱস্থাত পথেৰে যোৱা যান-বাহনত আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেুপ্তাৰ কৰা হৈছে ভিক্টৰ দাসক। পথত অৰ্ধ উলংগ হৈ উদ্ভণ্ডালি কৰিছিল ভিক্টৰ দাসে। অভিযোগ অনুসৰি সুৰাৰ ৰাগীত মাতাল হৈ পথত বাহন আগভেটি আৰোহীকো আক্ৰমণ । ভাঙি চূৰমাৰ কৰিলে AS 01DV 5125 নম্বৰৰ বাহনখন।
ইফালে তদন্তৰ বাবে যোৱা দদৰা আৰক্ষীৰ এগৰাকী বিষয়াকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে দাসৰ বিৰুদ্ধে। ভিক্টৰ দাসৰ বিৰুদ্ধে দদৰা থানাত ৰুজু হৈ থকা ২-৩খন এজাহাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে বুলি সদৰি কৰিছে আৰক্ষীয়ে। কামৰূপৰ দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰক আক্ৰমণৰ অভিযোগ । ঘটনাৰ বৰ্ণনা অনুসৰি, নিচাসক্ত অৱস্থাত ভিক্তৰ দাসে শনিবাৰে নিশা অৰ্ধ উলংগ অৱস্থাত কামৰূপৰ দদৰা-পছৰীয়া পথত কেইবাখনো বাহন আগভেটি ধৰে। তাৰ পাছত বাহনকেইখন ক্ষতিগ্ৰস্থ কৰাৰ লগতে বিনা দোষত মাৰধৰ কৰিছিল আৰোহীক।
এই ঘটনাৰ বিৰুদ্ধে দদৰা আৰক্ষী চকীত ভুক্তভোগীয়ে ভিক্তৰ দাসৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত ভিক্তৰ দাসক আটক কৰিবলৈ যোৱা দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰক প্ৰহাৰ কৰে ভিক্তৰ দাসে। মুখৰ লগতে শৰীৰৰ কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী বিষয়াগৰাকী। তাৰ পাছত নিশাই কামৰূপ আৰক্ষীৰ অভিযানত দদৰাস্থিত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ভিক্তৰ দাসক।
বিগত কেইদিনৰ পৰা অসম চৰকাৰকো সামাজিক মাধ্যমযোগে তীব্ৰ কটাক্ষ কৰিছিল ভিক্টৰ দাসে। অসম চৰকাৰে পাতিবলৈ লোৱা নিযুক্তি পৰীক্ষাক লৈও সমালোচনা কৰা দেখা গৈছিন ভিক্টৰ দাসক।ইয়াৰ পূৰ্বেও পল্টন বজাৰ আৰক্ষীয়ে আটক কৰিছে ভিক্টৰ দাসক। ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ। পূৰ্বৰ প্ৰতিষ্ঠানত গৈ বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ আছিল ভিক্টৰ দাসৰ বিৰুদ্ধে। ধাৰাবাহিকভাৱে ভিক্টৰ দাসে পূৰ্বৰ কৰ্মৰত প্ৰতিষ্ঠানৰ গৰাকীৰ বিৰুদ্ধে উত্থাপিত কৰি আহিছিল গুৰুতৰ অভিযোগ।
তাৰ পূৰ্বে আন এটা অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক। অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী হোৱাৰ অভিযোগ তুলি আৰক্ষীৰ আলহী হৈছিল ভিক্টৰ দাস। পৰৱৰ্তী সময়ত নিজ পত্নীয়েও ভিক্টৰ দাসৰ বিৰুদ্ধে উত্থাপন কৰিছিল শাৰীৰিক, মানসিক অত্যাচাৰৰ গুৰুতৰ অভিযোগ।