অসমীয়া শিল্প-সাহিত্যই হেৰুৱালে আন এজন পুৰোধাঃ ‘মাটিভাষা’ শিকাবলৈ আৰু নাই অনুভৱ তুলসী

অসমীয়া শিল্প-সাহিত্যৰ ক্ষেত্ৰখনক উকা কৰি আজি চিৰদিনৰ বাবে চকু মুদিলে অনুভৱ তুলসীয়ে। স্বাস্থ্যজনিত কাৰণত আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত সাহিত্যিকগৰাকীয়ে। কিছুদিন পূৰ্বে ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ বাবে অনুভৱ তুলসীক গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা হৈছিল।

অসমীয়া শিল্প-সাহিত্যই হেৰুৱালে আন এজন পুৰোধাঃ ‘মাটিভাষা’ শিকাবলৈ আৰু নাই অনুভৱ তুলসী

কবি অনুভৱ তুলসী আৰু নাই

Published: 

01 Jul 2025 12:34 PM

ৰাজ্যবাসীৰ বাবে আজিৰ দিনটোৱে কঢ়িয়াই আনিলে এক দুখবৰ। অসমীয়া শিল্প-সাহিত্যৰ ক্ষেত্ৰখনক উকা কৰি আজি চিৰদিনৰ বাবে চকু মুদিলে অনুভৱ তুলসীয়ে। স্বাস্থ্যজনিত কাৰণত আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত সাহিত্যিকগৰাকীয়ে। কিছুদিন পূৰ্বে ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ বাবে অনুভৱ তুলসীক গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰা হৈছিল। চিকিৎসালয়ৰ আইচিইউৰ বিচনাত মৃত্যুৰ সৈতে কঠিন যুঁজৰ অন্তত আজি অৱশেষত চিৰদিনলৈ চকু মুদে।

জানিব পৰা মতে আজি পুৱা প্ৰায় ১০:০৫ বজাত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ। একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ হিচাপে অনুভৱ তুলসীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত সমৃদ্ধ কৰি গৈছে। বিশেষকৈ বিংশ শতিকাৰ শেষৰফাল পৰা তেওঁ অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অনন্য অৱদান আগবঢ়াই আহিছিল। নিজৰ সুকীয়া লিখনশৈলীয়ে পাঠকৰ মনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল অনুভৱ তুলসীয়ে।

১৯৫৮ চনৰ ৩ ডিচেম্বৰত নগাঁৱত অনুভৱ তুলসীৰ জন্ম হয়। জিলাত। তেওঁৰ পিতৃৰ নাম লক্ষ্মীকান্ত শইকীয়া আৰু মাতৃ লাৱণ্য শইকীয়া। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮৩ চনৰপৰা ২০১৮ চনলৈকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৫ চনত প্ৰকাশ পাইছিল তেওঁৰ প্ৰথম কবিতা পুথি নাজমা।

ইয়াৰ পিছত তেওঁৰ কলমৰ পৰা অসমীয়া সাহিত্যই লাভ কৰে ২০খন কবিতাপুথি। তেওঁৰ কবিতাপুথিসমূহ হৈছে নাজমা, দোৰোণ ফুল, জলমগ্ন দৃশ্যাৱলী, কাব্যপীঠ, নিৰ্জ্ঞান নেপথ্য, চৰাইৰ চকুত ফুলৰ বিছনা, পানীকাউৰী, জয় জয়তীৰ জয়, জুইচোৰ, জীৱনানন্দৰ দেহান্তৰৰ দৃশ্য, দেওচেলেং, ঢেকীয়াপতীয়াৰ পিতৃ, বৰষুণৰ খেতিয়ক, মাটিভাষা, অনুভৱ তুলসীৰ শ্ৰেষ্ঠ কবিতা, দিন ৰাতিৰ দুৱৰী, বানান কৰি পঢ়া লুইতৰ পানী, ডেমক্ৰেচি অব আমব্ৰেলাজ, মাইহাং বাটিৰ চাদ।

ইয়াৰ উপৰিও আনা আখমাত’ভাৰ কবিতা, বেলিসূতা সোণপৰুৱা, সম্পৰ্ক, পুৰাতন এই বীণখনি, নজনা জুনুকা, নৰা তগৰৰ গন্ধ তেওঁৰ দ্বাৰা অনুদিত পুথি। অনুভৱ তুলসীৰ কবিতা আলোচনামূলক গ্ৰন্থ হৈছে ক্ৰমে অসমীয়া কবিতা আৰু তুলনামূলক আলোচনা, সৃষ্টিসুষমা, ইলোৰাৰ ইন্দ্ৰসভা। পানীত মৌ মিহলাই লেখা নাম বাইজেনটিয়াম তেওঁৰ ভ্ৰমণমূলক লেখা। তদুপৰি ঘোঁৰাচৱাৰী আৰু সূৰ্যৰ স্মৃতি নামেৰে এখন চিনেমা সমালোচনাত্মক গ্ৰন্থ আৰু গোলাপ গছত থৈ যাবি শীৰ্ষক এখন গল্পপুথি তেওঁ প্ৰকাশ কৰে।

তেওঁৰ দ্বাৰা সম্পাদিত গ্ৰন্থ হৈছে কবিৰ বচন, অমূল্য বৰুৱাৰ কবিতা, তৰুণ প্ৰজন্মৰ কবিতা, Discourse, Confluence (পত্ৰিকা), তুলাৰ দলং তেজাৰ সাঁকো। তেওঁৰ কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লক্ষীমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। সমান্তৰালকৈ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, নৰ্থ ইষ্টাৰ্ণ পাৰ্বত্য বিশ্ববিদ্যালয়, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত সম্মানজনক গ্ৰন্থত তেওঁৰ কবিতা অন্তৰ্ভুক্ত হৈছে।

অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে অনুভৱ তুলসী বহু বঁটা তথা সন্মানেৰে সন্মানিত হৈছে। ১৯৯৭ চনত তেওঁ মুনীন বৰকটকী বঁটা লাভ কৰিছিল। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বিপ সন্মান, নলবাৰী সাহিত্য সভাৰ জমিৰুদ্দিন আহমদ বঁটা, অসম সাহিত্য সভাৰ সভাপতিৰ শতবৰ্ষীয় সাহিত্য সম্মান, অন্তৰ্লিপি সাহিত্য বঁটা, সাহিত্য জ্যোতি বঁটা, পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰেৰে তেওঁ সন্মানিত হৈছে। এইগৰাকী সাহিত্যিকৰ মৃত্যু স্বাভাৱিকতেই ৰাজ্যৰ বাবে অত্যন্ত ক্ষতি হিচাপে বিবেচিত হ’ব।

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...