মাত্ৰ ২ মিনিটত পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ২ আগষ্ট । দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

মাত্ৰ ২ মিনিটত পঢ়ক পুৱাৰ মুখ্য খবৰ...

পুৱাৰ মুখ্য খবৰ

Published: 

02 Aug 2025 07:16 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. গুৱাহাটী মহানগৰীত সংঘটিত হোৱা হিট এণ্ড ৰান গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী নন্দিনী কাশ‍্যপক ১৪ দিনৰ ন‍্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল নন্দিনী কাশ্যপক। আৰক্ষীয়ে আদালতৰ সমুখত নন্দিনীক ৫ দিনৰ বাবে জিম্মাত বিচাৰি আবেদন জনাইছিল। অৱশ্যে আদালতে আৰক্ষীৰ এই আবেদন নাকচ কৰে আৰু আৰক্ষীৰ জিম্মাৰ পৰিৱৰ্তে নন্দিনীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
  2. ১৭ ছেপ্টেম্বৰত আৰম্ভ হ’ব অৰুণোদয় ৩.০। জুলাই মাহত অৰুণোদয় ২.০ৰ অন্ত পৰা বুলি উল্লেখ কৰি এই কথা ঘোষণা কৰিছে উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ পৰা অসমত অৰুণোদয় ৩.০ আঁচনি আৰম্ভ কৰা ঘোষণা মুখ্যমন্ত্ৰীৰ।
  3. সামাজিক মাধ্যমত বিতৰ্কিত আৰু দেশবিৰোধী ভিডিঅ’ পোষ্ট কৰাৰ অভিযোগত হাইলাকান্দিৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই যুৱকজনৰ নাম আতিকুৰ ৰহমান লস্কৰ বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি ধৃত আতিকুৰ ৰহমানৰ ঘৰ হাইলাকান্দিৰ বৰবন্দ নামৰ এখন গাঁৱত।
  4. অহা ৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট আৰু মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট, মনোনয়ন পৰীক্ষাৰ তাৰিখ ২২ আগষ্ট, মনোনয়ন প্ৰত্যাহাৰৰ তাৰিখ ২৫ আগষ্ট। নিৰ্বাচন হ’ব ৯ ছেপ্টেম্বৰত।
  5. মেঘালৰ বনাঞ্চল ভূমিত আছে USTM । অহা বছৰৰ পিছত এই প্ৰতিষ্ঠানখন নাথাকিবও পাৰে। এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়টো ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছে কয় মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, এয়া শিক্ষানুষ্ঠান নহয় বৰঞ্চ শিক্ষাৰ বাণিজ্যিকীকৰণ কৰা প্ৰতিষ্ঠান।
কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?