মাটি নিদিয়ে পুঁজিপতিক, দুৰ্নীতিত ডুব গৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ! ডাঙৰ অভিযোগ প্ৰাক্তন কাৰ্যবাহী পাৰিষদৰ

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমি প্ৰকল্প স্থাপনৰ নামত আৱণ্টন দিয়াৰ পৰা আৰম্ভ কৰি উন্নয়ন প্ৰকল্পৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আজি গুৱাহাটীৰ কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী পাৰিষদ বিদ্যা ছিং ৰংপি আৰু ৰতন ইংপিয়ে।

মাটি নিদিয়ে পুঁজিপতিক, দুৰ্নীতিত ডুব গৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ! ডাঙৰ অভিযোগ প্ৰাক্তন কাৰ্যবাহী পাৰিষদৰ

প্ৰাক্তন কাৰ্যবাহী পাৰিষদ বিদ্যা ছিং ৰংপি আৰু ৰতন ইংপিৰ সংবাদমেল

Published: 

01 Jul 2025 19:03 PM

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উথাপন হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমি প্ৰকল্প স্থাপনৰ নামত আৱণ্টন দিয়াৰ পৰা আৰম্ভ কৰি উন্নয়ন প্ৰকল্পৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আজি গুৱাহাটীৰ কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী পাৰিষদ বিদ্যা ছিং ৰংপি আৰু ৰতন ইংপিয়ে।

প্ৰথমেই সংবাদমেলত দুয়োগৰাকী কাৰ্বি নেতাই বিভিন্ন প্ৰকল্পৰ নামত পুঁজিপতিক কাৰ্বি আংলঙৰ খিলঞ্জীয়া ভূমি দিয়াৰ কাৰ্যক বিৰোধিতা কৰে। তেওঁলোকে সংবাদমেলত অভিযোগ কৰে যে, পুঁজিপতি গোষ্ঠীৰ সৈতে ভূমি আৱণ্টন দিয়াৰ ক্ষেত্ৰত কেনেকুৱা চুক্তি কৰিছিল সেয়া ৰাজহুৱা কৰা নাই চৰকাৰে। লগতে পুঁজিপতিক খিলঞ্জীয়াৰ ৪০০০ বিঘা ভূমি আৱণ্টন দিয়া ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলিও অভিযোগ কৰে নেতা দুগৰাকীয়ে।

তেওঁলোকে দাবী কৰে যে, ২৩ বিঘা ভূমি আৱণ্টন দিলে প্ৰায় ২০ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব। পাৱাৰ পজেক্টৰ নামত APDCL ৰ সহযোগত ভূমি আৱণ্টন দিয়াৰ চেষ্টা কৰা হৈছে। ষষ্ঠ অনুসূচিৰ অধীনত জনজাতীয় লোকৰ ভূমি কিদৰে হস্তান্তৰ কৰিব বিচাৰিছে সেই কথা এতিয়া অঞ্চলটোৰ জনসাধাৰণে বুজি পোৱা নাই বুলি উল্লেখ কৰে নেতা দুগৰাকীয়ে।

তেওঁলোকে কয়, “এই প্ৰকল্প হ’লে কাৰ্বি আংলঙৰ পৰিৱেশ ধ্বংস হ’ব। ৰাইজৰ মাটি কম দামত ক্ৰয় কৰি পুঁজিপতিক গটাব খুজিছে। উচ্ছেদ কৰা পৰিয়ালক ক’ত সংস্থাপন দিয়া হ’ব সেই লৈয়ো উত্থাপন হৈছে প্ৰশ্ন।” লগতে আদানী, আম্বানী কাকো কাৰ্বি আংলঙৰ ভূমি দিয়া নহ’ব বুলি এক প্ৰকাৰে স্পষ্ট কৰি দিয়ে নেতা দুগৰাকীয়ে।

একে সময়তে বিদ্যা সিং ৰংপি আৰু ৰতন ইংপিয়ে কাৰ্বি আংলং আৰু মেঘালয় সীমাক লৈয়ো উদ্বেগ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰে সংবাদমেলত। তেওঁলোকে অভিযোগ কৰে যে,কাৰ্বি আংলঙৰ সীমা সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বৰ্তমানৰ চৰকাৰ।

তেওঁলোকে অভিযোগ উত্থাপন কৰে যে,সীমামূৰীয়া অঞ্চলৰ প্ৰায় ৪০ হাজাৰ চন্দন গছ কাটি টহিলং কৰা হৈছে। ১২৫ নং সংবিধান সংশোধনীৰ জৰিয়তে পুঁজিপতিক ভূমি আৱণ্টন দিয়া চেষ্টা চলোৱা হৈছে। কাৰ্বি আংলঙত পঞ্চায়তী ৰাজ ব্যৱস্থা আনিব বিচাৰিছে। এক প্ৰকাৰে কাৰ্বি আংলঙৰ পৰিৱেশ ধ্বংস কৰি লুণ্ঠন আৰম্ভ হৈছে বুলি অভিযোগ কৰে বিদ্যা সিং ৰংপি আৰু ৰতন ইংপিয়ে।

তদুপৰি তুলিৰাম ৰংহাঙক উদ্দেশ্য়ি তেওঁলোকে অভিযোগ কৰে যে, কাৰ্বি আংলঙৰ প্ৰতিটো সমষ্টিৰ বাবে ১০ কোটি টকাৰ এটা প্ৰজেক্ট লৈছে, য’ত ডাঙৰ কেলেংকাৰী সংঘটিত হৈছে। বিভিন্ন উন্নয়ন মূলক কাম-কাজ যেনে- প্ৰেক্ষাগৃহ নিৰ্মাণ, পথ নিৰ্মাণ, গেষ্ট হাউচ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ লগতে কয়লা অবৈধ সৰবৰাহ, ছিণ্ডিকেটকে ধৰি বিভিন্ন অবৈধ কাম-কাজ চলি থকাৰো অভিযোগ উত্থাপন কৰে তেওঁলোকে। এই সকলো বিলাক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে CBI তদন্ত দাবী কৰে দুয়োগৰাকী কাৰ্বি নেতাই।

SAVE TO SIX Scheduled , Save to karbi aanglong শ্লোগানেৰে জনতাৰ কাষলৈ এই সকলো বিষয় লৈ যাব বুলিও কয় নেতা দুগৰাকীয়ে।

INPUT-দ্বিগজ্যোতি লহকৰ(সাংবাদিক)

প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...