অজ্ঞাতে অসম ভ্ৰমণ মাহমুদ মাদানীৰ ! ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা, কি ক’লে লুৰীণজ্যোতি গগৈয়ে ?

জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা মাহমুদ মাদানীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। তেওঁ অভিযোগ কৰিছে যে, "বদৰুদ্দিন আজমলৰ দ্বাৰা ব্যৰ্থ হোৱাৰ পাছত এতিয়া ৰাজ্যৰ বাহিৰৰ পৰা সাম্প্ৰদায়িক ৰাজনীতিৰ এজেণ্ট আমদানি কৰা হৈছে।"

অজ্ঞাতে অসম ভ্ৰমণ মাহমুদ মাদানীৰ ! ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা, কি কলে লুৰীণজ্যোতি গগৈয়ে ?

লুৰীণজ্যোতি গগৈৰ সংবাদমেল

Published: 

02 Sep 2025 18:52 PM

ৰাজ্যত সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ বাবে বাহিৰৰ পৰা এজেণ্ট আমদানি কৰা হৈছে! জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা মাহমুদ মাদানীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। তেওঁ অভিযোগ কৰিছে যে, “বদৰুদ্দিন আজমলৰ দ্বাৰা ব্যৰ্থ হোৱাৰ পাছত এতিয়া ৰাজ্যৰ বাহিৰৰ পৰা সাম্প্ৰদায়িক ৰাজনীতিৰ এজেণ্ট আমদানি কৰা হৈছে।” ইয়াৰ লগতে মাহমুদ মাদানীৰ অসম ভ্ৰমণক কিয় জনসাধাৰণৰ অজ্ঞাতে ৰখাৰ চেষ্টা কৰা হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে।

এক প্ৰকাৰে অজাপৰ নেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, চৰকাৰী পৃষ্ঠপোষকতাত মাহমুদ মাদানী আৰু তেওঁৰ দলে অজ্ঞাতে গোৱালপাৰাত উপস্থিত হয়। শেহতীয়াকৈ জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা মাহমুদ মাদানীৰ অসম ভ্ৰমণত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে।

ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি অজাপৰ নেতা গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে, মাদানীৰ এই ভ্ৰমণক লৈ অসমৰ জনসাধাৰণক কিয় আন্ধাৰত ৰখা হ’ল। তেওঁ প্ৰশ্ন কৰে যে, কেনেকৈ মাদানীয়ে জনসাধাৰণৰ অজ্ঞাতে শ্ৰীৰামপুৰ গেটৰ পৰা গোৱালপাৰাত উপস্থিত হ’বলৈ সক্ষম হ’ল? তেওঁ আৰু দাবী কৰে যে, এই ভ্ৰমণ কালত মাদানীক সম্পূৰ্ণ চৰকাৰী নিৰাপত্তা প্ৰদান কৰা হৈছিল। গোৱালপাৰা ভ্ৰমণ কৰাৰ পাছতে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰিছিল মাদানীয়ে। ই “এক ডাঙৰ ৰহস্য” বুলি অভিহিত কৰিছে গগৈয়ে।

লগতে গগৈয়ে অভিযোগ কৰে যে, “দেশৰ আন প্ৰান্তত সাম্প্ৰদায়িক সংঘাতৰ সৈতে মাদানী জড়িত অভিযোগ থকাৰ পিছতো অসমৰ চোৰাংচোৱা নেটৱৰ্কেও তেওঁৰ আগমনৰ কথা জানিব নোৱাৰিলে।” মাদানীৰ গোৱালপাৰা ভ্ৰমণৰ সময়ত কিয় ১৪৪ ধাৰা জাৰি কৰিব নোৱাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে। যিহেতু তেওঁৰ বক্তব্যসমূহ উত্তেজক আৰু সমন্বয় বিঘ্নিত কৰিব পৰা, তেন্তে তেওঁক জিম্মাত লোৱা নহ’ল কিয় বুলিও প্ৰশ্ন কৰে গগৈয়ে। তেওঁ কয়, “যিকোনো ব্যক্তিয়ে যেতিয়া উচটনিমূলক মন্তব্য কৰে তেতিয়া জিম্মাত লোৱা উচিত, কিন্তু মাদানীৰ ক্ষেত্ৰত সেয়া কৰা নহ’ল।”

লগতে পঢ়ক: “ক্ষমতাৰ বাবে ব্যৱহাৰ কৰা হৈছে মিঞা, সন্দেহজনক আদি শব্দ!” স্থানচ্যুত ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপনৰ দাবী মাহমুদ মাদানীৰ

অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক
খাদ্যৰ পৰা দৈনন্দিন ৰুটিনলৈকে, কেনেকৈ স্বাভাৱিকভাৱে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি ?
নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...