কৃত্ৰিম বানৰ আঁৰত সঠিক নিষ্কাশণ পৰিকল্পনাৰ অভাৱঃ স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত সৃষ্টি হোৱা এই কৃত্ৰিম বানপানীৰ আঁৰৰ কাৰণ বাখ্যা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, যথোপযুক্ত নিষ্কাশণ পৰিকল্পনা নোহোৱাকৈ নগৰৰ দ্ৰুত বিকাশ হোৱাৰ বাবে ৰাজ্যৰ ভিন্ন মুখ্য চহৰত কৃত্ৰিম বানৰ ঘটনা বাৰে বাৰে সংঘটিত হৈছে।

কৃত্ৰিম বানৰ আঁৰত সঠিক নিষ্কাশণ পৰিকল্পনাৰ অভাৱঃ স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা

Published: 

06 Jun 2025 19:16 PM

বছৰৰ প্ৰথমটো বানে ৰাজ্যত সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ। ৰাজ্যৰ ২১ খন জিলা এইপৰ্যন্ত বানৰ কবলত পৰিছে আৰু কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। ইফালে বৰষুণৰ ফলশ্ৰুতিত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো কৃত্ৰিম বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাজ্যত সৃষ্টি হোৱা এই কৃত্ৰিম বানপানীৰ আঁৰৰ কাৰণ বাখ্যা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, যথোপযুক্ত নিষ্কাশণ পৰিকল্পনা নোহোৱাকৈ নগৰৰ দ্ৰুত বিকাশ হোৱাৰ বাবে ৰাজ্যৰ ভিন্ন মুখ্য চহৰত কৃত্ৰিম বানৰ ঘটনা বাৰে বাৰে সংঘটিত হৈছে। এই বিষয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ উদাহৰণো দাঙি ধৰে। তেওঁ কয়, “যদি কোনো স্থানত খালী মাটি থাকে, তেতিয়া পানী সেই স্থানলৈ গৈ থাকিব পাৰে।”

‘কিন্তু যদি দুই দিন পিছত সেই স্থানত এটা অট্টালিকা নিৰ্মাণ কৰা হয়, তেতিয়া সেই পানীখিনি ক’লৈ যাব’ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে উন্নয়ন গতি আগবাঢ়ি থকালৈকে কৃত্ৰিম বানৰ সমস্যা থাকিবই বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এনে পৰিস্থিতিত তেওঁ যথোপযুক্ত নিষ্কাশণ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমান নিষ্কাশণ ব্যৱস্থা দ্ৰুত নগৰ বিকাশৰ সৈতে খাপ খুৱাব নোৱাৰে। সেয়ে উন্নত নিষ্কাশণ ব্যৱস্থা গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু নিষ্কাশণ ব্যৱস্থাই পানী কিমান দূৰলৈ কঢ়িয়াই নিব পাৰিব, সেয়াও আন এক সমস্যা হ’ব বুলি তেওঁ লগতে কয়।

মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে এই সমস্যা বিশেষকৈ গুৱাহাটী চহৰত দেখা গৈছে। ডিব্ৰুগড় আৰু শিলচৰতো এনেধৰণৰ সমস্যাৰ উদয় হৈছে বুলি আঙুলিয়াই দি তেওঁ লগতে কয় যে উন্নয়ন অতি প্ৰয়োজনীয়, কিন্তু কৃত্ৰিম বানৰ পৰা ৰক্ষা পাবলৈ বহনক্ষম নগৰ পৰিকল্পনাও অত্যন্ত প্ৰয়োজনীয় বুলি দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই সমস্যা সমাধানৰ বাবে এটা উপযুক্ত নিষ্কাশণ ব্যৱস্থা নিৰ্মাণ কৰিব লাগিব বুলি পুনৰ দোহাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে কৃত্ৰিম বানে শেহতীয়া সময়ছোৱাত গুৱাহাটী মহানগৰীত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। এই ভয়াৱহ কৃত্ৰিম বানৰ পিছতে এতিয়া মহানগৰবাসীৰ মাজত অনাগত সময়ক লৈ উদ্বিগ্নতাও বৃদ্ধি পাইছে।

শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? সবিশেষ জানক
ডিঙি আৰু ভৰিৰ বিষ কিয় হয়? জানক ই কোনটো ৰোগৰ লক্ষণ...
এই চাৰিটা অভ্যাসে আপোনাক ফেটি লিভাৰ প্ৰতিৰোধ কৰাত সহায় কৰিব...
টেষ্ট শৃংখলালৈ মাজত কেইটামান দিন, ইংলেণ্ডক এইদৰে সকীয়নি দিলে ৰাহুলে…