চুবুৰীয়া এগৰাকী নাবালিকাৰ সৈতে দীৰ্ঘদিন ধৰি অপকৰ্ম, চাৰি নাবালকক গ্ৰেপ্তাৰ
নাবালিকাক শাৰীৰিক নিৰ্যাতনৰ গোচৰত আটক হৈছে চাৰিগৰাকীক নাবালকক । যোৱা নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰি অভিযুক্তক ।

প্ৰতীকী ছবি
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মানৱ সমাজক শিহৰিত কৰি তোলা এক ঘটনা সংঘটিত হৈছে । নাবালিকাক শাৰীৰিক নিৰ্যাতনৰ গোচৰত আটক হৈছে চাৰিগৰাকীক নাবালকক । যোৱা নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰি অভিযুক্তক । মাৰ্ঘেৰিটাৰ ১ নং আলুবাৰী অঞ্চলত সংঘটিত হৈছিল জঘন্য ঘটনা ।
প্ৰাপ্ত তথ্য অনুসৰি, ১ নং আলুবাৰীৰ চাৰি নাবালকে দীৰ্ঘদিন ধৰি শাৰীৰিক নিৰ্যাতন চলাই আহিছিল ওচৰৰে এগৰাকী কিশোৰীক । ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰে ।
মাৰ্ঘেৰিটা থানাৰ আৰক্ষী অধীক্ষক প্ৰতাপ গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে । মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত অভিযান চলাই চাৰিওকে গ্ৰেপ্তাৰ কৰা হয় ।
আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১২৭ (২)/৭০(২) আৰু POCSO আইনৰ অধীনত ৬৫/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । শুকুৰবাৰে চাৰিওটা নাবালকক মাৰ্ঘেৰিটাৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে । অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে যাৱতীয় আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।
ভুক্তভোগীৰ পৰিয়ালে এই ঘটনাৰ ন্যায় বিচৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তুলিছে । এই ঘটনাই বিভিন্ন স্থানত ক্ৰমাগতভাৱে বাঢ়ি অহা কৈশোৰ অপৰাধৰ ছবিখন স্পষ্ট কৰি তুলিছে ।