সীমান্তত অব্যাহত বাংলাদেশীৰ অনুপ্ৰৱেশ! পুনৰ ৩৩ জন অনুপ্ৰৱেশকাৰীক “PUSHED BACK” …

৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সীমান্তত অব্যাহত বাংলাদেশীৰ অনুপ্ৰৱেশ! পুনৰ ৩৩ জন অনুপ্ৰৱেশকাৰীক PUSHED BACK ...

ভাৰত-বাংলাদেশ সীমান্ত

Published: 

30 Aug 2025 12:33 PM

ৰাজ্যত অবৈধ অনুপ্ৰৱেশকাৰী বিষয়টোৱে সৰ্বাধিক চৰ্চা লাভ কৰাৰ সময়তে ৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দাবী কৰে যে, অসম আৰক্ষীয়ে বাংলাদেশলৈ নতুনকৈ ৩৩ জন অনুপ্ৰৱেশকাৰীক পুচ বেক(PUSHED BACK) কৰিছে।

এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে যে,”সাৱধান ! আমাৰ কঠোৰ প্ৰচেষ্টা অব্যাহত আছে আৰু অনাগত দিনত আৰু অধিক তীব্ৰতৰ হ’ব।” তেওঁ অৱশ্যে কোনটো খণ্ডৰ পৰা তেওঁলোকক পুচ বেক কৰা হৈছে সেই কথা উল্লেখ কৰা নাই। কিন্তু এটা কথা মনকৰিবলগীয়া যে, শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে অধিকাংশ অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা হৈছে।

চলিত সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে, আৰক্ষীয়ে প্ৰতি সপ্তাহত ৭০-১০০ অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে। যোৱা কেইমাহমানত ৪৫০ জনতকৈ অধিক কথিত অবৈধ অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা হৈছে। ৰাজ্য চৰকাৰ অনুপ্ৰৱেশমুক্ত অসমৰ প্ৰতি দায়বদ্ধ বুলি দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে, অলপতে সীমান্তৰে বাংলাদেশীয়ে প্ৰায়ে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ বিষয়টোকলৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয় যে, প্ৰায় দহ বছৰ ধৰি ক্ষমতাত আছে বিজেপি চৰকাৰ। কিন্তু ইয়াৰ পাছতো কেনেকৈ সীমান্ত পাৰ হৈ বাংলাদেশীয়ে অবৈধভাৱে প্ৰৱেশ কৰিছে বুলি প্ৰশ্ন কৰিছিল সাংসদ গৌৰৱ গগৈয়ে।

তেওঁ কয় যে,বিজেপি ক্ষমতাত থকা ১০ বছৰ হ’ল আৰু সীমান্তৰ নিৰাপত্তা ব্যৱস্থাত তীক্ষ্ণ নজৰ ৰাখিছে। ইয়াৰ পাছতো বাংলাদেশীৰ অনুপ্ৰৱেশ হৈ আছে। ইয়াৰ বাবে দায়ী কোন বুলি প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে।

ইফালে কিছুদিন পূৰ্বে  প্ৰায়ে সীমান্তৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰি থকা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি দেশৰ গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। পত্ৰৰ জৰিয়তে অসম-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থাৰ ব্যাপক পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ আহ্বান জনাইছিল বিৰোধী নেতাগৰাকীয়ে।

মৃত ব্যক্তিৰ ফটো ঘৰৰ কোন স্থানত ৰাখিব, মাথোঁ নকৰিব ভুল!
চৰ্বিযুক্ত যকৃতক আওকাণ নকৰিব, প্ৰতিৰোধ কৰাৰ টিপছ জানক
আলুৰ ১০টা উপকাৰী গুণ, জানিলে আচৰিত হ'ব...
সম্পৰ্ক ৰক্ষাৰ মূল মন্ত্ৰ কি? প্ৰেমানন্দ মহাৰাজে ক'লে প্ৰেমৰ প্ৰকৃত অৰ্থ...