খৰাঙত ক্ষতিগ্ৰস্ত কৃষকসকলক জৰুৰী সহায়ৰ নিৰ্দেশ অসম চৰকাৰৰ, পাব এইসমূহ সুবিধা…

সকলো জিলা আয়ুক্তই খৰাং পৰিস্থিতিত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত জৰুৰীভাৱে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে বহু কেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিবে।

খৰাঙত ক্ষতিগ্ৰস্ত কৃষকসকলক জৰুৰী সহায়ৰ নিৰ্দেশ অসম চৰকাৰৰ, পাব এইসমূহ সুবিধা...

অসমৰ কৃষি

Updated On: 

04 Aug 2025 20:23 PM

স্বাভাৱিকতে এইবাৰ বৰষুণ কম হোৱাৰ বাবে খৰাং পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্যৰ কৃষকসকল। এইলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, সকলো জিলা আয়ুক্তই খৰাং পৰিস্থিতিত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত জৰুৰীভাৱে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। য’তেই প্ৰয়োজন হ’ব তাত খৰাং প্ৰতিৰোধৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে মুখ্য সচিবে।

ইয়াৰ লগতে নিৰ্দেশনাত কোৱা হৈছে যে, কৃষি বিভাগে কম সময়ৰ ভিতৰত ফচল হ’ব পৰা বীজ যোগান ধৰিব লাগিব কৃষকক । বিভিন্ন প্ৰকাৰৰ বীজ কৃষি বিভাগৰ হাতত মজুত থাকিবই লাগিব। খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱা কৃষকক সহায় কৰিবলৈ সাজু থাকিব লাগিব জিলা কৃষি বিষয়াসকল। প্ৰধানমন্ত্ৰীৰ ফচল বীমাৰ অধীনত কৃষকে সহায় পোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিবে।

একেদৰে বীমা কোম্পানী সমূহে জিলা, ব্লক পৰ্যায়ত বিশেষ কাউন্টাৰ স্থাপন কৰিব লাগিব। ফচল বীমাৰ বাবে কৃষকক সজাগ কৰিব লাগিব। ৩১ জুলাইৰ পৰিবৰ্তে ২০ আগষ্টলৈ ফচল বীমাৰ নাম ভৰ্তিৰ দিন বৃদ্ধি কৰাৰ নিৰ্দেশ। SDRF ৰ নীতি অনুসৰি খৰাং পৰিস্থিতিত ক্ষতিগ্ৰস্ত কৃষক পৰিয়ালক সাহায্য প্ৰদানৰ নিৰ্দেশ দিছে মুখ্য সচিবে।

ইফালে,পশুধনৰ বাবে পানী নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, জিলা আয়ুক্তসকলে সকলো দিশত সমন্বয়কৰ ভূমিকা পালন কৰিব লাগিব।

বৃক্ক সংক্ৰমণৰ এই সাধাৰণ লক্ষণবোৰ একেবাৰে আওকাণ নকৰিব
বহু চেষ্টাৰ পিছতো হাতত ধন নাথাকে নেকি আপোনাৰ? আঁৰত থাকিব পাৰে বাস্তুৰ এই দোষ
নিশা কৰক এই কাম! হাতলৈ আহিব ধন, খোল খাব ভাগ্যৰ দুৱাৰ...
ৰাতিৰ আহাৰ সোনকালে খোৱাটো কিয় প্ৰয়োজন? ৰোধ কৰিব পাৰিব এইসমূহ সমস্যা